Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 24 September, 2022 5:17 PM IST
Quail farming tips

সম্প্ৰতি বিভিন্নজন লোকে বটা চৰাই পালন কৰিবলৈ আগবাঢ়ি অহা দেখিবলৈ পোৱা গৈছে। কণী আৰু মাংসৰ বাবে সাধাৰণতে সাধাৰণতে এই বটা চৰাইসমূহ পালন কৰা হয়। বৰ্তমান সময়ত পক্ষীজ্বৰৰ দৰে মহামাৰীয়ে কুকুৰা পালন উদ্যোগটোৰ যথেষ্ট ক্ষতি সাধন কৰে। ইয়াৰ বিকল্পৰ সন্ধান অতি জৰুৰী হৈ পৰিছে। এই সকলো বিলাক দিশ চালি-জাৰি চাই, কম খৰচত অধিক বিভিন্নজনে বেমাৰ-আজাৰে সহজে অনিষ্ট কৰিব নোৱাৰা বতা চৰাই পালনত গুৰুত্ব আৰোপ কৰিবলৈ ধৰিছে। বতা চৰাইৰ ভিন ভিন প্ৰজাতিৰ আছে যদিও পাম এখনত সাধাৰণতে জাপানী বতা চৰাই (Japanese quail) পালন কৰা হয়। জাপানী বতা চৰাই পৃথিৱী বিখ্যাত আৰু ইয়াৰ ব্যৱসায়িক ভিত্তিত পালন প্ৰথম জাপানতেই আৰম্ভ হৈছিল, যদিও বৰ্ত্তমান সমগ্ৰ পৃথিৱী জুৰি ই প্ৰসাৰতা লাভ কৰিছে। এই চৰাইবোৰ আকাৰত সৰু যদিও কণী আৰু মাংস উৎপাদনৰ বাবে ব্যৱসায়িক ভিত্তিত ইয়াক পালন কৰি লাভৱান হ’ব পাৰি। বতা চৰাইৰ কণী আৰু মাংস কুকুৰাৰ কণী আৰু মাংসৰ তুলনাত উচ্চ গুণ সম্পন্ন বুলি বিজ্ঞানী মহলে কব খোজে।

বতা চৰাইৰ কণীত ক’লেষ্টেৰলৰ (cholesterol) মাত্রা কম হোৱা বাবে ই স্বাস্থ্যৰ বাবে বেছি উপকাৰী আৰু ইয়াৰ মাংস কুকুৰাৰ মাংসতকৈ বেছি সোৱাদ যুক্ত। বতা চৰাইৰ কণী আৰু মাংস গর্ভৱতী মহিলাৰ বাবে অতি পুষ্টিকাৰক খাদ্য। কুকুৰাৰ কণীৰ তুলনাত বতা চৰাইৰ কণীত থকা ক’লেষ্টেৰল (cholesterol)ৰ পৰিমাণ যথেষ্ট কম – প্ৰায় তিনিভাগৰ এভাগ; আনহাতে ভিটামিন এ (Vitamin A) প্ৰায় তিনিগুণ বেছি থাকে। বতা চৰাইৰ কণীত ১৩ শতাংশ প্র’টিন (Protein) থকাৰ বিপৰীতে কুকুৰাৰ কণীত ইয়াৰ পৰিমাণ হ’ল ১১ শতাংশ। গতিকে এনেবোৰ গুণ থকাৰ বাবেই বতা চৰাইৰ চাহিদা বৃদ্ধি পাইছে বজাৰত। যাৰ প্ৰতি লক্ষ্য ৰাখি আপুনিও বতা চৰাইৰ  পালন কৰি লাভান্বিত হ’ব পাৰে।

লগতে পঢ়ক- ৫৯ বছৰ বয়সতো বছৰি ২ লাখ টকা উপাৰ্জন ডিমাকুছিৰ বিষ্ণু খড়েলৰ

ব্যৱসায় ভিত্তিত পালনৰ বাবে আৱশ্যকীয় সা-সৰঞ্জামঃ

সজা : ৫ ফুট দীঘল, ৩ ফুট বহল, ১ ফুট সজা এটা জালেৰে বনাব লাগিব । এনেকুৱা একোটা সজাত ৫০ টা বতা চৰাই ৰাখিব পাৰি।  প্ৰয়োজনীয়তা অনুসৰি কেবাটাও স্তৰ বনাব পাৰি । যদি পোৱালি উৎপাদন কৰিবলৈ হ'লে incubatorযন্ত্ৰৰ প্ৰয়োজন হ'ব । ইয়াৰ জৰিয়তে একেলগে বহুতো কণী পৰাব পাৰি । অৱশ্যে মিনি incubator বজাৰত পোৱা যায় ।

কণীৰ উৎপাদনঃ

বতা চৰায়ে প্ৰথম বছৰত প্ৰায় ২৮০ টা কণী পাৰে। কিন্তু দ্বিতীয় বছৰৰ পৰা উৎপাদন কমি আহে। প্ৰায় ডেৰ বছৰ বয়স হ’লে ইয়াক মাংসৰ কাৰণে বিক্ৰী কৰিব পাৰি । বতা চৰাই সৰু যদিও এযোৰ পাৰ চৰাইৰ তুলনাত এযোৰ বতা চৰাইৰ পৰা অধিক মাংস পোৱা যায়। সৰু ল’ৰা-ছোৱালী, গৰ্ভৱতী মহিলা, ৰোগীৰ কাৰণেও ই পুষ্টিকৰ খাদ্য ।

বতা চৰাই পালন কৰাৰ সুবিধা-

  • ই যিহেতু সৰু চৰাই, সেয়েহে কম ঠাইতে ইয়াক পালন কৰিব পাৰি।
  • কম মূলধনৰ প্ৰয়োজন।
  • মহিলাসকলে সহজে ইয়াক পালন কৰি আত্মনিৰ্ভৰশীল হ’ব পাৰে।
  • পাঁচ সপ্তাহত ই বিক্ৰীৰ কাৰণে উপযুক্ত হয়।
  • কমদিনতে ই যৌৱনপ্ৰাপ্ত হয় আৰু ৬-৭ সপ্তাহত কণী পাৰিবলৈ আৰম্ভ কৰে।
  • কণী সৰু যদিও কুকুৰা কণীৰ দৰে একে মূল্যমানৰ।
  • খাদ্য তথা আনুষংগিক খৰচ কম কাৰণে অতি সামান্য মূলধনেৰে বতা চৰাইৰ ফাৰ্ম এখন খুলিব পাৰি।

লগতে পঢ়ক- দুটা ছাগলীৰে আৰম্ভ কৰা ফাৰ্মখনৰ পৰা এতিয়া বছৰি উপাৰ্জন হয় ৩ লাখ টকা

English Summary: Commercial quail farming tips
Published on: 24 September 2022, 05:15 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now