Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 1 April, 2022 2:48 PM IST
Animal Insurance

ভাৰতীয় উন্নয়নশীল অৰ্থনীতিত পশুপালনে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । পশুপালন হৈছে গ্ৰাম্য অঞ্চলৰ অন্যতম জীৱিকা । গ্ৰাম্য অৰ্থনীতিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি অহা এই খণ্ডটো জীয়াই ৰাখিবৰ বাবে চৰকাৰে বিভিন্ন সময়ত আঁচনি আৰু ৰাজসাহায্যৰ ব্যৱস্থা কৰি আহিছে । একে সময়তে লোকচানৰ সৈতে মোকাবিলা কৰিবলৈ কৃষকসকলক পশুধন বীমা প্ৰদানৰ ব্যৱস্থা কৰিছে চৰকাৰে।

ইয়াৰ মাজতে পশুপালক সকলক সকাহ দিয়াৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে মধ্যপ্ৰদেশ চৰকাৰে । চৰকাখনে ৰাজ্যখনৰ গৰুৰ মালিকসকলক পশুধন বীমাৰ ওপৰত ৭০ শতাংশ লৈকে ৰাজসাহায্য প্ৰদান কৰিছে ।

মধ্যপ্ৰদেশৰ পশুপালন আৰু দুগ্ধ উন্নয়ন মন্ত্ৰী প্ৰেম সিং পেটেলে কয়,  আঁচনিখনৰ উদ্দেশ্য হৈছে গৰুৰ মালিকসকলক তেওঁলোকৰ জন্তুৰ বাবে বীমা সুবিধা প্ৰদান কৰা আৰু পশুটোৰ মৃত্যুৰ ফলত লোকচান হ'লে তেওঁলোকক ক্ষতিপূৰণ দিয়া । এই আঁচনিখন ৰাজ্যৰ সকলো জিলাতে প্ৰযোজ্য হ'ব ।

পশুধন বীমা আঁচনিৰ অধীনত ৰাজসাহায্য

পশুধন বীমা আঁচনিৰ অধীনত, হিতাধিকাৰীসকলক 50 শতাংশ ৰাজসাহায্যৰ ওপৰত প্ৰিমিয়াম বীমা প্ৰদান কৰা হয় । ইয়াত, এই সাহায্যৰ কেন্দ্ৰীৰ অংশ থাকে ২৫ শতাংশ আৰু ৰাজ্যৰ অংশ ২৫ শতাংশ ।

একে সময়তে, অনুসূচীত জাতি আৰু জনজাতিৰ হিতাধিকাৰীসকলক 70 শতাংশ ৰাজসাহায্যৰ ওপৰত প্ৰিমিয়াম বীমা প্ৰদান কৰা হয়। ইয়াত ৪০ শতাংশ কেন্দ্ৰীয় অংশ আৰু ৩০ শতাংশ ৰাজ্যিক অংশ অন্তৰ্ভুক্ত থাকে ।

পশুধন  বীমা আঁচনিৰ অধীনত অন্তৰ্ভুক্ত জন্তু

আঁচনিখনৰ অধীনত, সকলো প্ৰকাৰৰ জীৱ-জন্তু - দুগ্ধজাত, থলুৱা/হাইব্ৰিড গৰু-ম'হ আৰু অন্যান্য প্ৰাণী যেনে ঘোঁৰা, গাধ, ভেড়া, ছাগলী, গাহৰি, খৰগোশ, আদিৰ বীমা কৰা হয় । এই আঁচনিৰ অধীনত হিতাধিকাৰীয়ে সৰ্বাধিক 5 টা জন্তুৰ বীমা কৰিব পাৰে ।

পশু বীমা আঁচনি কেনেকৈ দাবী কৰিব?

মধ্য প্ৰদেশৰ কৃষক সকলে পশুধন বীমা আঁচনিৰ সুবিধা পাবলৈ কৃষকজনে পশুটোৰ মৃত্যুৰ ২৪ ঘণ্টাৰ ভিতৰত ৰাজ্যিক বিভাগক জনাব লাগিব । ইয়াৰ পিছত, জন্তুটোৰ মৃত্যুৰ কাৰণ বিভাগৰ বিষয়াসকলে অনুসন্ধান কৰিব। মৃত্যুৰ কাৰণৰ অনুসন্ধান সফল হোৱাৰ পিছত ১ মাহৰ ভিতৰত বিভাগৰ ওচৰত বীমা দাখিল কৰিব লাগিব। প্ৰতিবেদনখন বিভাগলৈ 15 দিনৰ ভিতৰত প্ৰেৰণ কৰাৰ পিছত বীমা দাবীৰ পৰিমাণ প্ৰদান কৰিব লাগিব ।

লগতে পঢ়কঃ মাত্ৰ ১ টকা হাৰত আহিব বিদ্যুৎৰ বিল! প্ৰাপ্ত কৰিব ৰাজসাহায্য-

English Summary: Animal Insurance Scheme: Get up to 70% Subsidy
Published on: 01 April 2022, 02:48 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now