নগৰকেন্দ্ৰিক কৃষি ব্যৱস্থাৰ ধাৰণাটো আপেক্ষিকভাৱে নতুন যদিও প্ৰাচীন ‘পাৰ্চিয়া’, ‘মাচু পিচ্চু’টো এই ধাৰণাৰ সফল প্ৰয়োগ দেখা গৈছিল। কিন্তু বৰ্তমান সময়ত ইয়াৰ গুৰুত্ব দিনে দিনে বৃদ্ধি পাব লাগিছে। কাৰণ আজি বিশ্বৰ মুঠ জনসংখ্যাৰ পঞ্চাশ শতাংশ লোকে নগৰত বাস কৰে। এটা পৰিসংখ্যা মতে ২০১৫ চনলৈ বিশ্বৰ ২৬ খন মহানগৰীৰ জনসংখ্যা ১ কোটিৰো অধিক হ’ব। ফলস্বৰূপে, এনে একোখন মহানগৰীৰ জনসংখ্যাৰ প্ৰয়োজন পূৰ কৰিবলৈ অতিৰিক্তভাৱে ৬০০০ টন খাদ্য-সামগ্ৰী আমদানি কৰিবলগীয়া হ’ব। সেয়েহে নগৰকেন্দ্ৰিক কৃষি ব্যৱস্থা ‘সময়ৰ আহ্বান’ৰূপে পৰিগণিত হৈছে। এতিয়া ৮০০ মিলিয়নতকৈয়ো অধিক লোকে এই কৃষি ব্যৱস্থাৰ সৈতে বিশ্বব্যাপী জড়িত হৈ পৰিছে।
নগৰকেন্দ্ৰিক কৃষি ব্যৱস্থানো কি?
নগৰকেন্দ্ৰিক কৃষি ব্যৱস্থা হ’ল চহৰৰ উপকন্ঠ অঞ্চল, চহৰ-নগৰ অথবা মহানগৰত খাদ্য-শস্যৰ উৎপাদন, প্ৰস্তুতকৰণ আৰু বিতৰণ। এই কৃষি ব্যৱস্থাই পশুপালন, মৎস্য পালন, উদ্যানশস্য আৰু কৃষি বনানিকৰণকো সাঙুৰি ল’ব পাৰে। যদিও ঘাইকৈ অৰ্থ উপাৰ্জনৰ দিশলৈ লক্ষ্য কৰি ইয়াৰ ওপৰত গুৰুত্ব দিয়া হৈছে, তথাপি বিনোদন, স্বনিয়োজন আৰু আজৰি সময়ৰ উপযুক্ত ব্যৱহাৰৰ বাবেও কেতবোৰ নগৰীয়া লোকে এই ব্যৱস্থাৰ সৈতে জড়িত হৈ পৰিছে। এই ব্যৱস্থাই খাদ্য নিৰাপত্তাৰ দিশলৈও গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে। তদুপৰি নগৰ অঞ্চলৰ লোকৰ বাবে নিৰাপদ খাদ্য যোগান ধৰাটো ই সহায়ক হৈ জনস্বাস্থ্য উন্নীতকৰণতো অৰিহণা যোগাইছে। লগে লগে নগৰ অঞ্চলত ইয়াক কেন্দ্ৰ কৰি এচাম উদ্যমী লোকৰ সৃষ্টি হৈ কৰ্ম সংস্থাপনৰ পথো মুকলি হৈছে।
নগৰকেন্দ্ৰিক কৃষি ব্যৱস্থাৰ পৰা লাভালাভ -
১)এই ব্যৱস্থাৰ দ্বাৰা গ্ৰামাঞ্চলৰ পৰা চহৰাঞ্চললৈ খাদ্য-সামগ্ৰী সৰবৰাহৰ যোগেদি হ’ব পৰা সম্ভাব্য ভেজালকৰণ ৰোধ কৰিব পৰা যায়।
২)কৃষিক্ষেত্ৰত নগৰাঞ্চলৰ পেলনীয়া দ্ৰব্যৰ ব্যৱহাৰৰ যোগেদি চহৰৰ উপকন্ঠ অঞ্চল বা গ্ৰামাঞ্চলৰ পৰিৱেশ দূষিতকৰণ ৰোধ কৰিব পৰা যায়।
৩)নগৰাঞ্চলৰ পেলনীয়া দ্ৰব্যসমূহৰ সঠিক(পচনসাৰ বা ভাৰ্মিকম্প’ষ্ট উৎপাদন কৰি)ৰ দ্বাৰা নগৰ অঞ্চলৰ পৰিৱেশ উন্নতকৰণ কৰা।
৪)নগৰৰ পেলনীয়া পানীৰ পুনৰ ব্যৱহাৰৰ যোগেদি প্ৰাকৃতিক সম্পদৰ অপচয় ৰোধ কৰা।
৫)চহৰ অঞ্চলৰ খালী ঠাইসমূহৰ সঠিক ব্যৱহাৰ কৰি ইয়াক মানুহৰ আগ্ৰাসনৰ পৰা ৰক্ষা কৰা।
৬)অৰ্থ, মানৱ সম্পদ আৰু অন্যান্য শক্তিৰ ক্ষয়ৰোধ কৰাত ই এক ফলপ্ৰসূ ব্যৱস্থাৰূপে পৰিগণিত হোৱা।
৭)চহৰাঞ্চলত পশুপালন, পুষ্প উদ্যান, আলংকাৰিক মাছ পালন, পচনসাৰ বা ভাৰ্মিকম্প’ষ্ট উৎপাদন আদিৰ যোগেদি নতুন কৰ্ম সংস্থাপনৰ পথ মুকলি কৰা।
৮)নগৰীয়া লোকক আপেক্ষিকভাৱে সুলভ মূল্যত নিৰাপদ খাদ্য যোগান ধৰা।
৯)নগৰৰ দুখীয়া লোকৰ বাবে এই ব্যৱস্থা সহায়ক হৈ উঠে।
১০)সামগ্ৰিকভাৱে জনস্বাস্থ্যৰ বাবে এই ব্যৱস্থা অত্যন্ত অনুকূল বুলি বিবেচিত হোৱা ইত্যাদি।
অৱশ্যে এই কৃষি ব্যৱস্থা তুলনামূলকভাৱে নতুন হৈ থকাত প্ৰয়োগিক ক্ষেত্ৰত কিছু আহুকালে দেখা দিছে। কেতবোৰ মহলে ইয়াৰ বিৰোধিতাও কৰা দেখা যায়। কৃষি আৰু নগৰীকৰণ কেতিয়াও খাপ খাব নোৱৰা ধাৰণা বুলি এচামে মতপোষণ কৰিছে। তদুপৰি পথৰ দাঁতিত খেতি কৰিলে যান-বাহনৰ পৰা নিৰ্গত প্ৰদূষিত ধোঁৱাই খাদ্য ভেজালহে কৰিব বুলিও আন এচামে ইয়াৰ বিৰোধিতা কৰিছে। নগৰকেন্দ্ৰিক কৃষি ব্যৱস্থাটো এটা খৰচী কাৰবাৰ বুলিও কোনোৱে ক’ব খোজে। নানান বিৰোধিতা সত্ত্বেও বিশ্বৰ বিভিন্ন ঠাইত এই ব্যৱস্থাৰ সফল প্ৰয়োগ দেখা গৈছে। ভাৰতবৰ্ষৰ মুম্বাই, কলিকতা আদি মহানগৰত ইতিমধ্যেই এই ব্যৱস্থাৰ শুভাৰম্ভ হৈছে।
ড° দোশীৰ পদ্ধতি -
আমাৰ দেশত ড° দোশীৰ অভিনৱ নগকেন্দ্ৰিক কৃষি পদ্ধতিয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। ঘৰৰ ছাল, বেলকনি আৰু চৌহদৰ বেৰত কম খৰচতে কৰিব পৰা এই কৃষি পদ্ধতিয়ে নিঃসন্দেহে আনন্দৰ বতৰা কঢ়িয়াই আনিছে। ড° দোশীয়ে চহৰ অঞ্চলৰ লোকক নিজৰ বাবে প্ৰয়োজনীয় খাদ্যশস্যৰ উৎপাদন ঘৰতেই কৰিবলৈ আহ্বান জনাইছে। আৰ্হি হিচাপে তেওঁ তেওঁৰ মুম্বাইৰ বান্দাৰাত থকা ১২০০ বৰ্গফুটৰ ঘৰৰ চৌহদ আৰু ঘৰৰ চালত আম, মধুৰি-আম, কল, কুঁহিয়াৰ আদি উৎপাদন কৰি দেখুৱাইছে। ঘাইকৈ ঘৰুৱা আৱৰ্জনা ব্যৱহাৰ কৰি বছৰৰ ৩০০ দিনত ৫ কেজিকৈ ফলমূল আৰু শাক-পাচলি উৎপাদন কৰি ড° দোশী উত্তম পথ প্ৰদৰ্শক হিচাপে পৰিগণিত হৈছে। ড° দোশীৰ আৰ্হি ইতিমধ্যে ফলপ্ৰসূ বুলি বিবেচিত হৈছে।
মুঠতে নগৰকেন্দ্ৰিক কৃষি ব্যৱস্থা এতিয়া আৰু এক সপোন হৈ থকা নাই। গতিকে আমাৰ অসমতো গুৱাহাটী, যোৰহাট, ডিব্ৰুগড়, শিলচৰ আদি মহানগৰসমূহত এই পদ্ধতিৰ সফল প্ৰয়োগৰ দ্বাৰা নিঃসন্দেহে আমি লাভান্বিত হ’ব পাৰোঁ।
লেখক: ড° প্ৰশান্ত মিশ্ৰ,উৎস: আধুনিক কৃষিকথা (কৃষি শিক্ষা, বিজ্ঞান, প্ৰযুক্তি আৰু কৃষক)