Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 27 January, 2021 3:55 PM IST
Clerodendrum phlomidis

এই গছ ৩০-৪০ ফুটমান ওখ আৰু ঠালঠেঙুলিৰে জোপোহা হৈ থাকে। এই গছ একে লগে কেইবাডালো হয়।

পুলিবোৰ ডাঙৰ হ’লে ২/৩ টা পুলি লগ হৈ এডাল গছৰ দৰে হোৱা দেখা যায়। সময়ে সময়ে ইয়াৰ সৰু ডাল শুকাই কাঁইটৰ দৰে হোৱাও দেখা যায়।

এনে কাঁইট থকাৰ বাবে ইয়াক মাছকাঁইটীয়া বুলিও কয়। ইয়াৰ চাল মসৃণ, গেৰুৱা, ধোঁৱা বৰণৰ হয়।

চাল শুকালে ভিতৰফাল ক’লা বা কজলা, বাহিৰ ফাল গেৰুৱা ৰঙৰ হোৱা দেখা যায়।

পাত সৰু সৰু ডালত তিনি-চাৰিটাকৈ দুই-তিনি ইঞ্চি আঁতৰে আঁতৰে চক্ৰাকাৰে ডালবোৰৰ গুৰিৰ পৰা আগলৈ থকা দেখা যায়।

ডাঙৰ জাতৰ পাত পাকৰি গছৰ পাতৰ দৰেই হয়। সৰু জাতৰ পাত ডাঙৰ জাতৰ দৰেই কিন্তু আকাৰত ডাঙৰ জাততকৈ সৰু।

ডাঙৰ জাতৰ পাত চাৰি-পাঁচ ইঞ্চি দীঘল, আঢ়ৈ-তিনি ইঞ্চিমান বহল হয়। পাতবোৰৰ আগ জোঙা হয়।

সৰু জাতৰ পাত দেখাত ডাঙৰ জাতৰ দৰেই কিন্তু আকাৰত সৰু দুই-তিনি ইঞ্চিমান দীঘল এক-ডেৰ ইঞ্চিমান বহল হয়। নতুন পাতবোৰ দেখিবলৈ ধুনীয়া।

নতুন পাতবোৰ দন্তুৰ(কোষ কটা) যেন দেখা যায়। চ’ত-বহাগ মাহত নতুন পাত ওলোৱাৰ পিছত কাতি-আঘোণ মাহত ইয়াৰ সৰু সৰু ফুল হয়।

তেতিয়া গছজোপা মনোমোহা হৈ উঠে। ফুল পাঁচপহীয়া বগা-নীলা। কোনো কোনো গছত বেঙুনীয়া গুচ্ছাকাৰ ফুল ফুলাও দেখা যায়। ইয়াৰ ফুল সুগন্ধী।

ফল কাচমনি বা পিতকচি(লাটকাৰি) ফলৰ দৰে হয়। পকিলে ক’লা হয়। ফলবোৰৰ ভিতৰত সৰু সৰু বহুতো গুটি হয়। ইয়াৰ মাত্ৰা ৫ গ্ৰাম।

সৰু জাতৰ গুণো ডাঙৰ জাতৰ দৰেই। বিশেষতঃ শৰীৰৰ ফুলা আদি ঠাইত লেপ দিয়া কাৰ্যত ব্যৱহাৰ কৰিলে বিশেষ ফল লাভ হয়। ইয়াৰো মাত্ৰা ৫ গ্ৰাম।

*বিষম(মেলেৰিয়া) জ্বৰত গণিয়াৰীৰ পাত দহটা, জালুক পাঁচটা, পঞ্চাছ গ্ৰাম পানীৰ লগত বটি চেকি লব।

মাটিৰ মলা বা চৰু এটা গৰম কৰি ৰসখিনি ঢালি দিব। সামান্য গৰম থকাত ৰসখিনি খাব। নাইবা গণিয়াৰীৰ পাত পোন্ধৰটা, জালুক ৯ টা বটি বুটৰ সমান কৰি ৰাখিব।

জ্বৰ উঠাৰ তিনি ঘন্টা আগত কুহুমীয়া গৰম পানীৰ লগত খাব, এনেকৈ তিনি ঘন্টাৰ মূৰে মূৰে খালে উপকাৰ হয়।

*বসন্ত ৰোগত গণিয়াৰীৰ পাতৰ গুড়ি পঞ্চাছ গ্ৰাম পানীত তিয়াই থব। ঠাণ্ডা হলে চেকি খাব। এনেকৈ কেইদিনমান খালে উপকাৰ পাব।

উক্ত প্ৰকাৰে পুৱা-গধূলি দুবাকৈ খোৱা উচিত।

*উপদাংশ(চিফিলিচ) গৰ্মী ৰোগত সৰু গণিয়াৰী পাতৰ ৰস দহ বা বিছ গ্ৰামকৈ পুৱা আৰু গধূলি দিনে দুবাৰকৈ কেইদিনমান খালে উপকাৰ পাব।

*ৰক্তহীনতা নিবাৰণৰ বাবে ইয়াৰ শিপাৰ চালৰ ক্কাথ মৌৰ লগত পঞ্চাছ গ্ৰামকৈ পুৱা আৰু আবেলি দুবাৰকৈ কেইদিনমান খালে উপকাৰ হয়।

*কষ্টাবৰ্তা(মহিলাৰ ঋতুস্ৰাৱৰ সময়ত হোৱা বিষ) নিবাৰণৰ বাবে ডাঙৰ জাত গণিয়াৰীৰ পাত পঁচিছটা, কন্টিকাৰীৰ(হাতী খুতৰা) পত বিছটা, বিৰঙ্গ-কালজিৰা-মূলাৰ গুটি প্ৰত্যেকৰে দহ গ্ৰামকৈ লৈ সকলো থেতালি চাৰিশ গ্ৰাম পানীৰ লগত সিজাই এশ গ্ৰাম থকাত নমাই চেকি লব।

ইয়াৰ লগত পুৰণি গুড় মিহলাই ঋতুৰ তিনি দিন আগৰ পৰা পুৱা আৰু গধূলি খালে ঋতু খোলোচা হ’ব।

ঋতু খোলোচা নোহোৱালৈকে উক্ত প্ৰকাৰে ঋতু হোৱাৰ সময়ত খাব।

*মেদ ৰোগত শৰীৰ অধিক স্থূল হলে গণিয়াৰীৰ শিপাৰ চাল আৰু কেন্দু গছৰ শিপাৰ চাল প্ৰত্যেকৰে দহ গ্ৰামকৈ লৈ থেতালি চাৰিশ গ্ৰাম পানীত সিজাই এশ গ্ৰাম পানী থকাত নমাই চেকি মৌৰ লগত পুৱা আৰু গাধূলি কিছুদিন খালে মেদ কমি যাব।

*গৰ্ভাশয় স্থানচ্যুত হলে ডাঙৰ জাত গণিয়াৰীৰ চালৰ ক্কাথ আৰু পাতৰ ৰসত মাজুফলৰ গুড়ি বটি শুকাব এনেকৈ সাতবাৰ কৰিব, পিছত বগৰীৰ সমান বড়ি কৰি শুকাই ৰাখিব।

এই বড়ি পুৱা বা গধূলি পানীৰ লগত খালে উপকাৰ হ’ব।

*স্বৰভংগ(মাত ভঙা) ৰোগত গণিয়াৰীৰ ফুলৰ গুড়ি পাঁচ গ্ৰাম কুহুমীয়া গৰম গাখীৰ এশ গ্ৰামৰ লগত পুৱা আৰু গধূলি দিনে দুবাৰকৈ খালে সাত দিনমানত উপকাৰ পাব।

*গৰ্ভাশয় শূল(গৰ্ভাশয়ত বায়ু প্ৰৱেশ কৰি বিষ হলে) গণিয়াৰীৰ পাতৰ ৰস উলিয়াই ৰদত দিব।

ৰস শুকাই গোট মাৰিলে বুটৰ সমান বড়ি কৰি শুকুৱাই ৰাখিব। এই বড়ি গৰ্ভাশয়ৰ মুখত ৰাখিলে উক্ত দোষ গুচিব।

*শৰীৰৰ ভিতৰত হোৱা নালী ঘা বা ব্ৰণ আদিত গণিয়াৰীৰ পাত তিনি ভাগ আৰু বুটৰ পাত এভাগ লৈ দুয়োকে বটি বড়িৰ দৰে কৰিব।

এই বঢ়ি ব্ৰণৰ ওপৰত লৈ আহত গছৰ পাত দি ঢাকি কাপোৰেৰে বান্ধি ৰাখিব।

এনেকৈ উক্ত ব্যৱস্থাৰে ব্যৱহাৰ কৰিলে ব্ৰণ পকি পূঁজ ওলাই শুকাই যায়।

গণিয়াৰী আয়ুৰ্বেদিক-

*দশমূলৰিষ্ট,

*চ্যৱন প্ৰাশ আদি ঔষধৰ অপৰিহাৰ্য উপাদান।

English Summary: Write up on Clerodendrum phlomidis
Published on: 01 December 2018, 05:42 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now