Prawn Farming : ব্যৱসায়িক ভিত্তিত মিছামাছ পালন আৰু ইয়াৰ লাভালাভ বহনক্ষম কৃষি পদ্ধতি! ই কেনেকৈ আমাৰ পৰৱৰ্তী প্ৰজন্মক সুৰক্ষিত কৰিব! Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক
Updated on: 29 October, 2024 5:05 PM IST
Winter crop Diseases & Solutions

কীট-পতংগৰ আক্ৰমণ কৃষি উৎপাদন আৰু উৎপাদনশীলতাৰ অন্যতম প্রধান বাধা। শস্যৰ ৰোগ আৰু কীট পতংগ নিৰাময়ৰ কৌশলসমূহৰ ভিতৰত মূলতঃ ৰাসায়নিক পদ্ধতি ব্যাপকভাৱে ব্যৱহাৰ কৰা হয় যিয়ে মানুহৰ স্বাস্থ্য আৰু পৰিৱেশৰ ওপৰত  ক্ষতিকাৰক প্ৰভাৱ পেলাব পাৰে। অতিমাত্ৰা ৰাসায়নিক ঔষধ ব্যৱহাৰে কীট পতংগৰ প্ৰতিৰোধ ক্ষমতাৰ বিকাশ ঘটাব পাৰে, পৰিৱেশ প্ৰদূষণ, পৰিৱেশ বিঘিনি, নতুন পোক পৰুৱাৰ আবির্ভাব ঘটাব পাৰে প্ৰাকৃতিক শত্ৰুৰ নিধন আৰু উৎপাদনৰ ব্যয় বৃদ্ধি কৰিব পাৰে।

এই সমস্যাবোৰৰ বাবে কীট-পতংগ নিৰাময়ৰ কাৰনে নিৰাপদ আৰু ফলপ্ৰসূ পদ্ধতি যেনে আচৰণজনিত নিয়ন্ত্রণ, জৈৱ নিয়ন্ত্রণ আৰু উদ্ভিদজাত জৈৱ-কীটনাশক ইত্যাদি পদ্ধতিৰ সন্ধান কৰাটো অতি প্রয়োজনীয় হৈ পৰিছে। সেয়ে বৰ্তমান সময়ত সুসংহত পদ্ধতিৰে (আইপিএম) সাৰ ৰোগ আৰু কীট পতংগ নিৰাময়ৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰা হৈছে। এই পদ্ধতিত শস্যৰ ৰোগ আৰু কীট পতংগ নিৰাময়ৰ কাৰনে উপলব্ধ সকলো উপায় একত্রিত কৰা হয় যাতে অর্থনৈতিকভাবে কম খৰছী হয়, পৰিৱেশৰ ওপৰত বিৰূপ প্রভাৱ নপৰে আৰু বহনক্ষম পদ্ধতিৰে নিয়ন্ত্রণ হয়। জৈবিক নিয়ন্ত্রন আইপিএম কাৰ্যসূচীৰ এটা অন্যতম মূল উপাদান। জৈৱিক নিয়ন্ত্রন পদ্ধতি অৱলম্বন কৰিলে মানুহ আৰু অন্যান্য জীৱ জন্তুৰ আৰু মাটিৰ ধান ভালে থাকে। বর্তমান সময়ত আমাৰ কৃষকসকলে নিজৰ লগতে সমাজৰ স্বাস্হ্য ভালে ৰাখিবলৈ হলে শস্য উৎপাদন কৰোতে ৰোগ আৰু কীট পতংগ নিয়ন্ত্ৰন কৰিবলৈ জৈৱিক পদ্ধতিসমূহ অৱলম্বন কৰিবলৈ চেষ্টা কৰিব লাগে। তলত কিছুমান শস্যৰ ৰোগ আৰু কীট পতংগ নিয়ন্ত্ৰনৰ জৈৱিক পদ্ধতিসমূহৰ বিষয়ে আলোচনা কৰা হল

ভেণ্ডি

ক) হালধীয়া শিৰাৰ মোজাইক ভাইৰাছৰ বিৰুদ্ধে প্ৰতিৰোধী জাতৰ ব্যৱহাৰ।

খ) শস্য চপোৱাৰ পিছত অৱশিষ্টখিনি লগে লগে ধ্বংস কৰিব লাগে।

গ) ফেৰ’ মন ফান্দৰ ব্যৱহাৰ: ভেণ্ডিৰ বিভিন্ন পোকৰ কাৰনে ফেৰ মন ফান্দৰ ব্যৱহাৰ কৰিব পাৰে। তাৰ কাৰনে বজাৰত উপলব্ধ টেবলেট অথবা লিঅৰ কিনি আনি প্রতি হেক্টৰত এটাকৈ লগাব লাগে। বেলেগ বেলেগ পোকৰ কাৰনে টেবলেট বেলেগ বেলেগ হয়। সেইমতে টেবলেট কেনি আনি ভেণ্ডি খেতিডৰাত বিভিন্ন লিঅৰ ১২০০ বর্গমিটাৰ ব্যৱধানত গছৰ উচ্চতাৰ ৬" ওপৰত লগাব লাগে। বতৰৰ ওপৰত নিৰ্ভৰ কৰি প্ৰতি ২.৫ৰ পৰা ৩০ দিনৰ মূৰে মূৰে এই টেবলেটবিলাক সলাই নতুন টেবলেট লগাব লাগে। ফান্দত সোমোৱা পোক বিলাক নিয়মীয়াকৈ ধৰি মাৰি পেলাব লাগে।

ঘ) হালধীয়া আঠাযুক্ত ফান্দৰ ব্যৱহাৰঃ বগা মাখি, থ্রিপছ আদিৰ নিৰীক্ষণৰ বাবে হালধীয়া আঠাযুক্ত ফান্দ @ ১০ ফান্দ/হেক্টৰ হিচাবত স্থাপন কৰিব লাগে। স্থানীয়ভাৱে উপলব্ধ খালী টিনত হালধীয়া কৰি বাহিৰৰ পৃষ্ঠত এৰাতেল অথবা গ্ৰীজৰ আৱৰণ দিও হালধীয়া আঠাযুক্ত ফান্দ বনাব পাৰি। অৱশ্যে হালধীয়া দাথ কাগজ A4 কাগজৰ জোখত কাটি ৫ মিলিলিটাৰ সৰিয়হৰ তেলৰ সৈতে লেপি দিলেও ব্যয়বহুল হালধীয়া আঠাযুক্ত ফান্দৰ এটা ভাল বিকল্প পিচাবে ব্যৱহাৰ কৰিব পাৰি।

বন্ধাকবি, ফুলকবি

ক) কবিজাতীয় শস্যৰ বাহিৰে অন্য শাকপাছলি যেনে গাজৰ, তিয়হ, নহৰু আদা অদি শসাৰ সৈতে শস্য আৱৰ্তন অনুসৰণ কৰিব লাগে।

খ) গভীৰ কৈ গ্ৰীষ্মকালীন হাল বালে জিৰণিলৈ থকা সূৰ্য্যৰ পোহৰৰ সন্মুখীন হোৱাত সহায় কৰে।

গ) ক'লা পচা ৰোগৰ বিৰুদ্ধে প্ৰতিৰোধী জাতৰ ব্যৱহাৰ শস্য চপোৱাৰ পিছত শস্যৰ অৱশিষ্ট ধ্বংস কৰা আৰু ফাইটোচেনিটেচন ব্যৱস্থা গ্ৰহণ কৰিব লাগিব

ঘ) ফেৰ' মন ফান্দৰ ব্যৱহাৰ কবিৰ বিভিন্ন কীট পতংগৰ কাৰণে বজাৰত উপলব্ধ ফে' মন ফান্দৰ টেবলেট অথবা লিঅৰ কিনি আমি প্রতি হেক্টৰত ৮টাকৈ লগাব লাগে। বেলেগ বেলেগ পোকৰ কাৰনে টেবলেট বেলেগ বেলেগ হয়। সেইমতে টেবলেট কেনি আনি খেতিডৰাত বিভিন্ন নিজৰ ১২০০ বর্গমিটাৰ ব্যৱধানত গছৰ উচ্চতাৰ ৬" ওপৰত লগাব লাগে। বতৰৰ ওপৰত নিৰ্ভৰ কৰি প্ৰতি ২৫ৰ পৰা ৩০ দিনৰ মূৰে মূৰে এই টেবলেটবিলাক সলাই নতুন টেবলেট লগাৰ লাগে। ফান্দত সোমোৱা পোক বিলাক নিয়মীয়াকৈ ধৰি মাৰি পেলাব লাগে।

ঙ) হালধীয়া আঠাযুক্ত ফান্দৰ ব্যৱহাৰঃ বগা মাখি, পিছ আদিৰ নিৰীক্ষণৰ বাবে হালধীয়া আঠাযুক্ত ফান্দ @১০ ফান্দ/ হেক্টৰ হিচাবত স্থাপন কৰিব লাগে৷ স্থানীয়ভাৱে উপলব্ধ খালী টিনত হালধীয়া ৰং কৰি বাহিৰৰ পৃষ্ঠত এৰাতেল অথবা গ্ৰীজৰ আৱৰণ দিও হালধীয়া আঠাযুক্ত ফান্দ বনাব পাৰি। অৱশ্যে হালধীয়া দাথ কাগজ A4 কাগজৰ জোখত কাটি ৫ মিলিলিটাৰ সৰিয়হৰ তেলৰ সৈতে লেপি দিলেও ব্যয়বহুল হালধীয়া আঠাযুক্ত ফান্দৰ এটা ভাল বিকল্প সিচাবে ব্যৱহাৰ কৰিব পাৰি চ) কবিৰ আটাইতকৈ ধংসকাৰী পোক ডায়েমণ্ড বেক মথ নিয়ন্ত্রন কৰিবলৈ Trichogramma chilonis আৰু Trichogramuna priteosom প্রতি হেক্টৰত ১,০০,০০০ ৬বাৰ এক সপ্তাহৰ ব্যৱধানত মুক্তি দিব লাগে।

ছ) প্রয়োজন সাপেক্ষে ৰাসায়নিক পদাৰ্থৰ বিকল্প হিচাপে নিম তেল ৫০০ পিপিএম @ ৫ মিলিলিটাৰ লিটাৰ ১৫ দিনৰ ব্যৱধানত ব্যৱহাৰ কৰিব পাৰি।

জ) ফান্দ শস্যৰ ব্যৱহাৰঃ ফান্দ শস্য হিচাপে খেতিদৰাৰ আৰম্ভণিতে দু শাৰী সৰিয়হ সিঁচিব লাগে আৰু তাৰপিছত ২৫ শাৰী কবিৰ পিছত দুশাৰী সৰিয়হ সিঁচিব লাগে। দাঙৰ গুটিৰ সৰিয়হ বেছি উপযুক্ত। সাধাৰনতে দাঠকে প্রতিমিটাৰত ৫০-৬০ জোপা সৰিয়হ দুবাৰকৈ সিঁচিব লাগেপ্ৰথমবাৰ কৰি ৰোপণৰ ১৫ দিন আগতে, আনহাতে দ্বিতীয়বাৰ পুলি ৰোৱাৰ ২৫ দিনৰ পিছত।

ঝ) পোক পৰুৱাৰ পলু খাবৰ কাৰণে টি (T) পার্চ কমেও @ ১৫ টা/ হেক্টৰ স্থাপন কৰি চৰাই পৰিবৰ কাৰনে ব্যৱস্থা কৰিব লাগে।

লগতে পঢ়ক- 

বানৰ বাবে ৰুৱ নোৱৰা ধান কটাৰ পাছৰ খালি পথাৰসমূহত কৰক এই খেতি

গাজৰ

ক) গভীৰকে গ্ৰীষ্মকালীন হাল বাই জিৰণি লৈ থকা কীট-পতংগবোৰক চৰাই আৰু ৰ'দৰ পোহৰত উন্মোচিত কৰিব লাগে।

খ) শস্য চপোৱাৰ পিছত শস্য়ৰ অৱশিষ্ট ধ্বংস কৰা আৰু ফাইটো-চেনিটেচন ব্যৱস্থা গ্ৰহণ কৰিব লাগে।

গ)প্রয়োজন সাপেক্ষে পোক পৰুৱা খেদা দ্রব্য যেনে ৪% নহৰুৰ ৰস স্প্রে কৰিব লাগে।

ঘ) ৰাসায়নিক পদাৰ্থৰ বিকল্প হিচাপে নিম তেল ৫০০ পিপিএম @ ৫ মিলিলিটাৰ/লিটাৰ প্রয়োজন সাপেক্ষে যিকোনো পাত কাটিব পৰা পোক-পৰুৱাৰ বিৰুদ্ধে ১৫ দিনৰ ব্যৱধানত প্ৰয়োগ কৰিব লাগে।

বিলাহী

ক) ফ্ৰেন্স বীনৰ সৈতে শস্য আৱৰ্তন কৰিলে বেক্টেৰিয়াজনিত মৰহি যোৱা ৰোগৰ প্ৰাদুৰ্ভাৱ হ্রাস পায়। নিমাটোড অথবা শস্যক্ৰিমীৰ আক্ৰমণ হ্ৰাস কৰিবলৈ ধানজাতীয় শস্য, তিল, সৰিয়হ আৰু মেৰিগল্ডৰ সৈতে শস্য আৱৰ্তন কৰিব লাগে।

খ) গভীৰকৈ গ্ৰীষ্মকালীন হাল বাই জিৰণি লৈ থকা কীট-পতংগৰ চৰাই আৰু ৰ'দৰ পোহৰলৈ উন্মোচন কৰাত সহায় কৰে৷

গ) নেমাটোড আৰু বেক্টেৰিয়াৰ মৰহি যোৱা ৰোগৰ কাৰনে ৰোগ প্ৰতিৰোধী জাতৰ ব্যৱহাৰ শস্য চপোৱাৰ পিছত শসাৰ অৱশিষ্ট ধ্বংস কৰা আৰু ফাইটো-চেনিটেচন ব্যৱস্থা গ্ৰহণ কৰিব লাগে।

ঘ) ফেৰ' মন ফান্দৰ ব্যৱহাৰ কবিৰ বিভিন্ন কীট পতংগৰ কাৰণে বজাৰত উপলব্ধ ফেৰ' মন ফান্দৰ টেবলেট অথবা পিতাৰ কিনি আমি প্রতি হেক্টৰত ৮টাকৈ লগাব লাগে। বেলেগ বেলেগ পোকৰ কাৰনে টেবলেট বেলেগ বেলেগ হয়। সেইমতে টেবলেট কেনি আনি খেতিডৰাত বিভিন্ন নিজৰ ১২০০ বর্গমিটাৰ ব্যৱধানত গছৰ উ ক্ষতাৰ ৬" ওপৰত লগাব লাগে। বতৰৰ ওপৰত নিৰ্ভৰ কৰি প্ৰতি ২৫ৰ পৰা ৩০ দিনৰ মূৰে মূৰে এই টেবলেটবিলাক সলাই নতুন টেবলেট লগাৰ লাগে । ফান্দত সোমোৱা পোক বিলাক নিয়মীয়াকৈ ধৰি মাৰি পেলাব লাগে।

ঙ) হালধীয়া আঠাযুক্ত ফান্দৰ ব্যৱহাৰঃ বগা মাখি, থ্ৰিপছ আদিৰ নিৰীক্ষণৰ বাবে হালধীয়া আঠাযুক্ত ফান্দ ১০ ফান্দ/ হেক্টৰ হিচাবত স্থাপন কৰিব লাগে ৷ স্থানীয়ভাৱে উপলব্ধ খালী টিনত হালধীয়া ৰং কৰি বাহিৰৰ পৃষ্ঠত এৰাতেল অথবা গ্ৰীজৰ আৱৰণ দিও হালধীয়া আঠাযুক্ত ফান্দ বনাব পাৰি। অৱশ্যে হালধীয়া দাথ কাগজ A4 কাগজৰ জোখত কাটি ৫ মিলিলিটাৰ সৰিয়হৰ তেলৰ সৈতে লেপি দিলেও ব্যয়বহুল হালধীয়া আঠাযুক্ত ফান্দৰ এটা ভাল বিকল্প সিচাবে ব্যৱহাৰ কৰিব পাৰি।

চ)ফল বিন্ধা কৰা পোক নিয়ন্ত্ৰণ কৰিবলৈ প্ৰতি ১৬ শাৰী বিলাহীৰ পিছত ফান্দ শস্য হিচাপে ওখ জাতৰ নাৰ্জীফুল আন্তঃশস্য হিচাপে ৰুব লাগে । নাৰ্জীফুলৰ পুলিবাৰী বিলাহীৰ পুলিবাৰীতকৈ ১৫ দিনৰ আগতে লগাব লাগে, যাতে ২৫ আৰু ৪০ দিন পুৰণি বিলাহী আৰু নাৰ্জীফুলৰ পুলি মূলপথাৰত ৰোপণ কৰিব পাৰি। ফুলৰ ওপৰত পৰা কণী আৰু পৰুবিলাক ফুলৰ হতে আঁতৰাই পেলাব লাগে । এই ফান্দ শস্য ব্যৱস্থাই শিপাৰ গাঁঠিৰ নেমাটোডৰ আক্ৰমণও হ্ৰাস কৰাত সহায় কৰে ।

ছ)Trichogramma chilonis আৰু Trichogramna priteasum প্রতি হেক্টৰত ১,০০,০০০ ৬বাৰ এক সপ্তাহৰ ব্যৱধানত ফল গঠনৰ পৰ্যায়ৰ পৰা মুক্তি দিলে লেপিডপটোন কীট পতংগ নিয়ন্ত্ৰণ কৰাত সহায় কৰে। ৫ মিলিলিটাৰ

জ) প্রয়োজন সাপেক্ষে ৰাসায়নিক পদাৰ্থৰ বিকল্প হিচাপে নিম তেল ৫০০ পিপিএম (লিটাৰ ১৫ দিনৰ ব্যৱধানত ব্যৱহাৰ কৰিব পাৰি ।

ঝ) খেতিদৰাৰ সীমান্ত অঞ্চলত লেচেৰামাহ অথবা মাহজাতীয় শস্যৰ খেতি কৰিব লাগে।

লেচেৰামাহ

  • গভীৰ গ্ৰীষ্মকালীন হাল বাই শসাৰ অৱশিষ্ট, অপতৃণ আৰু অন্যান্য জাবৰ জোখৰ ধ্বংস কৰা।
  • শস্যৰ তলৰ মাটি সঘনাই ৰেকিং কৰি কোৰ মাৰি পোকৰ কণী, পলু ইত্যাদি উন্মোচন কৰি মাৰি পেলাওক।
  • আক্রান্ত পাতআৰু ফল-মূল হাতেৰে সংগ্ৰহ কৰি ধ্বংস কৰা।
  • সঠিক শস্য আৱর্তন অনুসৰণ কৰিব লাগে, কিন্তু লেছেৰা মাহৰ পিছত নাওজাতীয় শস্যৰ খেতি কৰিব নালাগে।
  • অঞ্চলটোৰ ৰাজ্যিক কৃষি বিশ্ববিদ্যালয়সমূহৰ দ্বাৰা অনুমোদিত প্ৰতিৰোধী আৰু সহনশীল জাত ব্যৱহাৰ কৰা উচিত।
  • খেতিদৰাত পোহৰৰ ফান্দ স্থাপন কৰক।
  • বীজ আৰু মাটিত জন্মা ৰোগৰ বীজানু মাৰিবলৈ বীজখিনি Trichoderma viride @৪ গ্ৰাম প্রতি কেজি হিচাপত প্ৰয়োগ কৰি শোধন কৰিব লাগে।
  • শস্যৰ প্ৰাৰম্ভিক পৰ্যায়ত শস্যৰ শাৰীবোৰত Trichoderma viride @৫০ গ্রাম প্রতি ১০ কিলোগ্রাম পচন সাৰৰ লগত মিহলাই মাটিত হোৱা (ভকুৰজনিত ৰোগ নিৰাময় কৰিব পাৰি।
  • লেচেৰা মাহৰ মোৱা পোকৰ কাৰনে প্রতি হেক্টৰত ১০ টাকৈ ফেৰমন ফান্দ পাতিব লাগে।
  • শস্য কৃমিৰ কাৰনে নিম কেক প্ৰতি একৰত ১০০ কিলোগ্রাম প্রয়োগ কৰিব লাগে।
  • ফলবিন্ধা পোক আৰু আৰ্মী ওৰ্মৰ বিপৰীতে Bacillus thuringiensis প্রতি একৰত ০-৫ ৰ পৰা ১ কেজি হাৰত প্ৰয়োগ কৰিব লাগ

 

-তৃষ্ণালী শ‍ইকীয়া

বিষয় বস্তু বিশেষজ্ঞা

কৃষি বিজ্ঞান কেন্দ্র, যোৰহাট

 

-হৰিন্দ্ৰ গগৈ

সহকাৰী অধ্যাপক

কৃষি অর্থনীতি

অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাট

লগতে পঢ়ক- 

Wild plant : ধাননী পথাৰত গজা অপতৃণবোৰ কেনেকৈ নগজা কৰিব!

English Summary: Winter crop Diseases & Solutions
Published on: 29 October 2024, 05:05 IST