Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 9 May, 2022 4:44 PM IST

কুকুৰা পালনৰ ভিতৰত মাংসৰ উৎপাদনৰ কাৰণে “ব্ৰইলাৰ কুকুৰা পালন” এক অন্যতম লাভজনক ব্যৱসায়। ব্ৰইলাৰ কুকুৰাৰ কেইবাবিধো উন্নত মানৰ জাত গোটেই দেশতে পোৱা যায়। তথাপিও কোন বিধৰ ব্ৰইলাৰ পোৱালী ল’ব লাগে তাৰ প্ৰমাণিত গুণাগুণৰ ওপৰত বিবেচনা কৰিলে ভাল। বিশেষ ব্ৰইলাৰ জাতৰ ভিতৰত-

  1. হাবাৰ্ড(HUBBARD)

  2. হাবসিক্স(HUBCHIX)

  3. ভেনকৰ,

  4. কব(COBB)ইত্যাদি।

ব্ৰইলাৰ পালনৰ সুবিধা

  1. জন্মদিনৰ পৰা 5-6 সপ্তাহ বয়সতে বিক্ৰীৰ উপযোগী হয় আৰু মুলধন ঘুৰাই পোৱা যায়।

  2. কম ঠাইতে ব্ৰইলাৰ পাম খুলিব পাৰি (প্ৰতি কুকুৰাত 1 বৰ্গফুট)

  3. অন্য কুকুৰাতকৈ কম যত্ন ল’লেই হয়।

  4. মৃত্যুৰ হাৰ কম।

  5. বৰ্ত্তমান বজাৰত চাহিদা আৰু লাভৰ পৰিমান বেছি।

  6. সকলো শ্ৰেণীৰ মানুহে ইয়াক অতি সহজে প্ৰতিপালন কৰিব পাৰে।

  7. ব্ৰইলাৰ কুকুৰাৰ মাংস কোমল, কম সময়তে ৰান্ধিব পাৰি আৰু সহজে হজম হয়।

পাম স্থাপন:

পামখন আৰম্ভ কৰাৰ আগতে এজন পশুচিকিৎসা বিষয়াৰ দ্বাৰা এখন আঁচনি প্ৰস্তুত কৰি লোৱা উচিত। পাম স্থাপনৰ কামবোৰ সেই আঁচনিমতে কৰিলে অসুবিধা নহয়। তদুপৰি পাৰিলে নিজেও কুকুৰা প্ৰতিপালনৰ প্ৰশিক্ষনলৈ প্ৰাথমিক জ্ঞান আহৰণ কৰিহে কামত আগবঢ়া ভাল। এনেবোৰ কামত সদায় একাগ্ৰতা আৰু দৃঢ়তাৰ প্ৰয়োজন। পাম স্থাপন কৰিবলৈ পোনতে স্থান নিৰ্বাচন অতি প্ৰয়োজনীয় কথা।

স্থান নিৰ্বাচন:

কুকুৰা পামৰ বাবে মাটি ডৰা মূল পথৰ ওচৰত নহ’লেও যোগাযোগৰ সুচল ব্যৱস্থা থকা ঠাইত হোৱা উচিত যাতে দানা বা অন্যান্য লাগতিয়াল বস্তু আৰু উৎপাদিত সামগ্ৰী সমূহ অনা নিয়াত অসুবিধা নহয়।ব্ৰইলাৰ পামৰ বাবে বিজুলী শক্তিৰ নিতান্ত প্ৰয়োজন।কাৰণ এদিনীয়া পোৱালী আনি পামত অন্তত:এমাহ তলত দিয়া ধৰণে(ফটো)নিয়ন্ত্ৰিত উষ্ণতাত(Brooder)ৰাখিব লাগে।ঠাইখিনি সদায় ওখ,পানী বন্ধ নোহোৱা,সহজে ৰ’দ পৰা হ’লে ভাল।কুকুৰাৰ সংখ্যা অনুযায়ী ঘৰৰ আয়তন আৰু সেইভাবে মাটিৰো প্ৰয়োজন।পামৰ ওচৰত সদায় ঠাণ্ডা আৰু বিশুদ্ধ পানীৰ সুবিধা থাকিলে ভাল।

কুকুৰা ঘৰ:

ব্ৰইলাৰ কুকুৰাই বেচি গৰমত অসুবিধা পায়। সেয়ে ঘৰবোৰৰ বেৰ 2/3 অংশ খোলা ৰাখিলে ভাল। স্থানীয়ভাবে পোৱা সামগ্ৰীৰে কম খৰছত ঘৰ তৈয়াৰ কৰিব পাৰি।ওখ কমেও 7 ফুট আৰু বহল-দীঘল আদি আৱশ্যক অনুযায়ী প্ৰতি কুকুৰাৰ বাবে এক বৰ্গফুট হিচাবে ঘৰ সাজিব পাৰি।বেৰবোৰ স্থানীয় সামগ্ৰীৰে তৈয়াৰ কৰিলেও মজবুত আৰু স্থায়ী হ’ব লাগিব।2/3 অংশ তাঁৰৰ বা বাঁহৰ জাল দি ঢাকিব লাগে আৰু মজিয়াখন পাৰিলে ইটা পাৰি পকী কৰিলে ভাল কিয়নো মজিয়াত দিয়া লিটাৰ(তুঁহ বা কাঠৰ গুৰি আদি)সদায় শুকান হৈ থাকিলে বেমাৰৰ বীজাণু বৃদ্ধি নহয়। তদুপৰি শিয়াল,মেকুৰী,হাঁপা,এন্দুৰ আদি শত্ৰুবোৰ যাতে সহজে সোমায় অনিষ্ট কৰিব নোৱাৰে তাৰ বাবে যত্ন লৈ ঘৰটো সাজিব লাগে।

প্ৰতিপালন:

যিহেতু ব্ৰইলাৰ কুকুৰাৰ এদিনীয়া পোৱালী আনি 5/6 সপ্তাহলৈ পোহা হয় সেয়ে এই কম সময়ৰ ভিতৰতে কিভাৱে নিখুত পৰিচালনা কৰি অধিক ওজন পাব পাৰি তাৰ প্ৰতি দৃষ্টি ৰাখিব লাগে। এদিনৰ পৰা এমাহলৈ(BROODER MANAGEMENT)উম দিয়াৰ ব্যৱস্থা নিখুঁত হ’ব লাগে।লগতে দিয়া লিটাৰ যাতে অকনো সেমেকা নহয় তাৰ বাবে চূণৰ গুৰি ছটিয়াই মাজে মাজে তল ওপৰ কৰি দিব লাগে।পানী তাৰু দানাৰ পাত্ৰ সদায় চাফ-চিকুণ কৰি ৰাতিপুৱা দানা আৰু বিশুদ্ধ পানী হিচাব মতে দিব লাগে।এমাহ পাৰ হ’লে 2য় কোঠালৈ বদলি কৰি আনি নিদিষ্ট উষ্ণতাত অলপ আহল-বহলকৈ ৰাখিব লাগে।

গৰমৰ দিনত বেছি গৰমত ব্ৰইলাৰ কুকুৰাই কষ্ট পায় সেয়ে অলপ বেছি যত্ন ল’ব লাগে।খুব ৰাতিপুৱাই পানী আৰু দানা দিব লাগে।কোঠাৰ ভিতৰলৈ যাতে মুকলি বতাহ চলাচল কৰিব পাৰে তালৈ লক্ষ্য ৰাখিব লাগে।ঠাণ্ডা পানী খুৱাই থাকিব লাগে।চৰাইবোৰে যাতে জুম বান্ধি থাকিব নোৱাৰে তাৰ বাবে মাজে মাজে চকু দিব লাগে।ৰাতি কম শক্তিৰ পোহৰ দিলে গৰম কম পায়।অতি উচ্চ গুণ-সম্পন্ন খাদ্য দিলে ওজন প্ৰাপ্তিৰ ব্যাঘাত নঘটে।

উৎসঃ অসম কৃষি বিশ্ববিদ্যালয় (সংগৃহীত)

লগতে পঢ়ক-কুকুৰাৰ আহাৰ আৰু খুওৱা প্ৰণালী

English Summary: Advantage Broiler Poultry Farming
Published on: 09 May 2022, 04:40 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now