Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 23 March, 2021 10:30 AM IST
Tea Pests

হেল’পেলটিছ :

এইবিধ পােকে প্রতি বছৰে চাহ গছত ব্যাপক আক্রমণ কৰা দেখা যায়। পূর্ণাংগ আৰু অপৈণত অবস্থাপ্রাপ্ত পােকবােৰে গছৰ কোমলীয়া পাতৰ ৰস শুহি খায় আৰু পাতবােৰ চাহ উৎপাদনৰ অনুপযােগী হৈ পৰে। সাধাৰণতে শীতকালত এইবিধ পােক আক্রমণ কমি যায় আৰু মাৰ্চ মাহৰ পৰা আক্ৰমণ আৰম্ভ হয়।

 নিয়ন্ত্রণ:-

  •  অতিমাত্রা ছাঁ পৰা তথা একেবাৰে ছাঁ বা গছ নথকা বাগানত এইবিধ পােকৰ আক্রমণ বেছি হয়।
  • শীতকালত যেতিয়া বাগানখনত প্রণিং কৰা হয় তেতিয়া চাৰিসীমাৰ পৰা আৰম্ভ কৰি মাজৰ অংশলৈ কৰিব লাগে আৰু ১০-১২ জোপা গছ পিছত প্রণিং কৰিব লাগে। এনেদৰে পিছত প্রণিং কৰা গছবােৰত কীটনাশক স্প্রে কৰি প্রুণিং কৰিলে সহজে পােকবিধ নিয়ন্ত্রণ কৰিব পাৰি৷
  • হেলপেলটিছৰ আক্রমণ হলে বাগানখনৰ চাৰিসীমাত থকা ২-৩ শাৰী গছ প্রথমে স্প্রে কৰিব লাগে৷ ইয়াৰ ফলত বাগানৰ ভিতৰত থকা হেলপেলটিছৰবােৰ কাষৰ বাগানলৈ উৰি যাব নােৱাৰা হয়৷ ইয়াৰ পিছত ভিতৰৰ গছবােৰ স্প্রে কৰিব লাগে।
  • হেলপেলটিছৰ ৰাতিপুৱা, সন্ধিয়া তথা ৰাতিৰভাগত হয়৷ সেয়েহে স্প্রে সদায় ৰাতিপুৱা বা আবেলি সময়ত কৰিব লাগে।
  • পাততােলা সময়ত আক্রান্ত পাতবােৰ হাতৰে গুচাই দিব লাগে। আক্রমণ অধিক হ'লে গছবােৰ পাতলীয়াকৈ স্কিপ কৰি দিব লাগে।
  • কম পৰিমাণে আক্রমণ হলে নিম গছৰ পৰা তৈয়াৰী দৰব যেনে ইকটিন, নিমবিয়নৰ ১ লিটাৰ দৰব ১৫০০ লিটাৰ পানীত মিহলাই স্প্রে কৰিব লাগে।

ৰে'ড স্পাইডাৰ:-

 এইবিধ পােকৰ আক্ৰমণ সাধাৰণতে খৰাং বতৰত বেছিকৈ হয়৷ পূৰঠ পাতবিলাকৰ উপৰিভাগৰ পৰা অপৈণত আৰু পূর্ণাংগ পােকবােৰে পাতৰ ৰস শুহি খায়। আক্রান্ত পাতবােৰ দূৰৰ পৰা দেখাত ৰঙা-মূগা বৰণৰ হয়৷ অতিমাত্রা আক্রমণ হলে পাতবিলাক গছৰ পৰা সৰি পাৰে। সাধাৰণতে প্রর্ণিং নকৰা গছবােৰত এইবিধ পােকৰ আক্রমণ বেছি হয়।

নিয়ন্ত্রণ:-

গছবােৰত ধূলি পৰি থাকিলে পােকৰ বংশ বৃদ্ধি সহজতে হয়। সেয়েহে ৰাস্থৰ দাঁতিত থকা বাগানৰ কাষত বেৰা দিয়া গছ যেনে Lanatana camera, Clerodendrum আদি গছবােৰ শাৰী শাৰীকৈ ৰুব লাগে।

  • বাগানত ১২মি: x ১২মি: ব্যৱধানত স্থায়ী ছাঁ গছ আৰু ৬ মি: x ৬ মি: ব্যৱধানত অস্থায়ী ছাঁ গছ ৰুব লাগে।
  • প্রুণিং নকৰা বাগানত জানুৱাৰী মাহত দুবাৰ ১৫ দিনৰ ব্যৱধানত কীটনাশক স্প্রে কৰিব লাগে।
  • প্ৰখৰ ৰ'দৰ দিনত ৰাতিপুৱা বা আবেলি সময়ত কীটনাশক স্প্রে কৰিব লাগে।
  • ৰে'ড স্পাইডাৰ নিয়ন্ত্রণ কৰিবলৈ দৰৱ স্প্রে কৰোঁতে কেতিয়াও অন্য দৰৱৰ লগত মিহলাব নালাগে।
  • কীটনাশক স্প্রে কৰোঁতে পাতৰ দুয়ােফালে ভালদৰে তিয়াব লাগে।

 আৰু পঢ়ক-  অধিক উৎপাদনত কৃত্ৰিম গো-প্ৰজনন পদ্ধতি:

নুপাৰ কেটাৰপিলাৰ

   চাহবাগানত থকা ছাঁ গছবােৰৰ গা-গছৰ অসমান অংশত পখিলাবােৰে কণী পাৰে। পােৱালী বিছাবােৰ মূগা বৰণীয়া হয় । লাহে লাহে বিছাবােৰ সেউজীয়া হ'বলৈ ধৰে। বিছাবােৰে লালটিৰ সহায়ত কিছুমান সুটা সৃষ্টি কৰি ছাঁ গছৰপৰা তললৈ নামি আহে আৰু চাহ গছৰ পাত খাবলৈ ধৰে। পূর্ণাংগ পখিলা অবস্থা পােৱাৰ আগতে ই পাঁচবাৰ মােট সলায়।

নিয়ন্ত্রণ:-

  1.  শীতকালত প্রর্ণিংৰ পিছত চাহগছজোপাত চূণৰ প্ৰলেপ (৩ কেজি কষ্টিক চ'ড়া +৩ কেজি চূণ + ১০০ লিটাৰ পানী) দিব লাগে। অনুৰুপ ধৰণে বাগানৰ ছাঁ গছবােৰত মাটিৰ পৰা ৫ ফুট ওপৰলৈ চূণৰ প্রলেপ দিব লাগে।
  • বিছাবােৰ সৰু থকা অবস্থাত ৫০০ মিলি লিটাৰ Quinalphos, ২০০ লিটাৰ পানীত মিহলাই স্প্রে কৰিব লাগে।
  • বিছাবােৰ ডাঙৰ হৈ গ'লে ১০০ মিলি লিটাৰ Alphamethrin অথবা Cypermethrin ২০০ লিটাৰ পানীত মিহলাই স্প্রে কৰিব লাগে।
  • জানুৱাৰী-ফ্রেব্রুৱাৰী মাহত বাগানত পাতলীয়াকৈ কোৰ মাৰিলে মাটিত থকা পিউপা (Pupa) বােৰ নষ্ট হয়।
  • বিছাবােৰ চাহগছৰপৰা হাতেৰে সংগ্ৰহ কৰি বাগানৰ পৰা আঁতৰত নষ্ট কৰি পেলাব লাগে।
  • লুপাৰৰ পখিলাবােৰ দেখিলে বাগানত আকাশ বন্তিৰ ব্যৱস্থা কৰি ইয়াক নিয়ন্ত্রণ কৰিব পাৰি।

বাঞ্চ কেটাপিলাৰ

পােৱালি বিছাবােৰে পাৰত তলৰফালে থুপ খাই থাকে। প্রথম অৱস্থাত এইবােৰে পাতৰ কাষৰ পৰা খাবলৈ আৰম্ভ কৰি শেষত গােটেই পাতখিলা খাই পেলায়।কেইজোপামান গছৰ পাত খােৱাৰ পিছত বিছাবােৰে পূৰ্ণাংগ অৱস্থা পায়। মাৰ্চৰ পৰা নৱেম্বৰ মাহলৈকে এইবিধ পতংগৰ জীৱন-চক্ৰৰ চাৰিটা পৰ্য্যায় সম্পূর্ণ হয়।

নিয়নণ:-

  • গছত বিছাবােৰ দেখা পালে অতিশীঘ্রে হাতেৰে গুচাই দিব লাগে। ডিচেম্বৰ-জানুৱাৰী মাহত বাগানত পাতলীয়াকৈ কোৰ মাৰিব লাগে।
  • পখিলা অৱস্থাত (অক্টোবৰ/নবেম্বৰ আৰু মার্চ/এপ্রিল) মাহত বাগানত আকাশ বন্তিৰ ব্যৱস্থা কৰি ইয়াক নিয়ন্ত্রণ কৰিব পাৰি।
  • Phosalone অথবা Quinalphosৰ ৫০০ মিলি লিটাৰ দৰৱ ২০০ লিটাৰ পানীত মিহলাই স্প্রে কৰিব লাগে । ডাঙৰ বিছাৰ ক্ষেত্ৰত Deltamethrin, Cypermethrin অথবা Fenvelerate ১০০ মিলি লিটাৰ দৰৱ ২০০ লিটাৰ পানীত মিহলাই স্প্রে কৰিলে ইয়াক নিয়ন্ত্রণ কৰিব পাৰি।

গ্রীণ ফ্লাইট জেচিদ

পূর্ণাংগ আৰু অ- পূর্ণাংগ দুয়ােটা পৰ্য্যায়তে এইবিধ পােকে চাহগছৰ কোমলীয়া পাতৰ তলফালৰ পৰা পাতৰ ৰস শুহি খায়। আক্রান্ত পাতবােৰ ক্রমান্বয়ে তললৈ ধেনুভিৰিয়া হৈ পৰে আৰু মূগাবৰণীয়া হৈ শুকাবলৈ ধৰে। এইবিধ পােকৰ আক্রমণ মে’ মাহৰ পৰা জুন পর্যন্ত হােৱা দেখা যায়।

নিয়ন্ত্রণ:-

  • বাগানখন বন-বাত মুক্ত কৰি ৰাখিব লাগে।
  • Quinalphos/Chloropyriphos ৰ ৫০০ মিলি লিটাৰ দৰব ২০০ লিটাৰ পানীত মিহলাই হস্তচালিত স্প্রেয়াৰেৰে পােন্ধৰ দিনৰ মূৰে মূৰে দুবাৰ স্প্রে কৰিব লাগে।
  • দৰৱ স্প্রে কৰােতে পাতৰ দুয়ােফালে তিতি যােৱাকৈ স্প্রে কৰিব লাগে।
  • একেবিধ দৰৱ বাৰে বাৰে প্ৰয়ােগ কৰাতকৈ বিধে বিধে ব্যৱহাৰ কৰিলে কীট-পতঙ্গৰ নিয়ন্ত্রণ আশানুৰুপ হয়। কীটনাশক সদায় পাত তােলাৰ পিছতহে প্রয়ােগ কৰিব লাগে।

উৎস - ড০ অমল চন্দ্র শর্মা

কপাহ খেতিৰ এই অপকাৰী কীটবোৰ প্রতিৰোধ কৰিবলৈ ICARৰ এইকেইটা পৰামর্শ গ্রহণ কৰক

 

English Summary: Tea pests and it's control in tea garden
Published on: 23 March 2021, 10:08 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now