Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 14 June, 2022 5:58 PM IST
PPR and Enterotoxaemia Disease of Goat

অসমৰ গ্ৰাম্য অৰ্থনীতিত ছাগলী পালনৰ ভূমিকা অতীজৰে পৰা অপৰীসীম। যিহেতুকে ছাগলী পালন কৰিবলৈ কমকৈ হলেওঁ ৪-৫ জনীৰ বাবে বহল পৰিসৰৰ প্ৰয়োজন নাই। তদুপৰি থলুৱা তৃণ-তৰু যেনে কঠালপাত, ডিমৰুপাত, সৌৰাগছৰ পাত আৰু অন্যান্য গছৰ পাতেৰে সহজে খাদ্যখিনি যোগাৰ হয়। অৱশ্যে বহল ভিত্তিত পালন কৰিবলৈ পৰ্যাপ্ত চৰনীয়া পথাৰ, উন্নত জাতৰ ঘাঁহৰ খেতিৰ প্ৰয়োজন।

অন্য জন্তুৰ তুলনাত ছাগলীৰ বেমাৰ আজাৰ ক’ম। সময়মতে চিকিৎসকৰ লগত সম্পৰ্ক ৰাখি পেলু দৰব, লিভাৰ তথা ভিটামিনযুক্ত দৰবকন খুৱাই থাকিলে শৰীৰ বৰ্দ্ধনত কোনো অসুবিধা নাই। যিহেতুকে ছাগলী মাংসৰ চাহিদা যথেষ্ট বেছি গতিকে বিজ্ঞানসন্মতভাৱে ছাগলী পালনৰ জৰিয়তে একোজন পালকে আৰ্থিক অৱস্হা টনকিয়াল কৰিবলৈ সুচল।

কিন্তু কাৰ্যক্ষেত্ৰত দেখা যায় যে বহু পালকে ওপৰৰ উল্লেখিত পেলু দৰব বা লিভাৰ টনিক প্ৰায়ে খুৱায়, কিন্তু ছাগলীৰ অতিকৈ মাৰত্মক দুটামান বেমাৰৰ সম্পৰ্কে অজ্ঞতাৰ বাবেই হওক অথবা অৱহেলাৰ বাবে বহু ছাগলীৰ হানি হয়। গতিকে ছাগলীৰ প্ৰাণনাশক দুটি বেমাৰ সম্পৰ্কে সংক্ষিপ্তকৈ বৰ্ণনা কৰিবলৈ লৈছো। সাম্প্ৰতিক সময়ত তেনে দুবিধ বেমাৰ হ’ল-

  • পি. পি. আৰ (Peste-des-petits-Ruminants)

  • এণ্টাৰ’টক্সিমিয়া ((Enterotoxaemia)

পি. পি. আৰঃ

মৰবিলি নামৰ ভাইৰাচৰ দ্বাৰা সৃষ্ট অতিকৈ সংক্ৰমাক এই বেমাৰবিধক ছাগলীৰ প্লেগ বেমাৰ বুলি অভিহিত হৈছে। যি বিশেষকৈ ছাগলী আৰু ভেৰাক সহজে আক্ৰান্ত কৰে।

বেমাৰ বিধৰ সংক্ৰমণ প্ৰধানকৈ আক্ৰান্ত ছাগলীৰ স্বাস-প্ৰস্বাস, হাচি কাহৰ মাধ্যমেৰে সুষ্ঠখিনিলৈ দ্ৰুতভাৱে বিয়পে। লগতে আক্ৰান্তৰ মল-মুত্ৰৰ দ্বাৰাও সুষ্ঠখিনি আক্ৰান্ত হয়।

লক্ষণসমূহঃ

  1. শৰীৰৰ উত্তাপ ১০৪ ডিগ্ৰীৰ ৰ পৰা ১০৬ ডিগ্ৰী বাঢ়ে।

  2. নাক আৰু চকুৰ পৰা অহৰহ জুলীয়া পদাৰ্থ নিগৰে।

  3. চকু ৰঙা পৰে আৰু পৰৱৰ্তী সময়ত ফেচকুৰি মিশ্ৰিত পুজ বাহিৰ হয়।

  4. পাকস্তলীত Ulcer হোৱা হেতুকে মুখৰ কোমল অংশত ঘাঁ লাগে, লগতে বহু পৰিমাণে লেলাৱতি নিগৰে।

  5. নিশ্বাস দুৰ্গন্ধযুক্ত হয়।

  6. চকু কনজাংক্টিভাইটিছ হৈ দুই চকু পতা বন্ধ হয়।

  7. একেবাৰে অন্তিম পৰ্যায়ত নিউমোনিয়াৰ লক্ষণ দেখুৱায় আৰু শ্বাসনলীৰ ৰোগত জন্তুটিৰ মৃত্যু হয়।

  8. জ্বৰ দেখা দিয়া তিনি চাৰি দিন পিছত ডায়েৰীয়াৰ লগতে তেজ-শাও নিৰ্গত হৈ ডিহাইড্ৰেচনত ভূগি জন্তুটিৰ মৃত্যু হয়।

  9. গৰ্ভাৱস্হাত থকা ছাগলীৰ ক্ষেত্ৰত বিনচ্ (Abortion) হোৱা পৰিলক্ষিত হয়।

চিকিৎসা বিধানঃ

এনে ভাইৰাচজনিত বেমাৰৰ নিৰ্দিষ্ট ফলপ্ৰসু চিকিৎসা বিধান নাই। তথাপিওঁ লক্ষণৰ ওপৰত ভিত্তি কৰি-চেলাইন, এণ্টিমাইক্ৰবিয়েল, মিৰাপি, ভিটামিন যুক্ত বেজি, পৰ্যাপ্ত নেমুজাতীয় লেমন জুইচ খুওৱাটো দৰকাৰ।

গতিকে ছাগলী পালকসকলৰ প্ৰতি প্ৰতিকাৰ সম্পৰ্কে জনাও-ছাগলী পোৱালি জন্মৰ তিনি মাহৰ পিছতে ৰক্সা পি পি আৰ (Raksha PPR) ভেকচিনবিধ দিওঁৱাৰ ব্যৱস্হা কৰাটো দৰকাৰ। ডাঙৰবোৰক উক্ত ছিটাবিধ বছৰি দিওৱাৰ অত্যন্ত দৰকাৰ।

এণ্টাৰটক্সিমিয়া (Enterotoxamia):

এইবিধ বেমাৰ মূলতঃ Clostridium Perfringens নামৰ এবিধ বেক্টেৰিয়াজনিত বেমাৰ। ভৰতবৰ্ষত ছাগলী আৰু ভেৰাৰ বাবে ই এক ঘাটক বেমাৰ। যিহেতুকে এই বেমাৰৰ জীবানুৱে অন্ননলীত বীটা আৰু এপচিলননামৰ দুবিধ বিহজাতীয় কাৰকৰ সৃষ্টি কৰে যাৰ ফলত ছাগলী, ভেৰা আৰু লগতে অন্যান্য তৃণভোজী জন্তু আক্ৰান্ত হয়। ছাগলীৰ ক্ষেত্ৰত চিকিৎসা বিধান পোৱাৰ আগতে তাৎক্ষণিকভাৱে মৃত্যু হয়।

লক্ষণসমূহঃ আক্ৰান্ত হোৱাৰ ৩৬ ঘণ্চাৰ ভিতৰতে মৃত্যু হয়।

  1. প্ৰাৰম্ভিক স্তৰত গাখীৰৰ উৎপাদন হঠাতে কমি যায়।

  2. খাবলৈ মন নকৰা।

  3. পেটৰ বিষত ছটফটাই।

  4. জুপুকা মাৰি থাকে।

  5. তেজ মিশ্ৰিত ডায়েৰিয়া হয়।

  6. দুৰ্বল হয় আৰু অৱশ হৈ মৃত্যু মুখত পৰে।

চিকিৎসা বিধান হিচাপেঃ

টেট্ৰাচাইকিনন জাতীয় ঔষধ, ছাফামেজামিন জাতীয় ঔষধ প্ৰয়োগ কৰিলে সুফল পোৱা যায়।

প্ৰতিকাৰ ব্যৱস্হা হিচাপেঃ

ছাগলীপালক সকলে ছাগলীৰ পোৱালি ৬ মাহ বয়স প্ৰাপ্ত হলে E.T. Vaccine বিধ দিয়াৰ ব্যৱস্হা কৰিব লাগে। পুনৰ ৬ মাহৰ অন্তৰত বছৰি ২ টা ভেকচিন দিয়াটো অতি দৰকাৰ।

ডাঃ নৃপেন খাউণ্ড

অৱসৰপ্ৰাপ্ত সহকাৰী সঞ্চালক, পশু চিকিৎসক

ফোন-৯৪৩৫৩৫১০০৮

লগতে পঢ়ক-ছাগলী পালনঃ নিবনুৱা সকলৰ জীৱিকাৰ এটি পথ-

English Summary: Deadly PPR and Enterotoxaemia Disease of Goat
Published on: 13 June 2022, 05:12 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now