Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 28 February, 2021 5:19 PM IST

   মিহি চালৰ, ধুনীয়া গাঢ়ৰ, অধিক মেদ-মাংস নথকা। মূৰৰ অংশ মিহি, নিমজ, বৈ পৰা।ডিঙি আৰু দেহৰ জোৰা অংশ পৰিস্ফুট হোৱা।আগফালৰ পৰা পিচফাললৈ ক্ৰমে বহল আকৃতিৰ হোৱা। ওহাৰৰ আগফাললৈকে বহল। সংকুচিত বুকু আৰু ডাঙৰ পেট। তপিনা ডাঙৰ, সুগঠিত, ক্ষীণ কৰঙন। প্ৰকট, ডাঙৰ, অকোৱা-পকোৱা আৰু বিস্তাৰিত দুগ্ধ সিৰাযুক্ত।

     সাধাৰণতে গাইগৰু এজনীয়ে গৰ্ভধাৰণ কৰাৰ পৰা পোৱালি জন্ম দিয়ালৈকে ২৮২ দিন সময় লাগে। পৰিস্থিতি অনুসৰি এই সময়ৰ ৫ দিনমান কম-বেছি হ’ব পাৰে। গোপালকসকলে গাইজনী গৰম হোৱা আৰু পালখোৱা প্ৰজনন কৰোৱাৰ সঠিক তাৰিখ হিচাপ কৰি প্ৰসৱৰ্ দিনটো আগতীয়াকৈ ঠিক কৰি প্ৰয়োজনীয় ব্যৱস্থা লোৱা উচিত। গাভিনী গাইক কেতিয়াও জপিয়াবলৈ, দৌৰিবলৈ বা জাকৰ মাজত সোমাবলৈ নিদিব।পোৱালী জন্ম দিয়াৰ আগমুহুৰ্তত গাইজনীৰ ওহাৰখন ফুলি উঠি তললৈ ওলমি পৰে আৰু যোনী অংশ ওখ হৈ ফুলি উঠে। পোৱালী জন্ম দিয়াৰ আগমুহুৰ্তত গাইজনীক মুকলি, পৰিষ্কাৰ কোঠাত ৰাখি তাত নৰা, খেৰ, বস্তা আদিৰে কোমল পাৰি দিব লাগে। প্ৰসৱৰ সময়ত যদি প্ৰথমে পোৱালিটোৰ আগঠেং দুটা আৰু নাকটো যোনীৰে ওলাই আহে তেনেহ’লে চিন্তা কৰিব নালাগে। কিন্তু এই কাৰ্য যদি ৪ ঘণ্টাৰ ভিতৰত সম্পন্ন নহয় তেনেহ’লে লগে লগে পশু চিকিৎসকৰ সহায় লোৱা উচিত। প্ৰসৱৰ পাছত মাকজনীৰ পিছফালৰ অংশ আৰু পেটৰ আধাভাগলৈ পটাচ বা নিমপাত সিজোৱা কুহুমীয়া গৰম পানীৰে পৰিষ্কাৰকৈ ধুই দিয়ক।

  কোঠাটো সামান্য গৰম কৰি ৰাখিব পাৰিলে ভাল। প্ৰসৱৰ পাছত গৰুজনীক খোৱা পানীৰ সৈতে গুৰ মিহলাই চৰ্বত হিচাপে খাবলৈ দিয়ক। কিছু পৰিমাণে গাখীৰ (ফেঁহু) খীৰাই দিয়ক।জল বা ফুল ২-৪ ঘণ্টাৰ ভিতৰত ওলাই আহিবলৈ দিব লাগে। যদিহে ১২ ঘণ্টাৰ পাছতো ফুল নসৰে তেন্তে চিকিৎসকৰ সহায় লওক। ফুল সৰাৰ পাছত লগে লগে দকৈ পুতি পেলাওক। গৰুজনীয়ে যাতে ফুলখিনি চেলেকি খাই নেপেলাই তাৰ প্ৰতি লক্ষ্য ৰাখক। ফুল খালে গাখীৰৰ পৰিমাণ কমি যায়।জল বা ফুল নিজে নসৰাকৈ কেতিয়াও টানি আনিব নালাগে।সাধাৰণতে অধিক পৰিমাণৰ গাখীৰ দিয়া গাইবোৰৰ মিল্ক ফিভাৰ বা ওহাৰ ফুলা বেমাৰ হোৱা দেখা যায়। প্ৰথম বেমাৰবিধৰ পৰা হাত সাৰিবলৈ পোৱালি জন্ম দিয়াৰ ৪-৫ দিনলৈ সম্পূৰ্ণকৈ গাখীৰ খীৰাব নালাগে আৰু দ্বিতীয় বেমাৰবিধৰ ক্ষেত্ৰত ওহাৰৰ বাটবোৰ পৰিষ্কাৰকৈ কুহুমীয়া পটাচ পানীৰে ধুব লাগে। প্ৰাৰম্ভিক অৱস্থাত চিকিৎসা কৰিলে দুয়োটাৰ পৰা হাত সাৰিব পৰা যায়।

গৰু-ম’হৰ সচৰাচৰ হোৱা ৰোগৰ প্ৰতিষেধক ছিটা

English Summary: Take Caring of diary Farming  in assam
Published on: 28 February 2021, 05:19 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now