Prawn Farming : ব্যৱসায়িক ভিত্তিত মিছামাছ পালন আৰু ইয়াৰ লাভালাভ বহনক্ষম কৃষি পদ্ধতি! ই কেনেকৈ আমাৰ পৰৱৰ্তী প্ৰজন্মক সুৰক্ষিত কৰিব! Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক
Updated on: 8 November, 2024 11:45 AM IST

আজিৰ এই লেখাটো। এই লেখাটো ধেমাজি কৃষি বিজ্ঞান কেন্দ্ৰ কৃষি বিশেষজ্ঞসকলে প্ৰস্তুত কৰা। নিশ্চিতভাৱে লেখাটোৰ কথাখিনিয়ে আমাৰ কৃষক বন্ধুসকলক সহায় কৰিব!

জাত আৰু বীজ সিঁচাৰ সময়

বিলাহীৰ বীজ সিঁচাৰ সময় অক্টোবৰ-নবেম্বৰ মাহ যদিও আগতীয়াকৈ খেতি কৰিবলৈ হ'লে আগতীয়া জাত যেনে- হার্ড ৰক্, ইউ.এছ-১১৪৩ ইত্যাদি আগষ্ট-ছেপ্তেম্বৰ মাহত বীজতলিত সিঁচিব লাগে।

বিলাহীৰ আন বৰ্ণসংকৰ জাত যেনে- আর্কা আভেদ, আর্কা ৰক্ষক আদিৰ ৰোগ প্ৰতিৰোধী ক্ষমতা থকাৰ লগতে উৎপাদন ভাল হোৱাৰ বাবে মূল বতৰত ইয়াৰ খেতি কৰিবৰ বাবে অক্টোবৰ মাহত বীজতলিত বিঘাই প্রতি ৩০ গ্রাম হিচাপত গুটি সিঁচিব লাগে।

পুলি ৰোপণ পদ্ধতি

বীজ সিঁচাৰ ২০-৩০ দিনৰ পাছত পুলিবোৰ মূল পথাৰত ৰোৱাৰ উপযোগী হয়। মূল পথাৰত পুলি ৰোৱাৰ ব্যৱধান সঁচ অনুযায়ী বেলেগ বেলেগ হয় যদিও সাধাৰণতে ৬০ ছেঃমিঃ × ৪৫ ছেঃমিঃ ব্যৱধানত পুলিবোৰ ৰুব লাগে।

মাটিত প্রথমভাগ সাৰ প্ৰয়োগ কৰাৰ ৪-৫ দিনৰ পিছতহে পুলি ৰোপণ কৰিব লাগে।

সাৰ প্ৰয়োগ

শেষৰবাৰ মাটি চহ কৰাৰ আগতে অনুমোদিত সাৰৰ (১০ কুইণ্টল গোবৰ/পচনসাৰ, ২২ কিঃগ্রাঃ ইউৰীয়া, ৫০ কিঃগ্রাঃ একক চুপাৰ ফচফেট, ১৪ কিঃগ্রাঃ মিউৰেট অৱ পটাছ প্রতি বিঘা হিচাপত) সম্পূর্ণ ভাগ গোবৰ, একক চুপাৰ ফচফেট, মিউৰেট অৱ পটাছ আৰু আধাভাগ ইউৰীয়া মাটিত প্রয়োগ কৰি হালবাই মৈয়াই ল'ব লাগে। বাকী ৰৈ যোৱা ইউৰীয়া সাৰৰ আধাভাগ পুলি ৰোৱাৰ ৩০ দিনৰ পিছত এভাগ আৰু গছত ফুল ফুলাৰ সময়ত বাকী আধাভাগ সাৰ প্ৰতিটো পুলিৰ গুৰিত বা দুটা শাৰীৰ মাজত পাতলীয়াকৈ লোৰ কৰি গোবৰৰ লগত মিহলাই প্রয়োগ কৰি মাটি জাপি দিব লাগে।

শস্য পৰিচৰ্যা

মূল পথাৰত পুলি ৰোৱাৰ পিছত পুলি সঁজাল ধৰালৈকে প্রতিদিনে আবেলি পাতলীয়াকৈ পানী যোগান ধৰিব লাগে আৰু পিছত প্রয়োজন অনুসৰি ২-৩ দিনৰ অন্তৰত এবাৰকৈ আৰু শেষলৈ প্রয়োজন অনুসাৰে ১৫ দিনৰ মূৰত এবাৰকৈ পানী দিব লাগে।

লাগে।

পুলি ৰোৱাৰ এমাহৰ পিছত আৰু ফুল ফুলাৰ সময়ত দুবাৰ মাটি চপাব লাগে। পুলি ৰোৱাৰ পিছত প্রয়োজন অনুসৰি শস্যডৰাৰ পৰা অলাগতিয়াল বন-বাতবোৰ নিৰাব

ফল লগাৰ পাছত ফলৰ ভৰত গছজোপাৰ বাগৰি নপৰিবৰ বাবে বাঁহৰ একোডাল খুটি পুতি বান্ধি দিব লাগে।

শস্য চপোৱাৰ ১০-১৫ দিনৰ আগত কোনো ধৰণৰ কীটনাশক বা বেমাৰৰ ঔষধ প্রয়োগ

লগতে পঢ়ক- 

Watermelon Farming : তৰমুজ খেতিৰে ৮০-৯০ দিনৰ ভিতৰতে উপাৰ্জন কৰক

শস্য পৰিচৰ্যা

মূল পথাৰত পুলি ৰোৱাৰ পিছত পুলি সঁজাল ধৰালৈকে প্রতিদিনে আবেলি পাতলীয়াকৈ পানী যোগান ধৰিব লাগে আৰু পিছত প্রয়োজন অনুসৰি ২-৩ দিনৰ অন্তৰত এবাৰকৈ আৰু শেষলৈ প্রয়োজন অনুসাৰে ১৫ দিনৰ মূৰত এবাৰকৈ পানী দিব লাগে।

লাগে। পুলি ৰোৱাৰ পিছত প্রয়োজন অনুসৰি শস্যডৰাৰ পৰা অলাগতিয়াল বন-বাতবোৰ নিৰাব

পুলি ৰোৱাৰ এমাহৰ পিছত আৰু ফুল ফুলাৰ সময়ত দুবাৰ মাটি চপাব লাগে।

ফল লগাৰ পাছত ফলৰ ভৰত গছজোপাৰ বাগৰি নপৰিবৰ বাবে বাঁহৰ একোডাল খুটি পুতি বান্ধি দিব লাগে।

শস্য চপোৱাৰ ১০-১৫ দিনৰ আগত কোনো ধৰণৰ কীটনাশক বা বেমাৰৰ ঔষধ প্রয়োগ কৰিব নালাগে।

অধিক উৎপাদন আৰু উৎকৃষ্টমানৰ ফল পাবলৈ পুলি ৰোৱাৰ এমাহৰ পিছত পাতত ২০ পি.পি.এম. শক্তিৰ জিবাৰেলিক এচিডৰ মিশ্রণ স্প্রে কৰিব লাগে।

শস্যডৰাৰ মাটিত পর্যাপ্ত পানী ৰাখিবৰ বাবে জৈৱিক আৱৰণ ৰাখিব লাগে। এইদৰে বেছি উষ্ণতা আৰু পানী কম হোৱাৰ বাবে হোৱা আনুসংগিক বিসংগতিৰ পৰা ফলবোৰ ৰক্ষা পৰে।

পোনপটীয়াকৈ সূৰ্যৰ পোহৰত থকা ফলবোৰ গছৰ পাতেৰে ঢাকি ৰাখিব লাগে।

শস্য ৰক্ষা

মৰহি যোৱা বেমাৰ

ভেঁকুৰৰ দ্বাৰা আক্ৰান্ত হ'লে প্রথমতে গছৰ পাতবোৰ লেৰেলি হালধীয়া পৰি যায় আৰু লাহে লাহে ওপৰৰ পাতবিলাক লেৰেলিবলৈ ধৰে। ইয়াৰ প্ৰতিকাৰৰ বাবে কেপটান নামৰ ঔষধবিধ ৩ গ্রাম প্রতি লিটাৰ পানীত অথবা মানেব ২ গ্রাম প্রতি লিটাৰ পানীত মিহলাই আক্রান্ত পুলিটোৰ চাৰিওফালে মাটিখিনি ভালদৰে ভিজি যোৱাকৈ মিহলাব লাগে।

বেক্টেৰীয়াৰ দ্বাৰা আক্ৰান্ত হ'লে প্রথমে গছৰ ওপৰৰ পাতবোৰ লেৰেলি যায় আৰু কিছু দিনৰ পিছত তলৰ পাতবোৰ লেৰেলি যায়। ইয়াৰ প্ৰতিকাৰৰ বাবে -

ক) এক গ্রাম হিং আৰু ৫ গ্রাম হালধিৰ গুড়ি ১০ লিটাৰ পানীত মিহলাই গছৰ গুৰিৰ শিপা অংশ তিতি যোৱাকৈ পুলিবোৰ ৰোৱাৰ ১০,৩০ আৰু ৪৫ দিনৰ পিছত তিনিবাৰ প্ৰয়োগ কৰিব লাগে।

খ) ১০০ পি.পি.এম. শক্তিৰ ষ্ট্ৰেপ্ত'মাইচিন নামৰ ঔষধেৰে শিপা অংশ তিতি যোৱাকৈ প্রয়োগ কৰিব লাগে।

লাগে। গ) বেক্টেৰীয়াৰোধক বিলাহীৰ সঁচ যেনে- আর্কা আভেদ, আর্কা ৰক্ষক আদি ৰোপণ কৰিব

ঘ) জৈৱিকভাৱে নিবাৰণৰ বাবে বায়'ফৰ পি.এফ./বায় 'জিন এক কিলোগ্রাম পানী মিহলাই থুপথুপীয়া কৰি তাত পুলি ৰোৱাৰ আগত শিপা অংশ ডুবাই শোধন কৰি মূল পথাৰত ৰুব লাগে।

পাত পোৰা বেমাৰ ডাৱৰীয়া আৰু সেমেকা বতৰত এই বেমাৰে মহামাৰী ৰূপ লয়। এই বেমাৰৰ ফলত পাতত ঘূৰণীয়া ক'লা দাগ পৰে আৰু লাহে লাহে পাতখিলা সম্পূৰ্ণ ক'লা পৰি পুৰি যোৱাৰ দৰে হয়। নিবাৰণৰ বাবে মেনক'জেৱ নামৰ ঔষধবিধ এক চাহচামোচ দুই লিটাৰ পানী হিচাপত মিহলাই গছৰ পাতত ৭-১০ দিনৰ ব্যৱধানত শস্যৰ বৃদ্ধিৰ বিভিন্ন স্তৰত তলত উল্লেখ কৰা হিচাপত স্প্রে কৰিব লাগে। মেনক'জেৱৰ পৰিবৰ্তে ক্লৰ'থালনিল ২ গ্রাম প্রতি লিটাৰ পানীত মিহলাই প্রয়োগ কৰিব পাৰি।

প্রথম অৱস্থাত: ৮০ লিটাৰ পানীৰ হিচাপত প্রতি বিঘাত।

মাজৰ ভাগতঃ ১০৭ লিটাৰ পানী প্রতি বিঘা হিচাপত।

শেষৰ ভাগত: ১৩৩ লিটাৰ পানী প্রতি বিঘা হিচাপত।

লগতে পঢ়ক- 

French bean : অধিক উৎপাদনৰ বাবে ফ্ৰেন্সবিনৰ খেতি কেনেকৈ কৰিব!

English Summary: Tomato Disease and Farming Tips
Published on: 08 November 2024, 11:45 IST