Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 30 September, 2022 12:35 PM IST
biofloc fish farming

সমগ্ৰ বিশ্বতে বৰ্তমানে উত্তম পুষ্টি গুণযুক্ত আহাৰ হিচাপে মাছৰ চাহিদা বৃদ্ধি পাই অহাৰ লগে লগে নিয়ন্ত্ৰিত পৰিবেশত মাছ পালনৰে অধিক উৎপাদনৰ গুৰুত্বও বাঢ়িছে। সমান্তৰালভাবে এইক্ষেত্ৰত নতুন প্ৰযুক্তিৰো বিকাশ হৈছে। বিশেষকৈ সীমিত পৰিসৰত, কম শক্তি আৰু পানীৰ ব্যৱহাৰেৰে অধিক মাছৰ উৎপাদন কৰিব পৰা প্ৰযুক্তি বিকাশৰ গতি ত্বৰান্বিত হৈছে। সাম্প্ৰতিক অসমতো নতুন প্ৰজন্মৰ মীনপালকসকলক এনে প্ৰযুক্তিৰ প্ৰতি আকৰ্ষিত হোৱা দেখা গৈছে। সেয়ে বায়ফ্লক, ঘূৰ্ণীয়মান পানী যোগানেৰে মাছপালন আদি প্ৰযুক্তি আদি আলোচনাৰ বিষয় হৈ পৰিছে। বিশেষকৈ চহৰ অঞ্চলত মাটি আৰু পানীৰ পৰিমাণ সংকুচিত হৈ অহাৰ বিপৰীতে থলুৱা মাছ তথা সতেজ মাছৰ চাহিদা হোৱাৰ বাবে এনধৰণৰ প্ৰযুক্তিৰ জনপ্ৰিয়তা বৃদ্ধি পাইছে। কিন্তু প্ৰচাৰ মাধ্যমত এনেধৰণৰ প্ৰযুক্তিৰ সহজলভ্য হোৱাৰ লগে লগে কিছুমান ভ্ৰান্ত ধাৰণাইয়ো মীন পালকসকলৰ মাজত গঢ় লৈ উঠা দেখা গৈছে। এইক্ষেত্ৰত বায়ফ্লক প্ৰযুক্তিটোৰ সম্পৰ্কে কিছু বিজ্ঞানভিত্তিক তথ্য তথা অসমৰ জলবায়ুৰ পৰিপ্ৰেক্ষিতত এই প্ৰযুক্তিৰ সম্যক প্ৰয়োগৰ সম্ভাৱনীয়তা আদিৰ বিষয়ে এই লেখাত সন্নিবিষ্ট কৰা হৈছে।

সাধাৰণতে মীনপালনৰ ক্ষেত্ৰত আটাইতকৈ বেছি ব্যয় হয় মাছৰ উপযুক্ত খাদ্য যোগান ধৰাত। মুঠ ব্যয়ৰ প্ৰায় ৫০-৬০ শতাংশ ধন এই খাদ্য যোগানত ব্যয় কৰা হয়। খাদ্য যোগান নিয়মীয়া, পুষ্টিকৰ আৰু স্বাস্থ্যসন্মত নহলে পালন কৰা মাছখিনিয়ে উপযুক্ত পৰিপুষ্টি নেপায়। অনুপযুক্ত আৰু নিম্নমানবিশিষ্ট খাদ্য যোগানে মাছৰ বিভিন্ন ৰোগৰ লগতে পানীৰ গুণাগুণৰ অৱনতি ঘটাব পাৰে। আনহাতে অধিক হাৰত পালন কৰা মাছৰ পৰা নিৰ্গত মল/এৰেহা খাদ্য আদি পচি পানীৰ গুণাগুণ নিম্নমানৰ কৰাৰ লগতে মাছ জীয়াই থকাৰ বাবে প্ৰয়োজনীয় পৰিবেশৰ উপাদানসমূহৰ ভাৰসাম্য নোহোৱা কৰে। উক্ত সমস্যাসমূহ বায়ফ্লক পদ্ধতিৰ দ্বাৰা নিৰাময় কৰিব পৰা যায়। এই পদ্ধতিত পুখুৰীৰ পানীৰ কাৰ্বন আৰু নাইট্ৰজেনৰ অনুপাত নিয়ন্ত্ৰণ কৰি, পৰিমিত সীমাত ৰাখি পুখুৰীত পালন কৰা মাছৰ বাবে প্ৰয়োজনীয় প্ৰাকৃতিক আহাৰৰ উৎপাদন ত্বৰান্বিত কৰা হয়। এইধৰণে উৎপাদিত প্ৰাকৃতিক আহাৰকে প্ৰকৃততে বায়ফ্লক (Biofloc) নামেৰে নামংকিত কৰা হৈছে। বায়ফ্লক (Bio -জৈৱ, floc- সমষ্টি) হ’ল বিভিন্ন নিৰ্বাচিত প্ৰজাতিৰ ক্ষুদ্ৰ জীৱৰ এটি সমষ্টি, যি মাছৰ বাবে উত্তম প্ৰাকৃতিক খাদ্য হিচাবে ব্যৱহাৰ হয়। এই পদ্ধতিৰ দ্বাৰা অন্য খাদ্য যোগান সীমিত কৰি পুখুৰীত উপলব্ধ জৈৱিক আৱৰ্জনা (মাছৰ মল, এৰেহা) আদি পুনৰ ব্যৱহাৰ কৰিয়েই পালন কৰা মাছৰ বাবে প্ৰাকৃতিক আহাৰৰ অবিৰত উৎপাদন কৰিব পৰা যায়। এই পদ্ধতিত সাধাৰণতে ঘৰ/ চালিৰ ভিতৰত প্লাষ্টিকৰ জলাধাৰ/ চিমেন্ট চিষ্টাৰ্ন (Indoor Tank) আদিৰ ব্যৱহাৰ কৰা হয়। উচ্চহাৰত মাছ মেলি ক্ষীপ্ৰ বৃদ্ধিৰ বাবে মাছখিনিক পৰ্যাপ্ত পৰিপুষ্টি যোগান ধৰাৰ ব্যৱস্থা কৰা হয়। আনহাতে উচ্চ হাৰত মাছ পালন কৰোতে নিৰ্গত জৈৱিক আৱৰ্জনা পুনৰ ব্যৱহাৰ হোৱাৰ বাবে পানীৰ গুণাগুণ নিয়ন্ত্ৰণ কৰিবলৈ পানী সলোৱা বা নতুন/ পৰিষ্কাৰ পানীৰ সঞ্চালন কৰা আদি পদক্ষেপৰ প্ৰয়োজন কমি যায়। এক কথাত, কম পানীতে কোনো সমস্যা নোহোৱাকৈ কম ব্যয়ত অধিক মাছৰ উৎপাদন কৰিব পৰা প্ৰযুক্তি হিচাপে এই পদ্ধতিক মীনপালকৰ মাজত জনপ্ৰিয় কৰাৰ প্ৰয়াস কৰা হৈছে। এই কাৰণতে বৰ্তমান এই কৌশলৰ প্ৰতি নতুন প্ৰজন্মৰ মীনপালকসকলক বিশেষভাবে আকৰ্ষিত হোৱা দেখা গৈছে।

লগতে পঢ়ক- গৰুৰ বাবেই ৫০ বছৰ পিছুৱাই আছে অসমৰ কৃষিখণ্ড!

বায়ফ্লক পদ্ধতিৰ বাবে প্ৰয়োজনীয় পদক্ষেপ সমূহ হল-

ক) জলধাৰলৈ শ্বেতসাৰ (কাৰ্বহাইদ্ৰেট) পৰিমিত হাৰত যোগান ধৰা হয়। ইয়াৰবাবে শ্বেতসাৰৰ উৎস হিচাবে সহজলভ্য লালিগুড় (mollasses) ব্যৱহাৰ কৰিব পাৰি।

খ) বায়’ফ্লকৰ উৎপাদনৰ বাবে প্ৰাৰম্ভিক উৎস হিচাবে নিৰ্বাচিত প্ৰজাতিৰ জীৱাণু মূল বংশ পানীত প্ৰয়োগ কৰা হয়। উপযুক্ত পৰিবেশত ইয়াৰ পৰাই বংশবৃদ্ধি হৈ বায়’ফ্লকৰ উৎপাদন হয়।

গ) মাছ অধিক হাৰত পালন কৰাৰ বাবে অধিক দ্ৰৱীভূত অম্লজানৰ প্ৰয়োজন হয়। অম্লজান যোগান ব্যাহত নোহোৱাকৈ ৰাখিবলৈ অবিৰতভাবে বায়ু যোগান যন্ত্ৰৰ (aerator) ব্যৱহাৰ কৰা হয়।

ঘ) পৰিবেশৰ উঞ্চতা এটি গুৰুত্বপূৰ্ণ কাৰক। সাধাৰণতে ২৬-২৯ ডিগ্ৰী ছেন্টিগ্ৰেড উঞ্চতাতহে এই সুক্ষ্মজীৱসমূহৰ বংশবৃদ্ধিৰ গতি ত্বৰান্বিত হয়। গতিকে এই উঞ্চতা অব্যাহত ৰাখিবলৈ প্ৰয়োজনীয় পদক্ষেপ হাতত লব লাগে। তাৰবাবে শীতকালি প্লাষ্টিক হাউচৰ লগতে হীটাৰৰ ব্যৱহাৰ প্ৰয়োজন হব পাৰে।

বায়’ফ্লকত থকা জীৱসমূহৰ প্ৰকাৰ এনেধৰণৰ-

১। সুক্ষ্ম শেলাই জাতীয়

২। উদ্ভিদ প্লৱক

৩। বিভিন্নধৰণৰ বেক্টেৰীয়া

৪। এককোষী জীৱ

৫। নিমাট’ডচ (কৃমী জাতীয় সুক্ষ্ম প্ৰাণী)

৬। ৰটিফাৰচ্, ক’পেপদচ্ আদি প্ৰাণী প্লৱক

৭। অন্যান্য সুক্ষ্ম প্ৰাণী

উপযুক্ত পৰবেশৰ উপাদান আৰু পুষ্টি পালে বায়’ফ্লকত সন্নিবিষ্ট উপৰোক্ত জীৱসমূহে ঘনাই বংশবৃদ্ধি কৰি মাছৰ বাবে প্ৰাকৃতিক পুষ্টিকৰ খাদ্য প্ৰচুৰ পৰিমাণে দিনটোৰ ২৪ ঘন্টাই যোগান ধৰিব পাৰে। এক শৃংখলৰ দ্বাৰা এই কাৰ্য সম্পাদন হয়। কিন্তু এই শৃংখলত কোনোপ্ৰকাৰে বাধাগ্ৰস্ত হলে বা যতি পৰিলে সমগ্ৰ প্ৰক্ৰিয়াটোৱে ধ্বংস হব পাৰে। সেইকাৰণে এই প্ৰক্ৰিয়াটোৱে নিৰৱচ্ছিন্নভাবে চলি থাকিবলৈ হলে অম্লজানৰ যোগান, উপযুক্ত উঞ্চতা অব্যাহত ৰখাকে ধৰি বিভিন্ন দিশলৈ লক্ষ্য ৰাখিব লাগে।

মাছ প্ৰজাতিৰ নিৰ্বাচন:

এক উল্লেখনীয় দিশ হল মাছ পালনৰ বাবে উপযুক্ত মাছৰ প্ৰজাতি নিৰ্বাচন। এই পদ্ধতিত যিহেতু যথেষ্ট মূলধনৰ প্ৰয়োজন হয়, সেয়ে মাছৰ উচ্চ চাহিদা তথা বজাৰ দৰ সম্পন্ন হোৱা উচিত। আনহাতে কম ঠাই/ কম পানীত সৰহসংখ্যক পালন কৰিব পৰা মাছ হিচাবে সৰু দৈহিক আকাৰৰ উচ্চ ঘনত্বত থাকিব পৰা আৰু কম সময়ৰ ভিতৰতে তথা কম শক্তি প্ৰয়োগ কৰি অধিক উৎপাদন কৰিব পৰা যায়। এই সকলো দিশ লক্ষ্য কৰি অসমৰ বজাৰত সাধাৰণতে অধিক দামত বিক্ৰি হোৱা থলুৱা প্ৰজাতিৰ মাছ যেনে, কাৱৈ, মাগুৰ, শিঙি, গৰৈ, কান্ধুলি আদি মাছ ইয়াৰবাবে উপযোগী হোৱাৰ থল আছে। অসমৰ ক্ষেত্ৰত এই বায়’ফ্লক প্ৰণালীৰ এতিয়ালৈকে মানকৃত হোৱা নাই। ৰাজ্যখনৰ পৰিবেশৰ বিভিন্ন ঋতুত হোৱা উঞ্চতাৰ তাৰতম্য, সঘনাই হোৱা বিদ্যুৎ কৰ্তন, অন্যান্য প্ৰয়োজনীয় সামগ্ৰীৰ থলুৱাভাবে সহজে উপলভ্য নোহোৱা, পানীৰ গুণাগুণ অম্লগুণযুক্ত হোৱা আদি বিভিন্ন কাৰণত বায়’ফ্লক প্ৰযুক্তিৰ উপযুক্তভাবে প্ৰসাৰ হোৱা নাই। অসমৰ জলবায়ুৰ উপযোগী হোৱাকৈ এই পদ্ধতিৰ বিকাশ কৰিলেহে মীনপালকসকলে সম্পূৰ্ণ সফলতা লাভ কৰাৰ সম্ভাৱনা আছে আৰু গৱেষণাৰ থল আছে |

 

[ অন্যহাতে এটা কথা সংযোগ কৰিব পাৰি যে যিসকল মীনপালকৰ মাছ পালন কৰিব পৰাকৈ প্ৰয়োজনীয় পুখুৰী বা পুখুৰী খান্দিব পৰাকৈ মাটি আছে সেইসকলে বায়ফ্লক পদ্ধতিলৈ ঢাপলি মেলাৰ প্ৰয়োজন নাই। প্ৰকৃততে পুখুৰীত মাছ পালন কৰোতেও আমি চূণ, সাৰ, গোৱৰ আদি যথা-যথ মাত্ৰাত প্ৰয়োগ কৰি মাছৰ বাবে প্ৰাকৃতিক খাদ্যৰ উৎপাদন ত্বৰান্বিত কৰা আৰু তাৰ লগতে পৰিপূৰক খাদ্য প্ৰয়োগ কৰা হয়; যিবোৰ মাছে খাই জীয়াই থাকে আৰু ডাঙৰ হয়। অৰ্থাৎ দুয়োটা পদ্ধতিৰে মূল লক্ষ্য একে। কিন্তু বায়’ফ্লক পদ্ধতিত কম ঠাইত অধিক মাছ পালনৰ লক্ষ্যৰে আৰু জৈৱিক আৱৰ্জনাৰ পুনৰ ব্যৱহাৰৰ বাবে অধিক মূলধন বিনিয়োগ কৰা হয়। এই পদ্ধতিত প্ৰযুক্তি বা কৌশলপূৰ্ণ জ্ঞানৰ সুপ্ৰয়োগ অতি প্ৰয়োজনীয় বিষয়। যিহেতু অলপ হীন-ডেঢ়ি হলেই গোটেই প্ৰক্ৰিয়াটোৰে নিস্ক্ৰিয় হৈ যোৱাৰ ভয় থাকে। ইয়াত মাছখিনি সম্পূৰ্ণ কৃত্ৰিমভাবে পৰিচালিত পৰিবেশ এটাৰ ওপৰত নিৰ্ভৰ কৰি থাকে। গতিকে এই পৰিবেশটোৰ উপাদানসমূহ মাছৰ স্বাস্থ্য, বৃদ্ধিৰ বাবে অবিৰতভাবে অনুকুলে ৰখা আৰু পৰ্যায়ক্ৰমে নিৰ্ধাৰিত সময়মতে মাছৰ স্বাস্থ্য বিভিন্ন ব্যৱস্থা লোৱাতো অতি প্ৰয়োজনীয় বিষয় ]

লেখক-ড০ বিভা চেতিয়া বৰা [প্ৰধান বিজ্ঞানী, মীন গৱেষণা কেন্দ্ৰ, অসম কৃষি বিশ্ব-বিদ্যালয়, যোৰহাট-১৩  

লগতে পঢ়ক- 

‘মোৰ দেউতা খেতিয়ক’ বুলি ক’বলৈ আমি কিয় হীনমন্যতাত ভোগো!

English Summary: biofloc fish farming (1)
Published on: 30 September 2022, 12:23 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now