Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 13 February, 2024 10:36 AM IST
Squash Farming Methods & its Benefit

আপোনালোকে অসমৰ বজাৰে সমাৰে স্কোৱাছ দেখিছে, হয়তো বহুতে স্কোৱাছ খাইছে আৰু দুই এজনে হয়তো ইয়াৰ খেতিও কৰিছে। কিন্তু এটা কথা হল- অসমৰ বজাৰ ভৰি থকা এই স্কোৱাচসমূহৰ ১০০ শতাংশৰ ১০ শতাংশও অসমৰ কৃষকে কৰা নহয়। মেঘালয় অৰুণাচলৰ কৃষকে কৰা স্কোৱাছেৰে ভৰি থাকে অসমৰ বজাৰসমূহ। মেঘালয়-অৰুনাচলৰ দৰে ৰাজ্যসমূহতে কেৱল স্কোৱাচৰ খেতি হয় বুলি এটা ভ্ৰান্ত ধাৰণা অসমীয়া কৃষক ৰাইজে দীৰ্ঘদিন ধৰি কৰি আহিছে। ফলত এনেদৰেই অসমৰ বজাৰসমূহ ভৰি থাকে বহিঃৰাজ্যৰ স্কোৱাচেৰে। ইয়াৰ মাজতে অসমৰ দুই এজন কৃষকে স্কোৱাচৰ খেতি কৰি যথেষ্ট লাভান্বিত হৈছে। এই স্কোৱাচ খেতি কৰা কৃষকসকলৰ সফলতাই প্ৰমাণ কৰি দেখুৱাইছে যে অসমৰ জলবায়ু স্কোৱাচ খেতিৰ উপযোগী আৰু এই খেতিৰ দ্বাৰা যথেষ্ট লাভান্বিত হ’ব পাৰে আমাৰ অসমৰ কৃষকসকল।

প্ৰথম কথা স্কোৱাছ এবিধ বহুবৰ্ষজীৱি উদ্ভিদ। ইয়াক এবাৰ কৰিলে কৃষকসকলে ২ পৰা ৩ বছৰলৈ ইয়াৰ ফল পাই থাকিব পাৰিব। কৃষকসকলে, স্কোৱাছৰ খেতি জানুৱাৰী-ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ কৰি মাৰ্চ-এপ্ৰিললৈকে ইয়া্ৰ খেতি কৰিব পাৰে। স্কোৱাছৰ বীজ হিচাপে কৃষকসকলে একোটা পুৰঠ স্কোৱাছ ৰোপন কৰিব পাৰে নাইবা স্কোৱাচৰ বীজো কৃষকসকলে ৰোপন কৰিব পাৰে। স্কোৱাছৰ বীজ ফিলিপকাৰ্ট, এমাজন আদি অনলাইন মাৰ্কেটত উপলব্ধ। আগ্ৰহী কৃষকসকলে এমাজন বা ফিলিপকাৰ্টত গৈ অৰ্ডাৰ কৰিলেই ঘৰতে লাভ কৰিব স্কোৱাছৰ বীজসমূহ।

লগতে পঢ়ক- 

Horticulture : এবিঘা মাটিত মাত্ৰ এবাৰ আৰম্ভ কৰি গোটেই জীৱন পাওঁক ফল

আমাৰ কৃষকসকলে যিকোনো শস্য ৰোপন কৰিবলৈ পথাৰখন কেনেদৰে প্ৰস্তুত কৰিব লাগে সেই কথা জানেই। যদিও থুলমুলকৈ স্কোৱাছ খেতিৰ বাবে পথাৰখন কেনেকৈ সাজু কৰিব লাগে সেই বিষয়ে দুটা মান কথাও কওঁ- পানী জমা নোহোৱা ওখ বালি অহীয়া মাটি স্কোৱাছ খেতিৰ উপযোগী।  কৃষকসকলে স্কোৱাছৰ বাবে প্ৰস্তুতি চলোৱা পথাৰখন হাল বায়, মৈয়াই আলু তলীৰ দৰে কৰিব লাগে। পথাৰখন আলু তলীৰ দৰে কৰাৰ পাছতে শাৰীৰ পৰা শাৰীৰ ৩ মিটাৰ দূৰত্ব কৰি আৰু এটা পুলিৰ পৰা এটা পুলিৰ দূৰত্ব আঢ়ৈ মিটাৰ কৰি স্কোৱাচৰ পুলিসমূহ ৰোপন কৰিব লাগে। এনেদৰে অলপ বেছি দূৰত্ব কৰিলে সাৰপানী যোগাবলৈ, অলাগতিয়াল বন-বাতবোৰ আঁতৰাই দিবলৈ কৃষকজনৰ সুবিধা হ’ব।  তদুপৰি স্কোৱাছ এবিধ লতাজাতীয় উদ্ভিদ। ই বগাই যাবলৈ কৃষকজনে হেণ্ডালিৰ ব্যৱস্থাও কৰিব লাগিব। গতিকে পুলি আৰু শাৰীবোৰৰ মাজত দুৰত্ব ৰাখিলে পুলি ৰোপনৰ পৰৱৰ্তী কামসমূহ কৰিবলৈ সুবিধা হ’ব।

পুলি ৰোপনৰ পাছতে কৃষকজনে স্কোৱাছৰ লতাবোৰ বগাই যাবৰ বাবে হেণ্ডালি বনোৱাৰ প্ৰস্তুতি চলাব লাগিব। হেণ্ডালিখনৰ খুঁটা মজবুট হোৱাৰ লগতে মাটিৰ পৰা খুঁটাবোৰৰ উচ্চতা ছ ফুটৰ ওপৰ হ’ব। কাৰণ এনে কৰিলে গছত লগা স্কোৱাছবোৰ ছিঙিবলৈ কৃষকজনৰ সুবিধা হয়। আৰু হেণ্ডালিখনৰ খুঁটাবোৰ এইকাৰণেই মজুবট হ’ব লাগে যাতে দুবছৰ তিনিবছৰৰ বাবে বেয়া হৈ নাযায়। যিহেতু স্কোৱাছ এবিধ বহুবৰ্ষজীৱি উদ্ভিদ। হেণ্ডালিৰ বাবে আজিকালি আমাৰ বহু কৃষকে প্লাষ্টিকৰ নেট ব্যৱহাৰ কৰে। স্কোৱাছ খেতিৰ বাবেও প্লাষ্টিকৰ নেট ব্যৱহাৰ কৰিব পাৰে। নাইবা কৃষকসকলে বাঁহৰ পৰা ঘৰৰ চাল বনোৱাৰ দৰে বনাই হেণ্ডালিখন প্ৰস্তুত কৰিব পাৰে।

যিকোনো খেতিৰ পৰা কৃষকজনে সফলতা লাভ কৰিবলৈ তেওঁ কৰা খেতি ডৰাত, যত্ন, সাৰ-পানী নিয়মিত যোগান ধৰিব লাগিব। পোক-পৰুৱা, ভেঁকুৰ আদিৰ পৰা শস্যসমূহ বচাই ৰাখিবলৈ বিজ্ঞানসন্মতভাৱে কীটনাশক প্ৰয়োগ কৰিব লাগিব। লগতে কৃষকজনে সফলতা পাবলৈ স্বাস্থ্যসন্মত আৰু উন্নত সঁচৰ বীজৰ উপৰতো গুৰুত্ব দিব লাগিব। ওপৰৰ কামসমূহ নিয়মিতভাৱে কৰি গ’লে নিশ্চিতভাৱে স্কোৱাছ খেতিৰে আপুনিও নিশ্চিতভাৱে সফলতা লাভ কৰিব।

লগতে পঢ়ক- 

বোকাখাটৰ কৃষকে ৫,৫০০ বিঘা মাটিত কৰা সৰিয়হ, আলু আৰু ৰঙালাও খেতি পৰিদৰ্শন কৃষিমন্ত্ৰীৰ

English Summary: Squash Farming Mathods & its Benefit
Published on: 30 December 2023, 02:55 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now