Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 20 April, 2022 11:06 AM IST
মাছৰ পোনা

মৎস্য পালনত আটাইতকৈ গুৰুত্বপূৰ্ন উপাদান হ’ল মাছ পোনা। উন্নত তথা প্ৰ্কৃত গুনাগুনসমম্পন্ন মাছ পোনা ব্যৱহাৰৰ দ্বাৰা মাছৰ উৎপাদন বঢ়াব পাৰি।এই গুনসম্পন্ন মাছ পোনা উৎপাদনৰ ক্ষেত্ৰত আমাৰ মীনপালকসকলে গুৰুত্ব দিব লাগে।এই নিবন্ধত মাছ পোনা উৎপাদনৰ বিভিন্ন পদ্ধতি সম্বন্ধে আলোকপাত কৰিম।

সাধাৰনতে আমি চাৰি প্ৰকাৰে মাছপোনা সংগ্ৰহ কৰিব পাৰো-নদী বা জলাশয়ৰপৰা,বান্ধ প্ৰজননৰ দ্বাৰা কৃত্ৰিম প্ৰজননৰ দ্বাৰা কমনকাৰ্প প্ৰজনন দ্বাৰা।

নদী বা জলাশয়ৰ পৰা

এপ্ৰিল মাহৰ বৰষুনৰ আগমনৰ লগে লগে মাছে নদীত কণী পাৰিবৰ সময় হয়।কণী পাৰিবৰ বাবে মাছক এঢলীয়া ঠাইৰ প্ৰয়োজন হয়।মাছৰ পোনা নৈ বা জলাশয়ৰ যি ঠাইৰপৰা সংগ্ৰহ কৰা হয় সেই ঠাইৰ টুকুৰা তিনি চাৰিফুট দ আৰু তলিখন সমান হোৱা উচিত।তেনে ঠাইত কেইবাখনো পোনা স্ংগ্ৰহ কৰা জাল পাতিব লাগে আৰু সেই জালৰপৰা পোনা সংগ্ৰহ কৰি ওচৰৰ প্ৰস্তত কৰি ৰখা পোনা প্ৰ্তিপালন পুখুৰীত মেলাৰ ব্যৱস্থা কৰিব লাগে।এইদৰে স্ংগ্ৰহ কৰা পোনাসমূহৰ মাজত বিভিন্ন জাতৰ পোনা মিহলি হৈ থাকে।সেয়ে পিছত ফ্ৰাই অৱস্থা পালে সেই পোনাসমূহ চিনাক্ত কৰি বেলেগ বেলেগ পুখুৰীত প্ৰ্তিপালনৰ ব্যৱস্থা কৰিব লাগে।
বাৰিষাৰ প্ৰথমজাক বৰষুনৰ পিছত হোৱা পানীত অলাগতিয়াল মাছৰ পোনা বেছি পোৱা যায়।পিছৰ পানীত কাৰ্পজাতীয় মাছৰ পোনা পোৱা যায় আৰু একেবাৰে শেষৰ পানীত বাহু পোনা বেছিকৈ পোৱা সম্ভাৱনা বেছি হয়।মাছৰ পোনাসমূহ মাজনিশা স্ংগ্ৰহ কৰিলে বেছি পৰিমানে পোৱা যায় নৈ, বিল বা জলাশয়ৰপৰা সংগ্ৰহ কৰা পোনাসমূহ কৃত্ৰিমভাৱে উৎপাদন কৰা পোনাতকৈ যথেষ্ঠ উন্নত হয়।ইয়াৰ বৃদ্ধিৰ হাৰও খৰকতীয়া হয়।

বান্ধ প্ৰজননৰ দ্বাৰা

মাছৰ পোনা উৎপাদনৰ অতি পুৰনি এটা পদ্ধতি হল বান্ধ প্ৰজনন।ই দুই ধৰনৰ হয়-আদ্ৰ বান্ধ প্ৰজনন আৰু শুকান বান্ধ প্ৰজনন।
আদ্ৰবান্ধ পদ্ধতিত প্ৰজনন বাবে এটা পুখুৰী থাকে আৰু তাত বছৰৰ বাৰে মাহে পানী থাকিব লাগে। প্ৰজনন বাবে ৰখা মাছসমূহ এই পুখুৰীত খুৱাই বুৱাই ৰাখি বাৰিষা বৰষুন হোৱাৰ লগে লগে ওখ ঠাইখিনিৰ জমা হোৱা পানী এই পুখুৰীৰ মাজেৰে যোৱা ৱ্যবস্থা কৰি দিয়া হয়।পুখুৰীৰ দুইফালে থকা অন্তগৰ্মন আৰু বৰ্হিগমন নলীৰে পানী অহা যোৱা কৰিব দিলে বাৰিষাৰ কিনকিনিয়া বৰষুনৰ সময়ত প্ৰজনন কৰিব লগা মাছসমূহ বৰ্হিগমন নলীৰ ওচৰত গৈ শুক্লপক্ষত কণী পাৰে।
শুকান বান্ধ প্ৰজনন পদ্ধতিত পুখুৰীত খৰালী পানী নাথাকে। ০,১ হেক্টৰপৰা ২,০ হেক্টৰ আকাৰৰ শুকান পুখুৰীত অৰ্ন্তদ্বাৰৰ ব্যৱস্থা কৰা হয়। বাৰিষা যেতিয়া বৰষুন হয় ওপৰৰ অঞ্চলৰপৰা বৰষুনৰ পানীৰ সোতঁ ধল নমাদি এই পুখুৰীৰ মাজেৰে যায়।তেতিয়া ওচৰৰ পুখীৰৰপৰা প্ৰজননক্ষম মাছ আনি এই পুখুৰীত মেলিব লাগে।এজনী মাইকী মাছৰ সম ওজনৰ দুটা মতা মাছ এই পুখুৰীত মেলিব লাগে। মাছ মেলাৰ ২৪-২৭ ঘণ্টাৰ ভিতৰত কাষৰ এঢলীয়া ঠাইত মাছসমূহ লগ হৈ কণী এৰিব আৰু মতা মাছসমূহে শুক্ৰানু ত্যাগ কৰিব। কণী  এৰাৰ পিছত পানীৰ সোতঁ বন্ধ কৰি ঘন জালেৰে কণীবোৰ তুলি ওচৰৰ অন্য গাততঁ একে পানী ব্যৱহাৰ কৰি কণীবোৰ পোনা উৎপাদন কৰিবৰ বাবে দিব লাগে।
পানীৰ ধল সৃষ্টি কৰিবলৈ বৰষুনৰ ওপৰত নিৰ্ভৰ নকৰি ওচৰৰ কোনো স্থানৰপৰা পানী পাইপৰে আনি কৃত্ৰিম সোতৰঁ সৃষ্টি কৰিও মাছৰ কণী পৰাৰ ব্যৱস্থা কৰিব পৰা যায়। এই পদ্ধতিত আমি প্ৰজনন পুখুৰীবোৰ পকা কৰিও লব পাৰোঁ। পুখুৰীবোৰ আয়তাকাৰ (১০মিটাৰX৬ মিটাৰ)হল ভাল।
মিনি বান্ধ প্ৰজনন: ১৯৮০ দশকত পশ্মিমবংগত ই অতি জনপ্ৰিয় পদ্ধতি আছিল। ইয়াৰ এটা ৭৫ ফুটX ২৫ ফুটৰ চিমেন্টৰ পুখুৰী থাকে যত কাষৰ ঢাল ১,১ হয়।পুখুৰীৰ তলিৰ অংশ পকী আৰু দুই ভাগত বিভক্ত। প্ৰথম পাৰ্শ্বীয় অংশটি ৫০ ফুটৰপৰা ক্ৰমাৎ হেলনীয়া হৈ গভীৰ অংশটি ২৫ ফুট হয়। পুখুৰীটো এনেদৰে প্ৰস্তত কৰা হয় যাতে এটা অংশত এক মিটাৰ গভীৰ পানী থাকে আৰু আনটো অংশত দুই মিটাৰ গভীৰ পানী থাকে।বান্ধটোত তলৰ অংশটি ৬ইঞ্চি বালিৰে আবৃত্ত হয়।এই পদ্ধতিত এবাৰত ৪০-৫০ কিলোগ্ৰাম মাছ প্ৰজনন কৰিব পাৰি।
(ক) হাপাত প্ৰজনন: এই পদ্ধতিত মাছৰ পোনা উৎপাদনৰ বাবে দুই ধৰনৰ হাপা থাকে।আঠুৱা সদৃশ এই হাপাক প্ৰজনন হাপা(যত ভ্ৰূন পোনা জন্মৰ বাবে ব্যৱহাৰ হয়)প্ৰজনন হাপা নাইলনৰ মিহি সূতাৰে তৈয়াৰী আঠুৱাৰঁ দৰে দেখাত,তিনিও ফালৰ মুখ বন্ধ থাকে ওপৰৰ মুখখন খোলা থাকে,কিন্ত প্ৰয়োজন সাপেক্ষে বন্ধ কৰাৰ ব্যৱস্থা থাকে।প্ৰজননক্ষম মতা মাইকী মাছ এই হাপাত এৰি দিয়াৰ পিছত ওপৰৰ ফালটোও বন্ধ কৰি দিয়া হয়।এজনী মাইকী মাছৰ সমান ওজনৰ দুটা মতা মাছ এই হাপাত ৰাখিব লাগে(১,২)। হাপাৰ আয়তনৰ ওপৰত নিৰ্ভৰ কৰি মাছৰ সংখ্যা নিৰুপন কৰা হয়। এটা ৪ মিটাৰ আকৃতিৰ হাপাত ৪ কিলোগ্ৰাম ওজনৰ মাইকী মাছ ৰাখিব পাৰি।এই হাপাটো বাম পুখুৰীত ধীৰে ধীৰে পানী বৈ যোৱা বা পানীৰ সোতঁ কম থকা নদীত বাহঁৰ খুটা পুতি ওপঙি থকাকৈ ৰাখিব লাগে।হাপাটো ১৮-২০ ছেণ্টিমিটাৰ পানীৰ ওপৰত আৰু তলিৰ বোকাৰপৰা ওপৰত ৰাখিব লাগে।
হেচ্ছিং হাপা তিনিফালে বন্ধ আঠুৱাৰঁ বন্ধ আঠুৱাৰঁ দৰে সজুলিঁ। ইয়াত দুটা তৰপ থাকে—বাহিৰৰ তৰপটো নাইলনৰ সূতাৰে তৈয়াৰী আৰু ভিতৰ ফালটো কপাহী সূতাৰে তৈয়াৰী আঠুৱাৰ নেটেৰে গঠিত। প্ৰজনন হাপাত উৎপন্ন হোৱা নিষিক্ত কণী কিছু পানীৰ সৈতে তুলি আনি কণী ফুটাবৰ বাবে ৰখা হেচ্ছিং হাপাৰ ভিতৰত দিয়া হয়।উষ্ণতাৰ ওপৰত নিৰ্ভৰ কৰি ১৬-২০ ঘ্ণ্টাৰ ভিতৰত কণীৰপৰা ভ্ৰূন পোনা ওলায়। এই ভ্ৰূন পোনা হেচ্ছিং হাপাৰ ভিতৰৰ কক্ষৰপৰা বাহিৰৰ কক্ষলৈ যায় আৰু গোটেইখিনি মাছ পোনা স্থানন্তৰ হোৱাৰ পিছত হেচ্ছিং হাপাৰ ভিতৰৰ কক্ষটো আতঁৰাই আনিব লাগে।এই হেচ্ছিং হাপাৰ ভিতৰৰ কক্ষত কণীৰ খোলা আৰু বেয়া কণীবোৰ লাগি থাকে। কণীৰপৰা ফুটি পোনা ওলোৱাৰ তিনিদিন পিছত এই ভ্ৰূনপোনাবোৰ স্থানান্তৰিত কৰা হয়।
প্ৰজনন হাপা বা হেচ্ছিং হাপাত মাছ পোনা উৎপাদনৰ ক্ষেত্ৰত আমি পিটুইটেৰী গ্ৰন্থি কিম্বা হৰমন (অভাপ্ৰীম,অভাটাইড আদি)ব্যৱহাৰ কৰি পোনা উৎপাদন কৰোঁ। এই পদ্ধতিত উপযুক্ত পৰিৱেশৰ বাবে বতৰৰ ওপৰত নিৰ্ভৰ কৰিব লগা হয়। যদি বৰষুন পানীৰ সোতঁ উষ্ণতা আদি ঠিকে নাথাকে তেনেহলে আমি সঠিক ফলাফল পাবলৈ সক্ষম নহও।
পোনা উৎপাদনৰ হাৰ উন্নত কৰাৰ মানসেৰে বিজ্ঞানীসকলে বৰ্তমান বিভিন্ন ধৰনৰ আধুনিক কৌশল আৱিস্কাৰ কৰিছে। তাৰ ভিতৰত গ্লাচজাৰ হেচ্ছাৰী এফ আৰ পি হেচ্চাৰী ইক হেচ্ছাৰী আদিয়ে প্ৰধান। আমি ইয়াৰ পিছত নিবন্ধত পোনা উৎপাদনৰ এই আধুনিক পদ্ধতিসমূহৰ বিষয়ে বিস্তৃত্ভাৱে আলোচনা কৰিম যাতে মীনপালকসকল উপকৃত হয়।

লেখক: প্ৰতুল ডেকা, মীন উন্নয়ন বিষয়া, মাীন বিভাগ, অসম

লগতে পঢ়ক-মিছা মাছ পালনৰ জৰিয়তে স্বাৱলম্বন-এক অৱলোকন

English Summary: Breeding of fish
Published on: 20 April 2022, 11:03 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now