শেহতীয়াকৈ অসমৰ কৃষকসকলে কৰিবলৈ লোৱা এবিধ শস্যৰ খেতি হল তৰমুজৰ খেতি। অসমৰ লগতে ভাৰতৰ সকলো ৰাজ্যতে তৰমূজৰ চাহিদা আছে। খুব সময়তে আমাৰ কৃষকসকলে তৰমূজ খেতিৰ পৰা উপাৰ্জন কৰিব স্থল আছে। তৰমূজ খেতিৰ বাবে বিশেষ কৃষিভূমিৰো প্ৰয়োজন নহয়। ধান খেতি কৰা বাম মাটিবোৰতো কৃষকসকলে তৰমুজৰ খেতি কৰিব পাৰে। তদুপৰি নৈ পৰীয়া বালি মাটিতো পানীৰ ব্যৱস্থা কৰি কৃষকসকলে ইয়াৰ খেতি কৰি লাভ উঠাব পাৰে।
তৰমুজৰ জাঁত/সঁচ:
বাণিজ্যিক ভিত্তিত খেতি কৰিলে লাভৱান হ'ব পৰা কিছুমান উন্নত আৰু অনুমোদিত সঁচ হৈছে- চুগাৰ বেবি, আর্কা জ্যোতি, আর্কা মাণিক, পুচাবেদনা, আচাহি য়ামাট' আদি। উক্ত জাত সমূহৰ শস্যকাল জাত ভেদে ৯০-১২০ দিন।
জলবায়ু:
তৰমুজৰ বাবে উষ্ণ শুকান জলবায়ু আৰু ৰ'দঘাই ঠাইৰ প্ৰয়োজন। এনে মাটিত খেতি কৰিলে উচ্চ মান বিশিষ্ট ফল পোৱা যায়।
মাটি:
তৰমুজ বালিয়া বা বালিচঁহীয়া মাটিত অতি সহজে আৰু সফলতাৰে কৰিব পৰা যায়। নৈ পৰীয়া বালিয়া মাটিত আগতীয়া খেতিৰ বাবে উত্তম। এই ধৰণৰ মাটিত তৰমুজৰ খেতি ভাল হোৱাৰ প্ৰধান কাৰণ হ'ল উক্ত মাটি অতি সোনকালে (ফাগুন-চ'ত মাহত) গৰম হৈ উঠে। - বাচনি কৰা মাটি ডৰাৰ অম্লতা ৬.০০-৭.০০ ৰ ভিতৰত হ'ব লাগে আৰু মাটিৰ উষ্ণতা ১০০ চেলচিয়াচতকৈ কম হ'ব নালাগে, অন্যথা বীজৰ অঙ্কুৰণ নহয়।
খেতিৰ বাবে প্ৰস্তুত কৰা মাটিডৰা ভালদৰে চহাই, মৈয়াই সমান কৰি ল'ব লাগে আৰু সিঁচা গাঁত অথবা ঠাই ডোখৰত প্ৰচুৰ পৰিমাণে পচন সাৰ বা গোবৰ মিহলাই ল'ব লাগে।
বীজ সিঁচাৰ সময়:
অসমৰ মাটি আৰু জলবায়ু অনুসৰি বীজ সিঁচাৰ উপযুক্ত সময় হৈছে- জানুৱাৰী-ফেব্ৰুৱাৰী (পুহ-ফাগুণ)। নৈ পৰীয়া মাটিত অৱশ্যে এই খেতি নৱেম্বৰৰ পৰা জানুৱাৰীৰ ভিতৰত কৰিব পাৰি আৰু এনে খেতিত ভাল ফল পোৱা যায়।
বীজৰ পৰিমাণ আৰু ৰোপণ প্রণালী:
তৰমুজৰ খেতিৰ বাবে বীজৰ পৰিমাণ, বীজ সিঁচাৰ পদ্ধতি আৰু ৰোপণ দূৰত্বৰ ওপৰত নিৰ্ভৰ কৰে। গৱেষণাৰ পৰা দেখা গৈছে যে বিঘাই প্রতি প্রায় ৪৫০-৬০০ গ্রাম বীজৰ আৱশ্যক।
তৰমুজৰ বীজ গাঁতত নাইবা ভেটিত সিঁচিব পাৰি। ভেটিটো সমতলভূমি হোৱাৰ প্রয়োজন আৰু গুটিবোৰ ভেটিত দিব লাগে। ভেটিবোৰ ২.৫-৩.৫ মিটাৰ বহল হোৱাৰ প্ৰয়োজন। দুটা ভেটিৰ মাজত ৬০ ছেঃ মিঃ বহল নলা ৰখাৰ আৱশ্যক। গুটিবোৰ ভেটিত ১.২-২.৪ মিটাৰ ব্যৱধানত ১ ছেঃ মিঃ গভীৰতাত সিঁচিব লাগে।
তৰমুজৰ বীজ গাঁতত সিঁচিলে গাঁতবোৰ ১.৫-২.৫ মিটাৰ ব্যৱধানত কৰিব লাগে। উক্ত গাঁতবোৰ দীঘে পথালিয়ে ১.২ মিটাৰ আৰু ৪৫ ছেঃ মিঃ দকৈ খান্দি তাত শুকান গোৱৰ, পলসুৱা মাটি আদি মিহলাই লৈ প্রতিটো গাঁতত ৪-৫ টা গুটি সিঁচিব লাগে।
লগতে পঢ়ক-
বানৰ বাবে ৰুৱ নোৱৰা ধান কটাৰ পাছৰ খালি পথাৰসমূহত কৰক এই খেতি
সাৰৰ পৰিমাণ আৰু প্রয়োগ প্রণালী:
তৰমুজৰ খেতি বালিচঁহীয়া মাটিত কৰিলে প্ৰচুৰ পৰিমাণে (প্রায় ৩-৪ টন প্রতি বিঘাত) গোৱৰৰ প্ৰয়োজন হয়। ইয়াৰ উপৰিও লাভজনক খেতি পাবলৈ হ'লে ৰাসায়নিক সাৰ প্ৰয়োগ কৰা বাঞ্চনীয়। প্রতি বিঘা মাটিত সাৰৰ পৰিমাণ এনেধৰণৰঃ ইউৰীয়া-১৭-২৩ কিলোগ্রাম, একক চুপাৰ ফচফেট- ৫০-৬৬ কিলোগ্রাম আৰু মিউৰেট অৱ পটাছ ১৩-১৮ কিলোগ্রাম। উক্ত সাৰখিনিৰ ১/৩ অংশ ইউৰীয়া আৰু সমুদায় চুপাৰ আৰু পটাছ শেষৰবাৰ মাটি চহাওঁতে অথবা গাঁতবোৰত সমান ভাগ কৰি দিব লাগে। বাকী ৰৈ যোৱা ২/৩ অংশ ইউৰীয়া সমানে দুভাগ কৰি গুটি সিঁচাৰ ১ মাহ আৰু ২ মাহৰ মুৰত পুলিৰ কাষত ৰিং কৰি প্ৰয়োগ কৰিব লাগে। সাৰ প্ৰয়োগৰ সময়ত মাটিত জীপ থকাৰ প্ৰয়োজন।
শস্য পৰিচৰ্য্যা:
তৰমুজ লতা জাতীয় হোৱাৰ বাবে ইয়াক মাটিত বগাবলৈ দিয়া হয়। মাটিৰ উপৰিভাগত ধানৰ নৰা বা খেৰ পাৰি দিলে গছবোৰ বগাবলৈ সুবিধা হয়। গছৰ আগবোৰ দূৰলৈ বগাই যাব নোৱাৰাকৈ সময়ে সময়ে আগবোৰ গছজোপাৰ চাৰিওফালে ঘুৰাই দিব লাগে।
গৰম আৰু খৰাং বতৰত গছৰ গুৰিত ৭-১০ দিনৰ মূৰত পানী দিব লাগে। লাভজনক খেতি পাবলৈ হ'লে তৰমুজৰ ডাল পাতেৰে ভেটিটো ঢাক নোখোৱালৈকে পানীৰ ব্যৱস্থা আৰু বন-বাত নিয়ন্ত্ৰণ কৰি ৰখা অতি প্রয়োজন।
তৰমুজৰ প্ৰণিং:
ফলবোৰৰ উৎপাদন আৰু গুণগত মান বঢ়াবৰ বাবে প্রুণিং অতি প্রয়োজন। সুগঠিত আৰু উন্নত ফল পাবলৈ হ'লে এজোপা গছত ৩-৪ টা প্রধান শাখা ৰাখিব লাগে আৰু প্ৰত্যেকটো ডালতে ২-৩ টা ফলহে ৰাখিব লাগে।
শস্যৰক্ষা:
তৰমুজত যদিও বিশেষ বেমাৰে দেখা নিদিয়ে তথাপিও ই সম্পূর্ণরূপে বেমাৰ মুক্ত নহয়। ইয়াত দেখা দিয়া বিভিন্ন বেমাৰবোৰ হৈছে:
পাউদাৰী মিলদিউ (Powdery mildew): এই বেমাৰত তৰমুজৰ পাতবোৰত পাউদাৰ সদৃশ বগা গুড়ি পর্দার্থ দেখা যায় আৰু পাতবোৰ লাহে লাহে শুকাই যাবলৈ ধৰে।
এই বেমাৰৰ প্ৰতিকাৰৰ বাবে বেভিষ্টিন ০.১ (১ মিলি গ্রাম প্রতি লিটাৰ পানীত) শক্তিৰ নাইবা কেৰেথেন ০.৫ (৫ মিলিগ্রাম প্রতি লিটাৰ পানীত) শক্তিৰ মিশ্রণ স্প্রে কৰিব লাগে।
এনথ্রাক্স'জ (Anthracnose): ভেঁকুৰৰ দ্বাৰা এই বেমাৰ আৰম্ভ হয়। উক্ত বেমাৰৰ দ্বাৰা আক্রান্ত হ'লে গছৰ ঠাৰি, পাত অথবা ফলবোৰত ক'লা দাগ পৰি গেলিবলৈ ধৰে আৰু গছজোপা মৰি যায়।
এই বেমাৰৰ প্ৰতিকাৰৰ বাবে বেভিষ্টিন ১ গ্রাম প্রতি লিটাৰ পানীত মিশ্ৰণ কৰি স্প্রে কৰিব লাগে।
শুঁৰপোক: এই পোকৰ দ্বাৰা আক্ৰমণ হ'লে ফলৰ পুলিবোৰ দুই পতীয়া বা তিনি পতীয়া হ'লে পুলিবোৰৰ গুৰি কাটি দিয়ে।
এইবিধ পোকৰ পৰা পৰিত্ৰাণ পাবলৈ হ'লে বীজ সিঁচাৰ আগতে ভেটিটোত মালাথিয়ন পাউদাৰ ছটিয়াই ল'ব লাগে।
ফল বিন্ধা, এপিলেকণা বিটল আৰু মোৱা পোক: এই কেইবিধ পোকে আক্ৰমণ কৰিলে ই ফলৰ ৰস শুহি খায় আৰু ফলৰ ভিতৰ ভাগত সোমায় অনিষ্ট সাধন কৰে।
এই কেইবিধ পোকৰ পৰা পৰিত্ৰাণ পাবলৈ হ'লে মালাথিয়ন ৫০ ই.চি. ঔষধ ২ চাহ চামোচ ৫ লিটাৰ পানীত মিহলাই স্প্রে' কৰিব লাগে।
ঔষধ প্রয়োগ কৰাৰ আগতে এটা কথা মন কৰিব লাগে যাতে চিঙিব লগা ফলবোৰ ঔষধ প্রয়োগ কৰাৰ আগতে চিঙি লোৱা হয় আৰু ঔষধ প্রয়োগ কৰাৰ ৮-১০ দিনলৈ ফল চিঙিব নালাগে।
ফল চপোৱা আৰু উৎপাদন:
ফুল ফুলাৰ ৪০-৪৫ দিনৰ ভিতৰত তৰমুজৰ ফলবোৰ পকিবলৈ ধৰে আৰু চপাব পৰা হয়। ফলবোৰ ৰাতিপুৱা চিঙিব লাগে। এনে কৰিলে ফলবোৰ বহু সময়লৈ মচ্যুচিয়া হৈ থাকে। তৰমুজৰ ফলবোৰ সম্পূর্ণ পকিলে তলত উল্লেখিত পৰিপক্কতাৰ চিনবোৰ দেখা পোৱা যায় আৰু ফলবোৰ গছৰ পৰা চিঙিব লাগে।
- ফলৰ ঠাৰিৰ লগতে লাগি থকা আর্কষক লতাডাল শুকাই যায়
- মাটিৰ লগত স্পর্শ হৈ থকা ফলৰ অংশটো পাতল হালধীয়া বৰণৰ হয়
- হাতেৰে হেঁচা দিলে মচ্যুচিয়া ফাটি যোৱা ধৰণৰ শব্দ হয়।
- হাতেৰে থপৰিয়ালে পকা ফলত ধপ্ প্ ধৰণৰ ফোপোলা শব্দ হয়।
- লেখাটি অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰা সংগৃহিত
লগতে পঢ়ক-