Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 21 May, 2022 1:55 PM IST
বৈজ্ঞানিক ভিত্তিত ব্ৰইলাৰ ফাৰ্ম

কেৱল মাত্ৰ মাংসৰ বাবে প্ৰতিপালন কৰা ব্ৰইলাৰ হৈছে এবিধ উন্নতমানৰ অতি সোনকালে বাঢ়িব পৰা ক্ষমতা থকা কুকুৰা, যিবোৰে উপযুক্ত প্ৰতিপালনত মাত্ৰ ৭/৮ সপ্তাহ বয়সত ১.৫ ৰ পৰা ২ কেজি পৰ্যন্ত ওজন হয়৷ সেয়েহে বৰ্ধিত জনসংখ্যা, অভূতপূৰ্ব নিবনুৱা সমস্যাই জৰ্জৰিত কৰা অসম তথা ভাৰতবৰ্ষত এই ব্ৰইলাৰ কুকুৰা পালন এক লাভজনক ব্যৱসায় হিচাপে ইতিমধ্যে প্ৰতিষ্ঠা লাভ কৰিছে৷

ফাৰ্মৰ বাবে স্থান নিৰ্বাচন আৰু ঘৰ দুৱাৰ নিৰ্মাণ -

কুকুৰাৰ ঘৰ নিৰ্মাণ এখন ওখ, শুকান, ৰ’দ পৰা, পানী, বিজুলী, যান-বাহন আৰু বজাৰৰ সুব্যৱস্থা থকা ঠাই হোৱা উচিত৷ স্থানীয় সামগ্ৰীয়ে তৈয়াৰ কৰা ঘৰটো ভেটিৰ পৰা ৩ ফুট ওখলৈ সম্পূৰ্ণ বেৰ দি ওপৰৰ অংশত বাহঁ, তাৰঁৰ জালি আদিৰে আবদ্ধ কৰি দিব লাগে৷ মজিয়াখন পকা হ’লে ভাল হয়৷ ঘৰটো সম্পূৰ্ণ হোৱাৰ পিছত কীটনাশক ছটিয়াই পৰিস্কাৰ কৰি ল’ব লাগে৷

শুকান ডাঠ মাটিৰ ওপৰত ২-৩ ইঞ্চিমান তুঁহ গুৰি বা কাঠৰ গুৰি পাৰি দি লিটাৰ প্ৰস্তুত কৰিব পাৰি৷ প্ৰতিটো ব্ৰইলাৰৰ বাবে ১ বৰ্গফুটকৈ মজিয়াৰ জোখত ঘৰটো নিম্ৰ্মাণ কৰা হয়৷ প্ৰতিটো কোঠাত ২৫০-৩০০ টাতকৈ অধিক কুকুৰা নৰখাই ভাল৷ এদিনীয়া পোৱালীবোৰ ৭-৮ সপ্তাহলৈ ৰাখি বিক্ৰি কৰাৰ পিছত, ঘৰটো ১০-১৫ দিন খালি কৰি ৰাখিব লাগে৷ এই সময়ছোৱাত কুকুৰা ঘৰটো পৰিস্কাৰ কৰি পুনৰ বীজাণুনাশক দ্ৰব্য ছটিয়াব লাগে৷

পোৱালী ৰখা ঘৰ -

এদিনীয়া পোৱালীবোৰ পামলৈ অনাৰ পিছতেই বিশেষভাৱে নিৰ্মাণ কৰা বুডাৰ বা তোলনীয়া ঘৰত ৰখা হয়৷ এই সময়চোৱাত এটা বুডাৰত ৬০ ৱাট ক্ষমতাৰ ৪ টা বাল্ব জ্বলাই ৰাখিব লাগে৷ বুডাৰৰ চাৰিওফালে চিক্ৰ্গাড লগোৱাৰ ব্যৱস্থা কৰিব লাগে যাতে পোৱালীবোৰ বুডাৰৰ পৰা বাহিৰ ওলাই যাব নোৱাৰে৷ বুডাৰৰ ভিতৰতে পানী আৰু দানা ৰখাৰ ব্যৱস্থা কৰিব লাগে৷ ছয় ফুট দীঘল আৰু চাৰি ফুট বহল এটা কাঠৰ বুডাৰত ৩৫০টা পোৱালী ৰাখিব পৰা যায়৷

পোৱালী জন্মাৰ প্ৰথম সপ্তাহত বুডাৰ উষ্ণতা ৯৫ ডিগ্ৰী ফাৰেণহাইট আৰু পিচত প্ৰত্যেক সপ্তাহত অন্তত ৫ ডিগ্ৰী ফাৰেণহাইটতকৈ কমাই ৪ সপ্তাহৰ শেষত কৃত্ৰিম উত্তাপ দিয়াৰ প্ৰয়োজন নহয়৷ জাৰকালি পাৰিপাশ্বিক উষ্ণতা ১০ ডিগ্ৰী চেন্টিগ্ৰেডতকৈ কম হ’লে কুকুৰাঘৰৰ আটাইবোৰ লাইট জ্বলাই ৰাখিব লাগে৷ অন্যথাই দিনৰ ভাগত লাইটবোৰ জ্বলাই ৰখাৰ প্ৰয়োজন হয়৷ প্ৰথম চাৰিদিন লিটাৰখিনিৰ ওপৰত খবৰ কাগজ পাৰি দিব লাগে যাতে পোৱালীবোৰে লিটাৰ খাব নোৱাৰে৷

দানা পানীৰ যোগান -

দানা যোগানৰ বাবে দীঘলীয়া বা ঘূৰণীয়া দানাৰ পাত্ৰ ব্যৱহাৰ কৰিব পাৰি৷ দুসপ্তাহ বয়সলৈকে প্ৰত্যেক পোৱালীকে দীঘলে ২.৫ চে:মি: ঠাইৰ প্ৰয়োজন৷ সেইদৰে ৩-৬ সপ্তাহলৈ ৫ চে:মি: আৰু সপ্তম সপ্তাহৰ পৰা ৭.৫ চে:মি: ঠাইৰ প্ৰয়োজন ৷ ব্ৰইলাৰক ৫ সপ্তাহ বয়সলৈ ষ্টাৰ্টৰ দানা আৰু তাৰ পিছত ফিনিছাৰ দানা খুৱাব লাগে৷

প্ৰথম তিনিদিন পোৱালীক দানাৰ পাত্ৰ পূৰাকৈ, পিচৰ সাতদিন পাত্ৰৰ আধালৈকে আৰু তাৰ পিছত পাত্ৰটোৰ এক-তৃতীয়াংশ পূৰ হোৱাকৈ দানাৰ যোগান ধৰিব লাগে৷ ব্ৰইলাৰ কুকুৰাক প্ৰচুৰ পৰিমাণে নিৰ্মল পানী যোগান ধৰা উচিত৷ প্ৰত্যেক ১০০ ব্ৰইলাৰৰ বাবে প্ৰথম দুই সপ্তাহত ২ লিটাৰ আৰু তাৰ পিচত প্ৰত্যেক সপ্তাহত ২ লিটাৰকৈ যোগ কৰি গ’লেই ইয়াৰ বাবে লাগতিয়াল পানীৰ জোখ উলিয়াই লব পাৰি৷

ব্ৰইলাৰ পালনত মনত ৰাখিবলগীয়া কথা -

ব্ৰইলাৰ কুকুৰা পালনৰ বাবে এদিনীয়া পোৱালীবোৰ সদায় কোনো নিৰ্ভৰ যোগ্য প্ৰতিষ্ঠানৰ পৰাহে সংগ্ৰহ কৰিব লাগে৷ প্ৰথম দুসপ্তাহ সময় পোৱালীবোৰক সঘনাই পৰিদৰ্শন কৰি থাকিব লাগে৷ এই সময়ছোৱাত মৃত্যুৰ হাৰ আটাইতকৈ অধিক৷ দিনটোৰ দানা এক-তৃতীয়াংশ পুৱাৰ ভাগত, এক-তৃতীয়াংশ দুপৰীয়াৰ ভাগত আৰু বাকীখিনি সন্ধিয়ালৈ দিব লাগে৷

এজাক পোৱালী বিক্ৰী কৰাৰ পিছত ব্ৰইলাৰ ঘৰটো দুসপ্তাহ সময় খালী ৰাখিব লাগে৷ মন গলেই খাব পৰাকৈ পানীৰ যোগান অব্যাহত ৰাখিব লাগে৷ পশু চিকিৎসকৰ পৰামৰ্শ অনুযায়ী সময়মতে বিভিন্ন ৰোগৰ চিটা সমূহ দিব লাগে৷ বাহিৰৰ দৰ্শকক পামৰ ভিতৰত প্ৰৱেশ কৰিব দিব নালাগে৷ প্ৰৱেশ পথত ফেনাইল দ্ৰৱ ৰখাৰ ব্যৱস্থা কৰিব লাগে যাতে জোতা-চেন্দেল আদি তিয়াই পামত সোমাব পাৰে৷ প্ৰত্যেক সপ্তাহত লিটাৰখিনি ভৰি বা জেং কোৰ এখনেৰে তল-ওপৰ কৰি ভাঙি দিব লাগে৷ ৰোগাক্ৰান্ত কুকুৰাক ততালিকে জাকৰ পৰা আতৰাই পশু চিকিৎসকৰ পৰামৰ্শ লব লাগে৷

উৎস :- অসম কৃষি বিশ্ববিদ্যালয় (সংগৃহীত)

লগতে পঢ়ক-লোকেল মুৰ্গী পালনেৰে উপাৰ্জনৰ সুযোগ-

English Summary: Broiler Farming in Scientific Way
Published on: 21 May 2022, 01:54 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now