Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 3 December, 2021 5:07 PM IST

সাধাৰণতে আম্লীক মাটিৰ ক্ষেত্ৰত চূণ প্ৰয়োগ কৰা হয় (১) মাটিৰ অম্লতা প্ৰশমিত কৰাৰ কাৰণে,(২)যথোপযুক্ত শস্য, পশুৰ খাদ্য ঘাঁহ বন, গছ-গছনি, আৰু ফুল তথা শোভা বৰ্ধক গছ-গছনি আদিৰ বৃদ্ধিৰ কাৰণে। যদিওবা আগতে চূণৰ প্ৰয়োগ কৰা হৈছে, নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে মাটিৰ নমুনা পৰিক্ষা কৰিব লাগে আৰু শস্যানুসৰি পোৱা মাটিৰ নমুনাৰ পৰিক্ষাৰ ফলাফলৰ ওপৰত নিৰ্ভৰ কৰি চূণৰ প্ৰয়োগ কৰিব লাগে ।

মাটি অম্লতা হোৱাৰ ধৰণ আৰু কাৰণ :

মাটিৰ অম্লতা বা ছয়ল এছিডিটিৰ দ্বাৰা ধনাত্মক আধাৰযুক্ত হাইড্ৰজেন আৰু এলুমিনিয়ামৰ পৰিমাণ বৃদ্ধি পায়, তেতিয়া মাটি আম্লিক হয় । আৰু মাটিত ঋণাত্মক আৰু ধণাত্মক আধাৰ কণাৰ মাজত কেটয়ান এক্সছেন্স কেপাছিটি বাধাপ্ৰাপ্ত হয় ফলত গছৰ শ্ৰীবৃদ্ধিত ব্যাঘাত জন্মে । সেইকাৰণে কোৱা হয় যেতিয়া মাটিত অম্লতাৰ পৰিমাণ বৃদ্ধি পায় তেতিয়া শিপাৰ তথা গছৰ বৃদ্ধি নহয় বা বৃদ্ধিত ব্যাঘাত জন্মে ।
বছৰৰ পিচত বছৰ ধৰি গছ-গছনিৰ অৱশিষ্ট অংশ, আৰু জৈৱ সাৰৰ পচন ক্ৰিয়াৰ ফলত উৎপন্ন হোৱা হাইড্ৰোজেন মাটিত যোগ হয় আৰু কেলছিয়াম আৰু মেগ্নেছিয়াম তললৈ বৈ যোৱাৰ ফলত, নাইট্ৰজেন জাতীয় সাৰ( ইউৰিয়া, ডি এ পি আদি)ৰ নাইট্ৰিফিকেশ্বনৰ ফলত, অথবা পচন সাৰ মাটিত প্ৰয়োগ কৰাৰ ফলত মাটিত অম্লতাৰ পৰিমাণ বৃদ্ধি পায়। চূণৰ প্ৰয়োগে মাটিত থকা হাইড্ৰজেন আৰু এলুমিনিয়ামৰ লগত বিক্ৰিয়া ঘটাই মাটিৰ অম্লতা প্ৰশমিত কৰে ।

মাটিৰ পিএইচ (PH)য়েই মাটিৰ অম্লতাৰ প্ৰদৰ্শক। পি এইচ ৭.০ হলে মাটি প্ৰশমিত অৱস্থাত (Neutral) থকা বুলি কোৱা হয় । পিএইচৰ মান ৭.০ তকৈ কম হলে আম্লিক আৰু ৭.০ তকৈ বেছি হলে বেছিক বা এলকালাইনিটি বুলি কোৱা হয় । মাটি এডৰাৰ পিএইচ ভেলু ৫ থাকিলে ই পিএইচ ভেলু ৬ তকৈ ১০ গুণ বেছি আম্লিক হয়, আৰু এই ৫ পিএইচ ভেলু পিএইচ ভেলু ৭ তকৈ ১০০ গুণে বেছি আম্লিক হয় । বেছিভাগ শস্য বা গছেই অলপ পৰিমাণৰ আম্লিক মাটিত কৰা হয়।

সঠিক ভাবে চূণ প্ৰয়োগৰ উপকাৰীতা :

সঠিক ভাবে চূণ প্ৰয়োগৰ বহু ধৰণৰ উপকাৰীতা পোৱা যায়, যেনে –

১. উদ্ভিদ বা গছে শিপাৰ গঠণ উন্নত কৰে কিয়নো শিপাবোৰ বিষাক্ত এলুমিনিয়ামলৈ কম সংস্পৰ্ষলৈ আহে। আৰু ভাল শিপাৰ বৃদ্ধিয়ে খৰাং বতৰৰ সহণশীলতা বঢ়ায় ।

২. চূণ হৈছে কেলছিয়ামৰ এটা উত্স । আৰু যদি ডোলোমাইটিক চূণ ব্যৱহাৰ কৰা হয় তেন্তে কেলছিয়ামৰ লগে লগে মেগ্নেছিয়ামৰো যোগান ধৰা যায় ।

৩. পিএইছ ভেলু বঢ়াৰ লগে লগে পোষক মৌল সমূহৰ দ্ৰৱণীয় ক্ষমতা বঢ়ায় ফলত গছে সঠিক মাত্ৰাত পোষক মৌলৰ যোগাণ পায় । বেছিভাগ শস্যৰেই পিএইছ ভেলু হল ৫.৫ পৰা ৬.৫ লৈ।

৪. চূণৰ প্ৰয়োগে মাটিৰ কেটায়ণ এক্সচেন্স কেপাছিটি বঢ়ায় ফলত বিশেষকৈ পটাছিয়ামৰ লিচিং প্ৰক্ৰিয়া কমাই দিয়ে ফলত পোষক মৌলৰ অপচয় কমি যায় ।

৫. মাহজাতীয় শস্যৰ শিপাত টেমুনা (নডিউল) গঠন প্ৰক্ৰিয়া দ্ৰুত হয় ফলত বায়ুৰ পৰা টেমুনাবোৰত নাইট্ৰজেন সংগ্ৰহ কৰা কাৰ্য বৃদ্ধি পায়৷

৬. সঠিক পিএইচ ভেলুয়ে অপতৃণ নিয়ন্ত্ৰণনাশকবোৰৰ কিছুমাণৰ ৰাসায়নিক গঠন ভাঙ্গী দিয়ে ফলত শস্যৰ একো ক্ষতি নহয় ।

  মন কৰিবলগীয়া কথা যে কোনো এটা নিৰ্দিষ্ট পিএইচ ভেলু সকলো শস্যৰ কাৰণে প্ৰজয্য নহয় অৰ্থাত্ বেলেগ বেলেগ শস্যৰ কাৰণে বেলেগ বেলেগ পিএইচ ভেলু থাকে ।সাধাৰণতে পিএইচ ভেলু ৫.৫ ৰ পৰা ৬.৫ লৈ শস্যৰ কাৰণে উপযোগী ।

পৰীক্ষাগাৰত মাটিৰ নমুনা পৰীক্ষা কৰি নিৰ্দিষ্ট শস্যভূমিৰ বাবে পিএইচ ভেলু নিৰ্ধাৰণ কৰা হয় । কেতিয়াবা বিভিন্ন পৰীক্ষাগাৰত মাটিৰ নমুনা পৰীক্ষা কৰা পদ্ধতি নিৰ্দিষ্ট মাটি এডোখৰৰ বাবে বেলেগ বেলেগ ধৰণে কৰা হয়। ফলত অনুমোদিত পিএইচ ভেলু ঠাই আৰু মাটি বিশেষে একে নহৈ বেলেগ বেলেগ হব পাৰে ।

চূণৰ বাবে ব্যৱহৃত চূণসাৰ সমূহ দূটা ভাগত পোয়া যায় :

১) কেলছাইটিক লাইম,
উদাহৰণঃ (ক) কেলছিয়াম কাৰ্বোনেট (Calcium Carbonate)
(খ) কেলছিয়াম হাইড্ৰক্সাইড (Calcium Hydroxide)
(গ) কেলছিয়াম অক্সাইড (Calcium Oxide)

২) ডোলোমাইটিক লাইমঃ
উদাহৰণঃ মেগনেছিয়াম কাৰ্বোনেট । যিবোৰ মাটিত মেগনেছিয়ামৰ পৰিমাণ কম থাকে, তাত ডোলোমইটিক লাইম প্ৰয়োগ কৰিব পাৰি ।
অৱশ্যে মাটিৰ নমুনা পৰীক্ষা কৰিলে বুজা যাব কোনবিধ চূণ প্ৰয়োগ কৰিবলৈ বেছি উপযোগী হব ।
শস্যানুযায়ী খেতি পথাৰত সুষম সাৰ অনুমোদিত হাৰত প্ৰয়োগ কৰাৰ পিছতো কিছুমান ক্ষেত্ৰত দেখা যায় গছৰ বৃদ্ধি আৰু উৎপাদনৰ পৰিমাণ আগতকৈ কম হোৱা পৰিলক্ষিত হয় | তেতিয়া একো ভাবিব নোৱাৰা পৰিস্থিতিৰো মুখামুখী হব লগা হয় | উদ্ভিদে মাটিৰ পৰা সাৰ আৰু খনিজ পদাৰ্থ সমূহ গ্ৰহণ কৰা কাৰ্য নিৰ্ভৰ কৰে সেই মাটিৰ pH value ৰ ওপৰত | নিৰ্দিষ্ট pH ভেলুত নিৰ্দিষ্ট প্ৰকাৰৰ শস্যৰ খেতি কৰিব পাৰি।

pH ভেলু অনুসৰি বহলভাৱে মাটি দুই ধৰণৰ হয় ৷

যেনে-

1. আম্লিক মাটি (Acidic soil) : pH value  ১ ৰ পৰা ৭ লৈ।

2. বেছিক মাটি ( alkaline soil):  pH value ৭ ৰ পৰা ১৪ লৈকে ৷

আমাৰ প্ৰায়বোৰ শস্যই pH ভেলু ৫.৫ ৰ পৰা ৭ ৰ ভিতৰত উৎকৃষ্ট ফল দেখুৱায় | pH value কম হ'লে এচিডিটি বাঢ়ি যায় আৰু মাটিডৰা খেতিৰ বাবে অনুপযোগী হৈ পৰে | মাটিডৰা খেতিৰ উপযোগী কৰি তুলিবলৈ হ'লে "চূণৰ - Lime) প্ৰয়োগ কৰিব লাগে | মাটি এডোখৰৰ pH ভেলুও মাটিৰ নমুনা পৰীক্ষাৰ দ্বাৰা নিৰ্ণয় কৰা হয় |

সাধাৰণতে ধান খেতিৰ ক্ষেত্ৰত তিনি বছৰৰ মূৰে মূৰে খৰালি কালত বিঘা প্ৰতি ৩ (তিনি) কুইণ্টল পৰিমাণৰ ডোলোমাইট চূণ ধান ৰোৱাৰ এক মাহ আগতে মাটিত প্ৰয়োগ কৰিব লাগে |কৃষি চূণ ( Agriculture Lime) পোৱা যায়, সেইবোৰো  নিৰ্দিষ্ট পৰিমাণৰ নিৰ্দিষ্ট শস্যৰ বাবে আৰু নিৰ্দিষ্ট সময়ত প্ৰয়োগ কৰিব পাৰি | আৰু মাহ জাতীয় শস্যৰ বাবে প্ৰতি বিঘাত ৬৫.৫ কেজি ডোলোমাইট লাইম ২০ ৰ পৰা ৩০ দিন আগতে প্ৰয়োগ কৰিব লাগে | চূণ প্ৰয়োগ কৰিলে মাটিৰ এচিডিটি গুণ কমোৱাৰ উপৰিও ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে |

যদি pH ভেলু ৭ ৰ পৰা ১৪ ৰ ভিতৰত হলে, বেছিক মাটি (alkaline soil) বুলি কোৱা হয় আৰু মাটিৰ ছেলাইনিটি বা এলকালইনিটি কমাবৰ বাবে " জিপছাম প্ৰয়োগ কৰিব লাগে |

গতিকে এচিডিক ছয়লত চূণ আৰু এলকালাইন ছয়লত জিপছাম প্ৰয়োগ কৰি মাটিৰ pH ভেলু সঠিক মাত্ৰাত লৈ আনি খেতিৰ উপযোগী মাটি কৰি তোলা হয় | ইয়াকেই " Soil Amendment " কৰা বুলি কোৱা হয় |

চূণ আৰু জিপছাম প্ৰয়োগৰ বাবে নিৰ্দিষ্ট শস্যৰ বাবে প্ৰয়োজনীয় পৰিমাণ কিমান হব তাৰ তথ্য জানিবৰ বাবে মাটি পৰীক্ষাগাৰত মাটিৰ নমুনা পৰীক্ষা কৰি লোৱাটো একান্ত বাঞ্চনীয় আৰু খেতি পথাৰত ২০ৰ পৰা ৩০ দিন আগতে প্ৰয়োগ কৰি অধিক উৎপাদন কৰাৰ লগতে কিছু পৰিমাণে গছৰ ৰোগ আদি প্ৰতিৰোধ কৰিব পাৰি ।

 

লেখক-  শ্ৰী নিৰ্ম্মল চন্দ্ৰ ঘোষ

মহকুমা কৃষি বিষয়া, ধুবুৰী ।

English Summary: Soil acidity and lime application
Published on: 01 October 2021, 11:39 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now