1. এগ্ৰিপেডিয়া

গ্ৰীষ্ম কালত চাহ বাগানক উৎপাদনক্ষম কৰি ৰাখিবলৈ কেনেদৰে যতন ল’ব?

KJ Staff
KJ Staff

চাহ গছৰ সঠিক গঠন, বৃদ্ধি আৰু উৎপাদনৰ বাবে নৱেম্বৰ-ডিচেম্বৰ মাহত মুঠ ১৮.১৯ ছে:মি: আৰু জানুৱাৰী-মাৰ্চ মাহৰ ভিতৰত মুঠ ৪০-৪৫ ছে:মি: বৰষুণৰ প্ৰয়োজন হয় ৷ এই সময়ছোৱাত বৰষুণৰ পৰিমান বহু পৰিমানে কমি গলে চাহগছবোৰ খৰাঙৰ দ্বাৰা আক্ৰান্ত হয় ৷

সাধাৰণতে ২-৩ বছৰীয়া পুলি গছ, বালিয়া মাটিত, পানী জমা হৈ থকা বাগিচা, কলম নকৰা পাত কম থকা (আনপ্ৰুন) বাগিচা, ডাঙৰ পাতৰ চাহগছবোৰ খৰাঙৰ দ্বাৰা বেচিকৈ আক্ৰান্ত হয় ৷ খৰাঙৰ পৰা চাহগছবোৰ ৰক্ষা কৰিবলৈ খেতিয়ক সকলে তলৰ কথা কেইটাৰ প্ৰতি মন কৰা উচিত ৷

খৰাং পীড়িত অঞ্চলৰ বাবে খৰাং সহনশীল সঁচ নিৰ্বাচন কৰিব ৷ টোকোলাই গৱেষণা কেন্দ্ৰই উদ্ভাৱণ কৰা কেইবিধমান খৰাং সহনশীল সঁচ তলত উল্লেখ কৰা হ’ল –

ক্ল’ন – TV1, TV14, TV16, TV17, TV18, TV20, TV22, TV23, TV24, TV25, TV26, TV27, TV28, TV29, TV30.

বাইক্ল’নেল সঁচ – TS397, TS449, TS491, TS589

  • TV21 খৰাঙৰ দ্বাৰা অধিক আক্ৰান্ত (Susceptible) হয় ৷
  • অসমৰ গোলাঘাট জিলাৰ এক অংশ, কাৰ্বি আংলং, নগাওঁ, নামনি অসম, বিশ্বনাথ চাৰিআলি আৰু বৰাক উপত্যকা খৰাং পীড়িত অঞ্চলৰ ভিতৰত পৰে ।
  • কলম কৰা আৰু ডপি বা মিডিয়াম স্কিফ্ কৰা বাগিছা লাইট স্কিফ্ আৰু কলম নকৰা (আনপ্ৰুণ) বাগিচাতকৈ খৰাঙৰ দ্বাৰা কমকৈ আক্ৰান্ত হয় ৷
  • কলম কাৰ্য্য খৰাঙৰ আগে আগে সমাপ্ত কৰা উচিত ৷
  • কলম কৰা ডালৰ কটা অংশত ইণ্ড’পেষ্ট লগোৱাতো নিশ্চিত কৰিব ৷
  • খৰাঙৰ দ্বাৰা আক্ৰান্ত হৈ গছৰ পাত সৰি গলে পাচত এখিলা পাত এৰি (Step up) পাত তুলিব৷
  • আনপ্ৰুণ গছত যথেষ্ট পৰিমাণ খাদ্য প্ৰস্তুত কৰা পাত (Maintenance foliage) বৰ্তাই ৰখাত গুৰুত্ব দিব৷ এনে পাত কম হ’লে অক্টোৱৰ নৱেম্বৰ মাহত এখিলা পাত এৰি (Step up) পাত তুলিব ৷
  • মাৰ্চ-এপ্ৰিল মাহত পুলি ৰোপণ কৰিলে চেপ্তেম্বৰ মাহত আৰু চেপ্তেম্বৰ-অক্টোবৰ মাহত পুলি ৰোপণ কৰিলে ৰোপণৰ পাচতেই গছৰ গুৰিত মালচিং প্ৰয়োগ কৰিব ৷
  • খৰাং বতৰত মাটিত বনবাত নিয়ন্ত্ৰণৰ বাবেই হওঁক বা আন কাৰণতেই হওঁক কোৰ প্ৰয়োগ কৰা উচিত নহয়৷ বনবাত নিয়ন্ত্ৰণৰ কাম নবেম্বৰ মাহৰ আগেয়ে সমাপ্ত কৰিব৷
  • বাগানখনৰ ঠায়ে ঠায়ে মাটিৰ সমস্যা থাকিলে প্ৰয়োজনীয় ব্যৱস্হা গ্ৰহণ কৰিব৷
  • খৰাঙৰ পৰা পৰিত্ৰাণ পাবৰ বাবে ডিচেম্বৰ মাহৰ পৰা মাৰ্চ মাহলৈ এম.অ.পি. (MOP) ১ কি:গ্ৰা: আৰু মেগনেচিয়াম চালফেট(Magnesium Sulphate) ১ কি:গ্ৰা: ১০০ লিটাৰ পানীত মিহলাই মুঠ চাৰিবাৰ প্ৰয়োগ কৰিব ৷
  • এম.অ.পি. (MOP) ২ কি:গ্ৰা: ১০০ লিটাৰ পানীত মিহলাই গছত স্প্ৰে’ কৰিলেও খৰাঙৰ পৰা গছবোৰ বচাব পাৰি৷
  • খেতিডৰাত যাতে প্ৰয়োজনীয় ছাঁ গছ সময়মতে ৰোপণ কৰা হয় তাৰ প্ৰতি গুৰুত্ব দিব ৷ ছাঁ গছৰ অবিহনে চাহগছ খৰাঙৰ দ্বাৰা বেছিকৈ আক্ৰান্ত হয় ৷
  • বাৰিষাত বাগিছাৰ পৰা অতিৰিক্ত পানী ভাগ যাতে ভালদৰে ওলাই যাব পাৰে তাৰ বাবে নলাবোৰ অনুমোদিত ভাৱে দ’ কৰিব আৰু পৰিস্কাৰ কৰি ৰাখিব ৷ পথৰুৱা নলা (Field drain) বোৰ ১০৫ ছে:মি: দ’ হোৱা উচিত ৷
  • চাহগছৰ বাবে এক উপযুক্ত বতৰ (micro-climate) সৃষ্টি কৰিবলৈ বাগিছাৰ পশ্চিম আৰু দক্ষিণ দিশত আৰু চাহখেতি কৰিব নোৱাৰা অংশবোৰত, একাচিয়া, কেচিয়া (কেচিয়া চিয়ামিয়া) , চুবাবোল, নিম, বাহঁগছ আদি গছ ৰোপণ কৰিব ৷
  • খৰাং বতৰত বাগিচাত জলসিঞ্চনৰ ব্যৱস্হা কৰিব ৷
  • পুলি বাগিচাত প্ৰয়োজন অনুসৰি পানীৰ যোগান ধৰিব ৷

উৎস: অসম কৃষি বিশ্ববিদ্যালয়।

লগতে পঢ়কঃ  গ্ৰীণ ফ্লাইট জেচিদ পোকৰ আক্ৰমণ নিয়ন্ত্ৰণৰ বাবে গ্ৰহণ কৰক এই পদক্ষেপ...

English Summary: About the care of tea Garden in summer season

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.