MFOI 2024 Road Show
  1. News

ধান ভাল নোহোৱা আৰু বানপ্ৰৱণ পথাৰবোৰত কি কৰিব!

PANKAJ KHANIKAR
PANKAJ KHANIKAR

অসমৰ অধিকাংশ কৃষকেই ধান খেতি কৰে৷ আছলতে খেতি বুলিলে আজিৰ পৰা ৭-৮ বছৰ আগলৈকে অসমীয়া মানুহে ধান খেতিৰ কথাই বুজিছিল৷ বাৰিষা অহাৰ লগে লগে যুগ যুগ ধৰি কৰি অহা স্বভাৱ অনুসৰি, পথাৰত অসমীয়া মানুহবোৰ নামি পৰে৷ ধান ভাল হওঁক, বেয়া হওঁক, কথা নাই, ৰ’দ-বৰহষুণ কথা নাই অসমীয়া মানুহে ধান খেতি কৰিবই৷ ধান খেতিৰ লগত অসমীয়া মানুহখিনিৰ এনেকুৱা এটা তেজৰ সম্পৰ্ক গঢ় লৈ উঠিছে যে বাৰিষাৰ বতৰত, আঘোণৰ ধান কটা দিনবোৰত গাঁৱৰ পৰা, খেতি-পথাৰৰ পৰা আঁতৰত থকা লোকসকলৰো পথাৰখনলৈ মনত পৰে৷ এই বিষয়টোক লৈ উদ্যমী কৃষক ভৱেন শালৈৰ সৈতে মোৰ কথা হৈছিল৷ তেতিয়া কৈছিল যে ধান খেতিটো অসমীয়া মানুহৰ সংস্কৃতি দৰে হৈ পৰিল৷ অসমৰ প্ৰায় ৮৫ শতাংশ মান পথাৰত জলসিঞ্চন ব্যৱস্থা নাই৷ অথচ ৰ’দে শুকুৱাব বুলি জানিও ভেকুলী বিয়া পাতি হ’লেও অসমীয়া মানুহে ধান খেতি কৰে, বানে দুবাৰ তিনিবাৰ মাৰিলেও সেই একে ঠাইতে পুনৰ ধান খেতি অসমীয়া মানুহে কৰিবই৷ কাৰণ এটাই ধানৰ খেতিয়েই অসমীয়া মানুহৰ বছৰটোৰ চলাই নিয়াৰ একমাত্ৰ সম্বল৷ কিন্তু ধান খেতি ভাল নোহোৱা, বানে ধান খেতি নষ্ট কৰা আৰু খৰাং পথাৰবোৰত যুগ যুগ ধৰি ধান খেতিৰ সলনি অন্য বিকল্প খেতিৰ কথা অসমীয়া দুই এজন কৃষকৰ বাঢ়িৰে আজিলৈকে অধিকাংশ কৃষকেই নাভাবিলে৷ ফলত কৃষকৰ খেতিডৰা চহোৱাৰ পৰা খেতিডৰা চপোৱালৈ যিমান খৰচ হয় আয় সিমান কিন্তু উপাৰ্জন কৃষকৰ নহয়৷ ১ কেজি ধান উৎপাদন কৰোঁতে যদি ১৪ টকা খৰচ হয় কৃষকজনে বিক্ৰিব লগা হয় ১২ টকাত৷ তদুপৰি কৃষকসকলে ধান উৎপাদন কৰে খৰচ কিমান পৰে আৰু তাৰ অনুপাতে কৃষকজনে ধানৰ দাম নিধাৰণ কৰিব পাৰিব লাগে কিন্তু অসমত ধানৰ দাম নিধাৰণ কৰে ৰামলাল, ৰামপিত, শ্যামজী নামৰ এখিনি মানুহে৷ ফলত অসমৰ কৃষকৰ বিবেকৰ অকৰ্ষণ আৰু এখিনিৰ শোষণৰ বাবে অসমৰ কৃষক আৰু কৃষকৰ অৱস্থাটো পয়াঁলগা অৱস্থাতে আজিও থাকিল৷ এতিয়াও অসমৰ কৃষকে পথাৰত সাৰ প্ৰয়োগ নকৰাকৈ খেতি কৰে [ইয়াত সা্‌ৰ বুলি কওঁতে কেৱল ৰাসায়নিক সাৰৰ কথা কোৱা নাই], বৰষুণৰ ওপৰতেই ভৰষা কৰে আৰু ধান খেতি কৰিব লাগে কাৰণে কৰে৷

কৃষকসকলে ধান খেতি ভাল হোৱা পথাৰবোৰত ধান খেতি কৰক আপত্তি নাই কিন্তু ধান খেতি ভাল নোহোৱা, বানে মৰাৰ সম্ভাৱনা থকা পথাৰবোৰত ধান খেতিৰ সলনি অন্য খেতি নকৰি ধান খেতি কৰি থকাৰ কি যুক্তি আছে! ধানৰ উপৰি বাৰিষা কালত যেনে- তিয়ঁহ, জিকা, ভেণ্ডি, কুণ্ডলি, জাতিলাও, জলকীয়া, মাটিমাহ, তিল, তিতাকেৰেলা, তৰমূজ, চিৰাল, মৰাপাত আদি বিভিন্ন ধৰণৰ শস্যৰ খেতি হয়৷ এই শাক-পাচলিসমূহৰ বজাৰত দামো অতি বেছি৷ ১ কিলোগ্ৰাম ধানৰ দাম সাধাৰণতে ১৩-১৪ টকা৷ কিন্তু উল্লিখিত শাক-পাচলিসমূহৰ দাম ৪০ টকাৰ কোনোগুণে কেতিয়াও কম নহয়৷ অথচ কিন্তু ধান খেতিয়েই কৰিব অসমীয়া মানুহে৷ এনেদৰে ধান খেতি কৰাৰ পাছতো কিন্তু পাঞ্জাৱ-হাৰিয়ানাৰ চাউলৰ অবিহনে অসমৰ মানুহে পেটত গামোচা মাৰিব লাগিব৷ পাঞ্জাৱ-হাৰিয়ানাৰ দৰে অসমো এখন কৃষিপ্ৰধান ৰাজ্য৷ অথচ কিন্তু দ্দৈনদিন জীৱনত প্ৰয়োজন হোৱা প্ৰতিটো বস্তুৰ বাবে এই ৰাজ্যসমূহৰ ওপৰত নিৰ্ভৰ কৰিব লগা হয় অসম৷ কাৰণ এটাই এই কৃষকসকলে নিজকে সময়ৰ সলনি কৰি গৈছে৷ গতিকে তেওঁলোকে এক স্বচ্চল জীৱন-যাপন কৰে৷ আমাৰ কলেজ-বিদ্যালয় বিলাকত তোমাৰ দেউতাই কি কৰে বুলি ছাত্ৰ বা ছাত্ৰীগৰাকী সুধিলে কৃষক সন্তানসকলে প্ৰথমে একো নকৰে বুলিয়েই ক’ব৷ কেইবাৰো সুধাৰ পাছতহে গম পোৱা যায় খেতি কৰে বুলি৷ কিন্তু উল্লিখিত ৰাজ্যসমূহৰ কৃষক সন্তানে ‘কৃষকৰ পুতেক’ বুলি গৌৰৱ কৰে আৰু¸ উচ্ছ শিক্ষা গ্ৰহণ কৰাৰ পাছতো দেউতাকৰ বৃত্তিটো গ্ৰহণ কৰিবলৈ কুণ্ঠাবোধ নকৰে৷ আমাৰ ইয়াত আকৌ খেতিয়কৰ চেহেৰা সাৰ-ছাল ওলোৱা, খাবলৈ নোপোৱাৰ দৰে৷ বাপেকৰ এনে চেহেৰাটো দেখি কোন পুতেকে কৃষক হ’বলৈ দুঃসাহ কৰিব৷ বিয়াপাতি কৰিবলৈ একো কাম নাপালেহে খেতি কৰিব৷ সাধাৰণ মিস্ত্ৰিৰ যোগালি এটাৰ কাম পালেও কৃষকৰ সন্তানে খেতি ত্যাগ কৰে৷ প্ৰয়োজন হ’লে টাউনত গৈ চিকিউৰিটি কৰিব, প্ৰয়োজন হ’লে কোম্পানীত ওপৰৱালাৰ গালি-ধমকি খাই চতুৰ্থ শ্ৰেণী কাম কৰিব৷

লগতে পঢ়ক- 

সুগন্ধি বিৰিণাৰ শিপাই ১৪-১৫ ফুট গভীৰলৈকে মাটিক খামুচি ধৰে

আমাৰ আলোচ্য বিষয় আছিল ধান ভাল নোহোৱা পথাৰবোৰত অন্য খেতি কৰি আমি লাভাৱান্বিত হ’ব পাৰি নেকি! ধান খেতিৰ বিকল্প হিচাপে দুই- এজনে অৱশ্যে অন্য শস্যৰ খেতি পৰীক্ষামূলক কৰাৰ আৰম্ভ কৰিছে কিন্তু সেয়া বিস্তৃত নহয়৷ আৰু সেয়া দুই এজনৰ মাজত পৰীক্ষামূলক অৱস্থাতে এই ধান খেতিৰ বিকল্প পদ্ধতি সীমাবদ্ধ হৈ আছে৷ এইক্ষেত্ৰত আমাৰ ৰাজ্য চৰকাৰখনে কৃষকৰ কল্যাণৰ বাবে বিভিন্ন আঁচনি গ্ৰহণ কৰিছে যদিও ধানৰ খেতিৰ বিকল্প হিচাপে অন্য খেতিৰ বাবে কোনো পৰিকল্পনা গ্ৰহণ কৰা নাই৷ কিন্তু প্ৰতিবছৰে অনাবৃষ্টি আৰু বাৰিষাৰ বান ধান খেতিৰ উৎপাদনত ক্ৰমশঃ প্ৰাচীৰ হৈ আহিছে৷ তৎসত্ত্বেও ৰাজ্য চৰকাৰখনে এইক্ষেত্ৰত গ্ৰহণ কৰা নাই কোনো পদক্ষেপ৷ দেখিবলৈ পোৱা যায় বানে মৰা ধান পুনৰ ৰোপণৰ বাবে পথাৰে পথাৰে দামী চুৰিয়া-পায়জামা পিন্ধি কঁঠীয়া সিঁচে অসমৰ কেইজনমান মন্ত্ৰী-বিধায়কে৷ কিন্তু চৰকাৰখনে বানপ্ৰৱণ অঞ্চলসমূহ চিনাক্ত কৰি এই শস্যভূমিসমূহত ধান খেতিৰ পৰিৱৰ্তে অন্য শস্যৰ খেতি কৰিব পাৰি নেকি! এনেধৰণৰ গৱেষণামূলক চিন্তা-ধাৰাৰ প্ৰয়োজনীয়তা আছিল৷ কিন্তু সেয়া অসমত কেতিয়া হৈ উঠিব সেয়া অনুমানৰ বাহিৰত৷ কাৰণ এনে যোগাত্মক চিন্তাধাৰাক কোনেও সন্মান নজনায়৷ হিন্দু-মুছলমানৰ মাজত বিভাজন আৰু সাম্প্ৰদায়িক মন্তব্য কৰিব পৰা বিধায়কেহে অসমত মন্ত্ৰিত্বৰ স্থান পায়৷

কিন্তু এইক্ষেত্ৰত আজিৰ পৰা বহু পূৰ্বেই হাৰিয়ানাৰ চৰকাৰে গ্ৰহণ কৰিছিল বিশেষ পদক্ষেপ৷ ধানৰ পৰিৱৰ্তে পথাৰত আন কিছু শস্য ৰোপণ কৰা কৃষকসকলক প্ৰতি একৰ ভূমিত ৭০০০ টকাৰ ৰাজসাহায্য প্ৰদান কৰিছিল পৰীক্ষামূলক ভাৱে অন্য খেতি কৰিবলৈ৷ শস্য ভাল নহ’লেও যাতে কৃষকজনৰ লোকচান নহয়৷ উল্লেখ্য যে হাৰিয়ানা চৰকাৰে শস্য বিবিধকৰণ আঁচনিৰ অধীনত গ্ৰহণ কৰিছিল এই বিশেষ পদক্ষেপ৷ ইফালে, যিসকল কৃষকে পথাৰত ধান ৰোপণ নকৰে আৰু পথাৰবোৰ খালী ৰাখে তেওঁলোককো এই আঁচনিৰ সুবিধা প্ৰদান কৰি বিকল্প খেতিৰ বাবে আগ্ৰহী কৰি তুলিছে৷ উল্লেখ্য যে হাৰিয়ানাৰ এটা বৃহৎ এলেকা পানীৰ সংকটৰ মাজত আছে৷ ইফালে ভূগৰ্ভস্থ পানীৰ সংকটো প্ৰতিদিনে বাঢ়িছে আহিছে৷ এনে পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ হাৰিয়ানা চৰকাৰৰ এই পদক্ষেপ সঁচাকৈ প্ৰশংসনীয়৷

অসম চৰকাৰ আৰু অসমৰ কৃষক ৰাইজে বান, অনাবৃষ্টি তথা খৰাঙৰ সৈতে মোকাবিলা কৰিব পৰাকৈ ধানৰ বিকল্প হিচাপে অন্য শস্যৰ খেতি কৰা কথা চিন্তা কৰিবৰ হ’ল৷ আৰু আমি কৃষকসকলেও কেৱল পৰম্পৰাগতভাৱে ধান কৰিৱ লাগে কাৰণেই বানে মাৰিলেও, কীট-পতংগই খাই মাৰিলেও, অনাবৃষ্টিত মৰি লোকচানৰ সন্মুখীন হ’লেও কৰিম থাকিম নে! ইয়াৰ প্ৰতিকাৰৰ কথা চিন্তা কৰিম! ইয়াৰ মাজতে কিন্তু অসমৰ কৃষক ৰাইজে জনা-নজনাকৈ ঠাইভেদে মাহ, সৰিয়হ, ৰবৰ, চাহ আদি খেতিৰে হাৰিয়ানা চৰকাৰে গ্ৰহণ কৰা শস্য বিবিধকৰণ আঁচনিৰ কামকে কৰি আহিছে৷ চৰকাৰৰ অনুপ্ৰেৰণা অবিহনে৷ উল্লেখনীয় যে শেহতীয়াকৈ ৰাজ্য চৰকাৰে জোৱাৰ অভিযান নামৰ এখন আঁচনি গ্ৰহণ কৰিছে৷ কিন্তু আজিও নাজানে কৃষক ৰাইজে কি এই জোৱাৰ আঁচনি৷ টিভিত, বাতৰি কাকতৰ বিজ্ঞাপনত এইবোৰ থিক মতে চলি আছে৷ কৃষকসকলক জনাও যে এই আঁচনিৰ অধীনত বানপানীৰ পাছত বানে মৰা ধানৰ পথাৰসমূহত জোৱাৰ নামৰ এবিধ শস্যৰ খেতি কৰিবলৈ কৃষকসকলক অনুদান প্ৰদান কৰে চৰকাৰে৷ চৰকাৰী পৰ্টেলৰ অনুসৰি ঠায়ে এই খেতি কৰা হৈছে৷ কিন্তু প্ৰমাণ নাই৷ যদিহে এই আঁচনিৰ সফল ৰূপায়ণ হয় নিসন্দেহে কৃষকসকলৰ বাবে এটা ভাল খবৰ হ’ব৷লে

লেখক- পংকজ খনিকৰ

ফোন -৮৪৮৬৬৮৭৫৫৬

লগতে পঢ়ক- 

পৰম্পৰাগত গো-পালনে অসমৰ কৃষিখণ্ডক ৫০ বছৰ পিছুৱাই ৰাখিছে

 

English Summary: Alternative Paddy cultivation (1)

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.