1. News

বোকাখাটৰ কৃষকে ৫,৫০০ বিঘা মাটিত কৰা সৰিয়হ, আলু আৰু ৰঙালাও খেতি পৰিদৰ্শন কৃষিমন্ত্ৰীৰ

PANKAJ KHANIKAR
PANKAJ KHANIKAR

বৃহস্পতিবাৰে বোকাখাতৰ ১ নং চিনাকানা গাঁৱত অঞ্চলটোৰ ১০৫গৰাকী কৃষকে ২,৫০০ বিঘা ভূমিত কৰা সৰিয়হ, ৫০০ বিঘা ভূমিত কৰা আলু আৰু ২৫০০ বিঘা ভূমিত কৰা ৰঙালাউৰ লগতে কবি, বেঙেনা আদি পাচলিৰ খেতি পৰিদৰ্শন কৰে কৃষিমন্ত্ৰী অতুল বৰাই।

কৃষিপথাৰ পৰিদৰ্শন কালতে অঞ্চলটোৰে এজন প্ৰগতিশীল কৃষক পাপুমণি হাজৰিকাই কৰি অহা মৌ-পালন পৰিদৰ্শন কৰে মন্ত্ৰী অতুল বৰাই। এই সন্দৰ্ভত তেওঁ কয়- প্ৰগতিশীল কৃষক পাপুমণি হাজৰিকাই "এপিজ মেলিফেৰা" আৰু "এপিজ ছেৰেনা ইণ্ডিকা" শীৰ্ষক দুটা প্ৰজাতিৰ মৌ-পালনেৰে স্বাৱলম্বিতাৰ দিশত গ্ৰহণ কৰা প্ৰয়াস দেখি আপ্লুত হ'লোঁ।

কৃষকসকলৰ কৃষি পথাৰ পৰিদৰ্শন কৰি তেওঁ কয়- আত্মনিৰ্ভৰ অসম গঢ়াৰ এই সেনানীসকলৰ সবল প্ৰয়াস দেখি মনটো অত্যন্ত ভাল লাগিল। তেওঁলোকক মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰোঁ।

লগতে তেওঁ কয়- বছৰি তেওঁ ৫-৬ কুইণ্টল মৌ উৎপাদন কৰাৰ বিষয়ে জানি আপ্লুত হৈছোঁ। তেওঁকো মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। লগতে বিভাগৰ তৰফৰপৰা সম্ভৱপৰ সা-সুবিধা আগবঢ়োৱাৰো তেওঁক আশ্বাস দিওঁ।

ইফালে, পৰিদৰ্শনৰ সময়ত কৃষিমন্ত্ৰীগৰাকীৰ সৈতে উপস্থিত থকা বোকাখাত মহকুমা কৃষি বিভাগৰ বিষয়াক কৃষকসকলক প্ৰয়োজনীয় সহায়-সহযোগিতা সময়মতে আগবঢ়াবলৈ কৃষকসকলক নিৰ্দেশনা দিয়ে মন্ত্ৰীগৰাকীয়ে। লগতে শস্য উৎপাদন প্ৰক্ৰিয়াৰ সময়খিনিত কৃষকসকলে কোনো অসুবিধাৰ সন্মুখীন হ'বলগীয়া নহয় তাৰ প্ৰতিও দৃষ্টি ৰাখিবলৈ কৃষি বিষয়াসকলক আহ্বান জনায়।

লগতে পঢ়ক- 

MFOI-2024 : দেশৰ সৰ্ববৃহৎ কৃষি বঁটা MFOI-2024 বাবে আবেদন কৰক

English Summary: Atul Borah visit farmers field of Bokakhat

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.