Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 15 January, 2021 5:00 PM IST
Cow Urine

গো-মূত্র কৃষকৰ বাবে এক সহজলভ্য উপাদান। আমাৰ কৃষকসকলৰ গোঁহালিত প্ৰায়ে গৰু থাকেই। গতিকে গো-মূত্ৰ সংগ্ৰহ কৰি ভিন ভিন মিশ্ৰণ প্ৰস্তুত কৰি কৃষকসকলে উপকৃত হ’ব পাৰে। পৰাপক্ষত খীৰতী গাইৰ গো-মূত্র উৎকৃষ্ট।

গো-মূত্র ব্যবহাৰৰ নিম্নলিখিত কেইটামান উদাহৰণ দিয়া হ’ল -

(ক) উদ্ভিদৰ শ্ৰীবৃদ্ধিৰ বাবে গো-মূত্র-পানীৰ মিশ্ৰণ (১০ শতাংশ গো-মূত্ৰ) যিকোনো শস্য বা ফল-মূলৰ গছত ব্যৱহাৰ কৰিব পাৰি।

(খ) ধান খেতিত ৬ লিটাৰ গো-মূত্র ৬০ লিটাৰ পানীত মিহলাই (১ বিঘাৰ বাবে) স্প্ৰে কৰি উৎপাদন বৃদ্ধি কৰিব পাৰি। কঠীয়া ৰোপন কৰাৰ ১৫ দিন পিছৰ পৰা গেৰ ধৰাৰ সময়লৈকে ১৫ দিনৰ মূৰে মূৰে এই মিশ্ৰণটি ব্যৱহাৰ কৰিব লাগে। মনত ৰাখিব লাগে যে গো-মূত্রখিনি সংগ্ৰহ কৰাৰ অতিকমেও দুদিন পিছতহে ব্যৱহাৰ কৰিব লাগে।

(গ) ধানৰ ৰোগ প্ৰতিৰোধ কৰিবলৈ গো-মূত্র ব্যৱহাৰ কৰিব পাৰি। ইয়াৰ বাবে কঠীয়া সিঁচাৰ আগতে গজালি মেলা ধানখিনি দুদিন আগতে সংগ্ৰহ কৰা ১ লিটাৰ গো-মূত্র ৫ লিটাৰ পৰিষ্কাৰ পানীত মিহলাই প্ৰস্তুত কৰা পানীত প্ৰায় ১০ মিনিট ডুবাই ৰাখিব। তাৰ পিছত ছাঁত শুকুৱাই লৈ পথাৰত সিঁচিব লাগে।

ইয়াৰোপৰি গো-মূত্র অমৃতাক্ৰাইচল, পঞ্চ-গব্য, দশ-গব্য আদি প্ৰস্তুত কৰাতো গো-মূত্ৰ ব্যৱহাৰ কৰা হয়।

অমৃতাক্ৰাইচল(অমৃত পানী)-

১ লিটাৰ গো-মূত্র, ১ কিলোগ্ৰাম গোৱৰ, ১০০ গ্ৰাম গুড় বা ৬টা পকা কল একেলগে মিহলাই এটা পাত্রত সেইখিনি ১০ লিটাৰ পৰিমাণ হোৱাকৈ পৰিষ্কাৰ পানীত মিহলাই ৪ দিনৰ বাবে থৈ দিব লাগে। প্ৰতিদিনে পুৱা এই মিশ্ৰণটি লৰাই থাকিব লাগে। ৪ দিনৰ পিছত উক্ত মিশ্ৰণত পানী মিহলাই ১০০ লিটাৰ কৰিলৈ স্প্ৰে কৰিব পাৰি।

‘কাশ্যায়ম’ প্ৰস্তুত প্ৰণালী:

যিকোনো প্ৰকাৰৰ অনিষ্টকাৰী কীট নিবাৰণৰ বাবে সাধাৰণতে কাশ্যায়ম ব্যৱহাৰ কৰা হয়। ইয়াক প্ৰস্তুত কৰিবৰ বাবে সাধাৰণতে অতি তিতা জাতীয় উদ্ভিদ ব্যৱহাৰ কৰা হয়।যেনে- চিৰতা তিতা,বাহেক তিতা, কালমেঘ ইত্যাদি। ২ কিলোগ্ৰাম এনে উদ্ভিদৰ ডাল-পাত সৰু সৰুকৈ কাটি এটা বহল মুখৰ পাত্রত ৮ লিটাৰ পানীৰ লগত মিহলাই কম জুইত সিজাব লাগে। এনেকৈ সিজাই সিজাই যেতিয়া মিশ্ৰণখিনি ২ লিটাৰমান হ’ব তেতিয়া জুইৰ  পৰা নমাই ঠাণ্ডা হ’বলৈ দিব লাগে। ঠাণ্ডা হোৱাৰ পিছত মিশ্ৰণখিনি চেকি ল’ব লাগে। তাৰ পিছত প্ৰায় ৯.৫ লিটাৰ পানীত উক্ত মিশ্ৰণটিৰ ৩০০ মি:লি: মিহলাই স্প্ৰে কৰিব লাগে।

শস্য গব্য:

৩৩ কিলোগ্ৰাম মিহিকৈ কাটি লোৱা বিভিন্ন গছৰ ডাল-পাত (কচু, ঢেঁকীয়া, মেটেকা আদি ল’ব পাৰে) + ৪০ কিলোগ্ৰাম গোৱৰ + ১২০ লিটাৰ পানী মিহলাই ল’ব লাগে। উক্ত মিশ্ৰণখিনি বহল মূখৰ ড্ৰাম এটাত প্ৰায় এসপ্তাহ ৰাখিব লাগে। এসপ্তাহৰ পিছত ইয়াক চেকি ১০ শতাংশ, ২০ শতাংশ হিচাপে গছৰ শ্ৰীবৃদ্ধি আৰু পোক-পৰুৱা নিবাৰণৰ বাবে স্প্ৰে কৰিব লাগে।

লেখক: তাজ আহমেদ

উৎস: সেউজ চিন্তা

English Summary: use of cow urine in organic farming
Published on: 22 June 2019, 11:23 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now