Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 6 November, 2018 12:24 PM IST

আজি আপোনালোকক সদায় দেখি থকা এজোপা সৰু অথচ অনেক গুণ সম্পন্ন গছৰ মনোমোহা সত্য কাহিনী কব ওলাইছোঁ ৷ গছজোপাৰ পাত ঘাত-ঘাত থকা আৰু পাতৰ সেই কোনসমূহৰ পৰাই নতুন গছ ডাল-পাত-শিপাসহ ওলায়৷ অসমীয়াত এইজোপা গছক পাতে-গজা, দুপৰটেঙা, পাতেবাহাৰ বা দুপৰীয়া টেঙা বোলে ৷ বঙালীত কয় পাথৰকুচি ৷ হিন্দীত পাথৰচূড়,পাথৰচট্টাম, দৰ্দমাৰ আদি বোলে ৷ মাৰাঠীসকলে পাতৰ পৰা গছ গজে বাবে দুপৰটেঙাক 'পাণফুট্টি' বোলে ৷ ফিলিপাইনচ দেশত 'কাটকাটাকা' বোলে যাৰ অৰ্থ হ'ল আশ্চৰ্য্যকৰ গছ ৷

ইংৰাজীত মতা নামবিলাকো অৰ্থপূৰ্ণ- এয়াৰ প্লেন্ট,মিৰাকেল লিফ,লাইফ প্লেন্ট, কেথেদ্ৰেল বেলচ,গথে প্লেন্ট ৷ এজন গছ-গছনি ভাল পোৱা জাৰ্মান লিখকে (১৭৪৯-১৮৩২) জহান ৱোলফগেং ভন গোথে নামৰ - তেওঁৰ ঘৰলৈ অহা আলহীক পাতে-গজাৰ পুলি উপহাৰ দি আনন্দ লভিছিল বুলি জনা যায় ৷ তেওঁৰ নামেৰে পাতেগজাক গথেপ্লান্ট আখ্যা দিয়া হয় ৷ এইবিধ গছৰ ব’টানিকেল নাম হ'ল –  ব্ৰাইয়োফাইলাম পিনাটাম - যাৰ প্ৰায় ৩০বিধ উপজাতি আছে বুলি জনা যায় ৷

এইবিধ গছৰ মূল উৎপত্তিস্থল আফ্ৰিকা আৰু এচিয়া মহাদেশ আছিল যদিও আজিকালি অষ্ট্ৰেলিয়া, নিউজিলেণ্ড, ৱেষ্টইণ্ডিজ, হাৱাই, ফিলিপাইন্স আদি দেশতো পোৱা যায় ৷ ফুলনি শুৱনি কৰিবলৈ টাবত বা মাটিত ৰোৱা এই গছবিধ এক- দেড়মিটাৰ পৰ্য্যন্ত ওখ হয় ৷ পূৰঠ গছত টিলিঙা সদৃশ্য ফুলৰ থোপা দেখা যায় ৷ পাতৰ ৰঙ ডাঠ সেউজীয়া৷ গছৰ ডালৰ গাত ৰঙচুৱা আভা দেখা যায় ৷

এই গছৰ ভিতৰত হৃদয়ৰ মাংসপেশিত ক্ৰিয়া কৰা বুফাডিয়েনোলাইড নামৰ ৰাসায়নিক তত্ব থাকে ৷ অধিক মাত্ৰাত চৰনীয়া পশুৱে ইয়াক খালে ৰোগাক্ৰান্ত হব পাৰে ৷ এই গছৰ ব্ৰায়োফাইলাম-এ হ'ল টিউমাৰ প্ৰতিৰোধক আৰু ব্ৰায়োফাইলাম-চি হ'ল কীটনাশক গুণযুক্ত ৷

প্ৰাচীনকালৰ পৰা প্ৰচলিত ঔষধি ব্যৱহাৰসমূহ

পুৱা আৰু গধূলি দুখিলাকৈ পাত চোবাই বা ৰস ওলিয়াই খালে পিত্তৰ পাথৰ, কিডনিৰ পাথৰ গলে বুলি আয়ুৰ্বেদে কয় ৷ উচ্চ ৰক্তচাপ, জণ্ডিচ, কলেৰা আৰু তেজ-হাগনিৰ বাবে ইয়াৰ ৰস উপকাৰী ৷
কাণৰ বিষ আৰু সংক্ৰমণত পকা পাতৰ ৰস ২৷ ৩টোপাল দি চিকিৎসা কৰা হয় ৷
জালুকৰ গুড়ি ইয়াৰ ৰসৰ সৈতে মিহলাই পাইলচৰ ৰোগীক খাবলৈ দি চিকিৎসা কৰা হয় ৷ প্ৰসাব কমকৈ হোৱা ৰোগীয়ে দুপৰটেঙা খালে প্ৰসাবৰ পৰিমাণ ভাল হয় (ডিউৰেটিক একচন) ৷
জ্বলা-পূৰা-খহু আৰু চকুৰ অসুখত দুপৰটেঙাৰ পাত গৰম কৰি সেক দিলে ৰোগীয়ে উপশম পায় ৷
জুইয়ে পোৰা নাইবা উতলা পানীৰে শৰীৰ ডেই গলে লগে লগে কেঁচাপাত থেতালি প্ৰলেপৰ দৰে লগাই দিলে নিশ্চিতভাবে উপকৃত হয়|

মৌজোল বা সামান্য লোণৰ সৈতে দুপৰটেঙাৰ পাতৰ ৰস খালে মূৰৰ বিষ কমিব, গাঁঠিৰ বিষৰ উপশম হব আৰু ৰক্তচাপ নিয়ন্ত্ৰণত আহিব ৷ কিডনি আৰু পিত্তৰ সৰু পাথৰ ভঙাৰ গুণসম্পন্ন বাবেই হিন্দীত দুপৰটেঙাক 'পাথৰচূড়' বোলে ৷ আকৌ বাতবিষ কমোৱা গুণৰ বাবে গছৰ নাম হ'ল - 'দৰ্দমাৰ '৷

ব্ৰাজিল দেশত পাতে-গজাৰ পৰা বনোৱা চাহ কাঁহ, চৰ্দি, মূৰৰ বিষ, ব্ৰংকাইটিচ, হাপানী ৰোগীক খাব দিয়া হয় ৷

আধুনিক কালত নানান বৈজ্ঞানিক অনুসন্ধান দুপৰটেঙাৰ ওপৰত চলি আছে ৷ ইয়াৰ এন্টিবেক্টেৰিয়েল, এন্টিভাইৰেল, এন্টিফাংগেল, এন্টিএলাৰ্জিক, এন্টিডায়েবেটিক আৰু এন্টিকেঞ্চাৰ গুণসমূহৰ প্ৰয়োগৰ বাবে বিশ্বৰ নানান ঠাইত গবেষণা চলি আছে ৷ ইমিউনিটি -প্ৰতিৰোধক গুণৰ হেতুকে লুপাচ আৰু ৰিউমেটইড আৰ্থাইটিচ ৰোগৰ চিকিৎসাত প্ৰয়োগৰ চৰ্চাত অগ্ৰগতি লভা বুলি জনা গৈছে ৷

মোখনিত এটাই কথাই কম প্ৰকৃতি প্ৰদত্ত এই গছ-গছনিসমূহো যেহতু ঔষধি গুণসম্পন্ন ইয়াৰ সমুচিত প্ৰয়োগ কৰিলেহে আমি উপকৃত হম ৷

English Summary: Two-faced, two-legged or double-faced Surprisingly
Published on: 06 November 2018, 12:24 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now