পানীলাউ সকলোৰে প্ৰিয়। ই এবিধ অতি ভাল পাচলি। পানীলাউ তৰকাৰী কৰি খাব পাৰি আৰু মাছৰ লগত পানীলাউ ৰান্ধিলে মাছৰ জোলৰ সোৱাদেই বেলেগ হয়। পানীলাউক ‘জাতি লাউ’ বুলিও কোৱা হয়।
গৱেষকসকলে পানীলাউৰ ৰাসায়নিক বিশ্লেষণত পাইছে যে এশ গ্ৰাম পানীলাউত পানী ৯৬.১ শতাংশ, কাৰ্বহাইড্ৰেট ২.৫ শতাংশ, কেলছিয়াম ২০ শতাংশ, চৰ্বি ০.১ শতাংশ, ফছফৰাছ ১০ শতাংশ, প্ৰ্টিন ০.২ শতাংশ, আইৰণ ০.৭ শতাংশ আৰু আঁহযুক্ত পদাৰ্থ ১.৭ শতাংশ থাকে। তদুপৰি এমাইনো এছিডো যথেষ্ট পৰিমাণে পোৱা যায়। এছপাৰটিক এছিড ২.৪০ শতাংশ গ্লুটামিক এছিড ৪.৭০ শতাংশ, গ্লাইছিন ১.৪ শতাংশ, লাইছিন ০.৮৬ শতাংশ, টাইৰ’ছিন ০.৮০ শতাংশ, ছিষ্টিন ০.৪৯ শতাংশ, লিউছিন ১.৮০ শতাংশ আৰু হিষ্টিডাইন ০.৭২ শতাংশ থাকে। পানীলাউত কেলৰি শক্তি ১২।
খাদ্যৰ উপৰি পানীলাউৰ বহু ঔষধি গুণ আছে। উচ্চ ৰক্তচাপত পানীলাউ অতি প্ৰয়োজন। পানীলাউৱে ৰক্তাপ নিয়ন্ত্ৰণ কৰিব পাৰে। সেয়ে উচ্চৰক্তচাপত আক্ৰান্ত ৰোগীয়ে পাৰিলে গৰমকালি পানীলাউ নিয়মীয়াকৈ খাব লাগে।
বিশেষজ্ঞৰ মতে পাতল পায়খানা অথবা সঘনাই শৌচ হৈ থাকিলে পানীলাউৰ আঞ্জা খাব লাগে। বহুতে আকৌ পেটৰ এনে অৱস্থাত পানীলাউৰ চৰবত বনাই খাব লাগে বুলি কয়। পানীলাউত আঁহযুক্ত পদাৰ্থ থাকে বাবে পানীলাউৰ আঞ্জা খালে পেট খোলোচা হয় আৰু বদহজম নিয়ন্ত্ৰণ কৰাৰ ক্ষমতাও থাকে। তদুপৰি যকৃত সুস্থ ৰখাত পানীলাউৱে যথেষ্ট সহায় কৰে। পানীলাউৰ আঞ্জাই হৃদযন্ত্ৰৰ ক্ৰিয়াকলাপ সক্ৰিয়ভাৱে ৰাখে। পানীলাউৰ দ্ৰব্যতেনে দেহৰ কলেষ্টেৰ’ল বাঢ়িবলৈ নিদিয়ে। সদায় সম পৰিমাণত কলেষ্টেৰ’ল দেহত পোৱা যায়।
গৱেষকৰ মতে, মূৰৰ বিষতো পানীলাউৱে যথেষ্ট সফল দিয়ে। তাৰ বাবে পানীলাউৰ পাত পটাত থেতেলি কপালত লগাব লাগে। কিছু সময়ৰ পিছত মূৰৰ বিষৰ উপশম ঘটে।
ভাইৰাছ প্ৰতিৰোধ কৰাৰ ক্ষমতা পালীলাউত নিহিত আছে বুলি গৱেষকে কয়। সেয়ে পানীলাউক ‘ভাইৰাছ প্ৰতিৰোধী পাচলি’ বুলি অভিহিত কৰিব পাৰি। পানীলাউত থকা পানী ভাগে দেহৰ বিভিন্ন অংশ সতেজ কৰি ৰাখে। তদুপৰি এনে পানীয়ে বহুত মানুহৰ অনবৰত লাগি থকা ‘পানীৰ পিয়াহ’ ভাব আঁতৰাই বুলি বিশেষজ্ঞই কয়। পানীলাউ সহজে হজম হয়। সেয়ে শিশুৰপৰা সকলো বয়সৰ লোকে পানীলাউৰ আঞ্জা খাব পাৰে। পানীলাউৱে দেহ শীতল কৰি ৰাখে।
গতিকে আপুনি পানীলাউৰ বজাৰ নকৰাকৈ নথাকিব।
লিখক : ডঃ পবিত্ৰ কুমাৰ পটোৱাৰী