হাপা পদ্ধতিত মাছৰ প্ৰজনন কৰাৰ বাবে প্ৰজনন হাপা আৰু ভ্ৰূণ পোনা জন্ম পাবৰ বাবে হেচ্ছিং হাপা ব্যৱহাৰ কৰা হয়। প্ৰজনন হাপাটো নাইলনৰ মিহি সুঁতাৰে তৈয়াৰী জালৰ পাহি কটা আঁঠুৱাসদৃশ এবিধ সঁজুলি। ইয়াৰ তিনিওফালৰ মুখকেইখন বন্ধ হয়, কিন্তু ওপৰফালৰ মুখখন খুলি ৰখা হয় আৰু ইচ্ছামতে বন্ধ কৰিব পৰা যায়। প্ৰজননক্ষম মতা-মাইকী মাছবোৰ এই হাপাত এৰি দিয়াৰ পাছত ওপৰ ফালটোও আবৃত কৰি দিয়া হয়।
প্ৰায় সমান ওজনৰ দুটা মতা মাছৰ বিপৰীতে এজনী মাইকী মাছ এটা প্ৰজনন হাপাত ৰখা হয়। হাপাটোৰ আয়তন ৩.৫ মিঃ x ১.০ মিঃ x ১.০ মিঃ হ’লে ৪ কিলোগ্ৰাম ওজনৰ প্ৰজননক্ষম মাছ ইয়াত ৰাখিব পাৰি। সৰু আকৃতিৰ মাছ যেনে- কুঢ়ি, মালি, ভাঙোন আদি মাছৰ ২-৪ কিঃ গ্ৰাঃ ওজনৰ প্ৰজননক্ষম মাছৰ বাবে হাপাৰ আয়তন হ’ল ২.৫ মিঃ x ১.২৫ মিঃ x ১.০ মিঃ। প্ৰজননক্ষম হাপাটো বাম পুখুৰীত অথবা ধীৰে ধীৰে বৈ যোৱা আৰু পানীৰ সোঁত কম হোৱা নদীৰ দাঁতিত বাঁহৰ খুটা পুতি ওপঙাই ৰখা হয়। হাপাৰ ওপৰৰ অংশ প্ৰায় ১২-১৮ ছেঃ মিঃ পানীৰ ওপৰত ওপঙাই ৰাখিব লাগে আৰু হাপাৰ তলভাগ পানীৰ তলত ডুব যোৱাকৈ থাকিব লাগে যদিও পুখুৰীৰ তলৰ বোকা অংশত যাতে লাগি নাযায় তাৰ বাবে যত্ন লোৱা উচিত।
হেচ্ছিং হাপা তিনিওফালে বন্ধ আঁঠুৱাৰ দৰে সঁজুলি। ইয়াত দুটা তৰপ থাকে। বাহিৰৰ তৰপটো নাইলনৰ সূতাৰে তৈয়াৰী আৰু ভিতৰৰ ফালটো কপাহী সূতাৰে তৈয়াৰী আঁঠুৱাৰ নেটেৰে গঠিত। ব্ৰিডিং হাপাত উৎপন্ন হোৱা নিষিক্ত কণীবোৰ কিছু পানীৰে সৈতে তুলি আনি কণী ফুটাৰ বাবে ৰখা হেচ্ছিং হাপাৰ ভিতৰৰ কোঠাত দিয়া হয়। উষ্ণতাৰ ওপৰত ভিত্তি কৰি ১৬-২০ ঘণ্টাৰ ভিতৰত কণীৰ পৰা ভ্ৰূণপোনা ওলায়। ভ্ৰূণপোনা হেচ্ছিং হাপাৰ ভিতৰৰ কক্ষৰ পৰা বাহিৰৰ কক্ষলৈ যায় আৰু গোটেইবোৰ মীনপোনা স্থানান্তৰ হোৱাৰ পাছত হেচ্ছিং হাপাৰ ভিতৰৰ কক্ষটো আঁতৰাই আনিব লাগে। এই হেচ্ছিং হাপাৰ ভিতৰৰ কক্ষটোত কণীৰ খোলা আৰু বেয়া হোৱা কণীবোৰ থাকে। কণীৰ পৰা ফুটি পোনা ওলোৱাৰ তিনিদিন পাছত এই ভ্ৰূণ মীন পোনাবোৰ নাৰ্ছাৰী পুখুৰীলৈ নিয়া হয়।
প্ৰজনন হাপা আৰু হেচ্ছিং হাপা স্থাপন কৰি পুখুৰীত কৰা মাছৰ আৱিষ্ট প্ৰজনন কৌশলত পিটুইটাৰী গ্ৰন্থি অথবা হৰম’ন অন্তঃক্ষেপণৰ জৰিয়তে মাছ প্ৰজনন কৰিব পৰা যায়, যদিও পূৰ্ণ প্ৰজননৰ বাবে ডাৱৰীয়া বতৰ, অনুকূল তাপমাত্ৰা আৰু চিপচিপীয়া বৰষুণ বেছি ফলদায়ক। আনহাতে পানীৰ অনিয়ন্ত্ৰিত তাপমানৰ বাবে ভ্ৰূণৰ বিকাশ বাধাপ্ৰাপ্ত হোৱাৰ ফলত হেচ্ছিং হাপাতেই নিষিক্ত কণী নষ্ট হয়। সেইবাবে মাছৰ নিষিক্ত কণীৰ পৰা পোনা উৎপাদন নিশ্চিত কৰাৰ বাবে কেইবাটাও পোনা জগোৱা আহিলা বা হেচ্ছাৰি ওলাইছে। ইয়াৰ মূলতত্ত্ব হৈছে পানীৰ সোঁত সৃষ্টি কৰা আৰু প্ৰয়োজনসাপেক্ষে পানীৰ উষ্ণতা অনুকূল পৰিসৰত ৰখা। এইবোৰৰ ভিতৰত-
(১) গ্লাছজাৰ হেচ্ছাৰী।
(২) চি আই এফ ই দ্বিবেদী (দি-৮০/৮১/৮৫)
(৩) ইক’কাৰ্প হেচ্ছাৰী আদিয়ে প্ৰধান।
গ্লাছজাৰ হেচ্ছাৰীৰ দ্বাৰা পোনা উৎপাদনঃ
এই হেচ্ছাৰীৰ তিনিটা ভাগ থাকে আৰু সেইবোৰ হ’ল- ৫০০০-১০,০০০ লিটাৰ পানী ধৰা উত্তোলিত জলধাৰা, কণী ৰাখিবৰ বাবে প্ৰায় ৬.৩৫ লিটাৰ পানী ধৰা ২০-২৪ টা মান গ্লাছেৰে নিৰ্মিত জাৰ আৰু দুটা পকী চৌবাচ্ছা য’ত দুটাকৈ হাপা ৰাখি স্প’নবোৰ একত্ৰিত কৰি ৰাখিব পাৰি।
জলধাৰাটো ওখ স্থানত স্থাপন কৰি ইয়াৰ কাষতে নলী-নাদ বহুৱাই বা পুখুৰীৰ পৰা পাম্পেৰে জলধাৰালৈ পানী তোলা হয়। জলধাৰাৰ পানী ৩২ মিঃ মিঃ জি আই বা পি ভি চি পাইপেৰে ভিতৰলৈ আনি তাৰ পৰা ২০-২৫ মিঃ মিঃ শাখা নলীৰে এক মিটাৰ ওখ চাঙত শাৰী শাৰীকৈ সজাই থোৱা চুঙাবোৰৰ তলৰ সংযোগ স্থলত লগাই দিব লাগে। গ্লাছজাৰটো ৬.৩৫ লিটাৰ পানী ধৰা এটা পাত্ৰ আৰু তলৰ পিনে জোঙা হয়। এনেকুৱা ২০-২৪টা চুঙা শাৰী শাৰীকৈ ক্লেম্পৰ সহায়ত পাতি লোৱা হয়। তলৰ পিনেৰে পানী সোমাই ওপৰৰ কটা ঘাটেৰে পানী ওলাই যাব পাৰে। এতিয়া চুঙাবোৰ এনেকৈ সজোৱা হয় যাতে আটাইবোৰ চুঙাৰ পৰা পানীবোৰ এখন নাওৰাত পৰি তাৰ পৰা আকৌ কাষতে থকা পকা চৌবাচ্ছালৈ যাব পাৰে। পকী চৌবাচ্ছাৰ আকাৰ হ’ল ২৪০ ছেঃ মিঃ x ২১০ x ছেঃ মিঃ x ১০০ ছেঃ মিঃ। চৌবাচ্ছাৰ ওপৰত হাপা তৰিব পৰাকৈ আঙুঠি লগোৱা থাকে আৰু প্ৰতি চৌবাচ্ছাত চাৰিটাকৈ পানীৰ চাবুৰি লগোৱা থাকে। প্ৰত্যেক জাৰত ২৫,০০০ টাকৈ কণী দি তলৰ পাইপবোৰ খুলি দিলে জাৰটোৰ ভিতৰত এটা পানীৰ সোঁতৰ সৃষ্টি হ’ব আৰু চাব লাগিব যাতে পানীৰ সোঁত প্ৰতি মিনিটত এক মিটাৰৰ বেছি নহয়। অন্যথাই ওপৰৰ কটা ঘাটেৰে কণীবোৰ ওলাই যাব। পানীৰ উষ্ণতাৰ ওপৰত নিৰ্ভৰ কৰি ১৪-১৫ ঘণ্টাৰ মূৰত কণীবোৰ ফুটি ওলাব আৰু পোনাবোৰ চুঙাৰ মুখৰ কটা ঘাটেৰে ওলাই আহি নাওৰাৰে চৌবাচ্ছাটোত পাতি থোৱা হাপাত পৰিব। হাপাত তিনিদিন ৰখাৰ পাছত স্প’নবোৰ বিক্ৰী অথবা নাৰ্ছাৰী পুখুৰীলৈ স্থানান্তৰ কৰা হয়।
লগতে প্ৰবন্ধঃ মাছৰ পুষ্টিগুণ আৰু থাওঁকতে মৎস্য উৎপাদনৰ সম্ভাবনীয়তা
ড০ ধ্ৰুৱজ্যোতি শৰ্মা
ড০ সঞ্জয় শৰ্মা