Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক
Updated on: 16 February, 2024 11:43 AM IST
Best variety of Papaya!

সম্প্ৰতি অসমত অমিতা খেতিয়ো এক লাভজনক খেতি হিচাপে বিবেচিত হৈছে। অসমৰ বহু কৃষকে অমিতা খেতি ব্যৱসায়িকভাৱে কৰিবলৈ আৰম্ভ কৰিছে। অসমৰ মানুহেও অমিতাক কেৱল পাচলি হিচাপে খোৱাৰ লগতে ফল হিচাপে খোৱাৰো আৰম্ভ কৰিছে। গতিকে অমিতাৰ অন্য এখন বজাৰো সৃষ্টি হৈছে। ফলত ব্যৱসায়িকভাৱে অমিতাৰ খেতি কৰিযো লাভান্বিত স্থল সৃষ্টি হৈছে। এবিঘা মাটিত এই খেতি কৰিলেই কৃষকসকলে ৩ চাৰি বছৰৰ কাৰণে ভাল উপাৰ্জন কৰিব পাৰিব। ভালকে কৰিলে কৃষকসকলে এবিঘা মাটিৰ পৰা বছৰি লাখ টকা উপাৰ্জনৰ সম্ভাৱনা আছে।

best variety of Papaya!

ব্যৱায়িকভাৱে অমিতা খেতি কৰিব বিচৰা কৃষকসকলে অমিতাৰ জাতৰ ওপৰত অত্যন্ত গুৰু্ত্ব দিব লাগে। উন্নত জাত বুলিলে, গছত বেছি অমিতা লগাটোকে নুবুজায়, বেছি লগাৰ সমান্তৰালভাৱে খাবলৈ সুস্বাদু হ’ব লাগে, কম দিনতে বেয়া হ’ব নালাগে  আদি। এই গুণবোৰৰ ওপৰি সকলো পৰিৱেশতে গছজোপাই মিলি য়াব পৰা, বেমাৰে সোনকালে আক্ৰমণ কৰিব নোৱৰা হ’ব লাগে।

লগতে পঢ়ক- 

Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক

শেহতীয়াকৈ ওপৰত উল্লিখিত গুণসমূহেৰে সমৃদ্ধ অমিতা এটা জাত দেখিবলৈ পোৱা গৈছে। ফটোত দেখাৰ দৰেই লমালমে লগাৰ লগতে এই জাতটোৰ অমিতা খাবলৈ সুস্বাদু, বেমাৰ-আজাৰ কম হয়, সকলো পৰিৱেশতে মিলি যায়। তদুপৰি কম দিনতে ফল লাগিবলৈ ধৰে। অমিতাৰ এই জাতটোৰ নাম Papaya red lady 786। পানী জমা নোহোৱা সাৰুৱা মাটি এই জাতটোৰ উপযোগী। আমাৰ কৃষকসকলে এই অমিতাৰ খেতি ৰাসায়নিক বা জৈৱিকভাৱেও কৰিব পাৰে। এই জাতটোৰ অমিতাৰ বীজ পাবলৈ কৃষকসকলে এই 8269229920 নাম্বাৰটোত যোগাযোগ কৰিব পাৰে।

best variety of Papaya!

মন কৰিবলগীয়া যে বৰ্তমান অমিতাৰ পুলি ৰোপনৰ সময় আহি আছে। মাৰ্চ-এপ্ৰিলৰ পৰা কৃষকসকলে অমিতা পুলি ৰোপন কৰিব পাৰে। কৃষকসকলে মাৰ্চ-এপ্ৰিল মাহত এবিঘা মাটিত অমিতা খেতি কৰিলে আগষ্ট-ছেপ্তেম্বৰ মাহত কৃষকসকলে অমিতা চিঙিব পাৰিব। এবিঘা মাটিত ১৫০ টা মান অমিতা পুলি ৰোপন কৰিব। আমাৰ কৃষকসকলে ধান ভাল এবিঘা মাটিত বা ছন পৰা মাটিত পানীৰ ব্যৱস্থা কৰি অমিতা খেতি কৰি চাব পাৰে। কেৱল  Papaya red lady 786 য়েই নহয় অসমৰ জলবায়ু উপযোগী বহুতো উন্নত জাতৰ অমিতা আছে। সেই জাতসমূহৰো খেতি কৰিব পাৰে কৃষকসকলে।

লগতে পঢ়ক- 

পশুপালনৰ বাবে ৫০ শতাংশ ৰাজসাহাৰ্য যুক্ত ঋণ পাবলৈ ক’ত আবেদন কৰিব!

English Summary: what is the best variety of Papaya!
Published on: 16 February 2024, 11:43 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now