1. এগ্ৰিপেডিয়া

Agriculture Loan: অসমত কৃষি ঋণৰ সমস্যা

RAHUL ALI
RAHUL ALI
অসমত কৃষি ঋণৰ সমস্যা
অসমত কৃষি ঋণৰ সমস্যা

অসম এখন কৃষিভিত্তিক অৰ্থনীতিৰ ৰাজ্য হিচাপে ইয়াত কৃষি ঋণৰ বিশেষ প্ৰয়োজনীয়তা আছে। কাৰণ কৃষিকাৰ্য্যত আৰম্ভনিৰ পৰা শেষলৈকে বহু কাৰ্য্য আছে যিবোৰ মূলধন যোগানৰ ওপৰত নিৰ্ভৰশীল। বৰ্ত্তমান অসমৰ কৃষিব্যৱস্থা লাহে লাহে আধুনিকীকৰণ (যান্ত্ৰিকীকৰণ) হোৱাৰ বাবে কৃষিকাৰ্য্যৰ বাবে আগতকৈ বেছি মূলধনৰ প্ৰয়োজন হৈছে। আৰম্ভনিতে মাটি চহোৱাৰ কাৰনে টেক্টৰ আৰু পাৱাৰ টিলাৰ, কৃষিৰ উৎপাদন বৃদ্ধিৰ বাবে উচ্চ উৎপাদনক্ষম বীজৰ ব্যৱহাৰ, কৃষিজাত শস্যসমূহ লহপহিয়াকৈ বাঢ়িবৰ বাবে কৃষিত ৰাসায়নিক সাৰৰ ব্যৱহাৰ, কৃষিজাত উৎপাদন সমূহ বহু দিনলৈ ভালে থাকিবৰ বাবে, শীত তাপ নিয়ন্ত্ৰিত ভড়াল, পোক-পৰুৱা মাৰিবৰ বাবে স্প্ৰে, নিয়মীয়া পানী যোগানৰ বাবে জলসিঞ্চনৰ ব্যৱস্হা আৰু আধুনিক যন্ত্ৰ পাতি ক্ৰয় কৰিবলৈ অধিক পৰিমাণৰ মূলধনৰ প্ৰয়োজন।

আকৌ, আমাৰ বাজ্যৰ ভিতৰুৱা ঠাই যিবোৰত কৃষি যান্ত্ৰিকীকৰণ হোৱা নাই বা এতিয়াওঁ পুৰনীকলিয়া কৃষি ব্যৱস্থা প্ৰবৰ্ত্তন হৈ আছে; সেইবোৰ ঠাইত হাল বোৱাৰ বাবে গৰু বা ম'হ, মাটি চহাবৰ বাবে নাঙল আৰু ধান কাটিবলৈ কাচি পৰ্য্যন্ত কিনিবলৈ কৃষি ঋণৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়।

আমাৰ কৃষকসকলে কৃষিৰ বাবে প্ৰয়োজন হোৱা মূলধন সমূহ পায় প্ৰধানকৈ দুটা উৎসৰ পৰা। তাৰে এটা হল-

  • কৃষিৰ আয়ৰ পৰা সৃষ্টি হোৱা সঞ্চয় আৰু দ্বিতীয়টো হল

  • কৃষি ঋণৰ উৎসৰ পৰা।

কিন্তু আমাৰ নিচিনা এখন মূলধন তাকৰ ৰাজ্যত কৃষকৰ কৃষিৰ অতীত আৰু চলিত সঞ্চয়ৰ পৰা কৃষিৰ বাবে প্ৰয়োজনীয় বিত্তৰ যোগান ধৰাতো সম্ভৱ নহয়। দেখা যায় যে আমাৰ কৃষিব্যৱস্থাৰ সংগঠনমূলক দূৰ্বলতাৰ বাবেও কৃষকসকলৰ কৃষিকাৰ্য্যৰ পৰা লাভ কৰা মূলধনৰ পৰিমান কম আৰু লগতে সঞ্চয়ো কম। দ্বিতীয়তে আমাৰ ৰাজ্যৰ কৃষকসকল পুৰনি ঋণত জৰ্জৰিত। অৰ্থাৎ আগতে লোৱা ঋণতেই তেওঁলোকে ধাৰুৱা হৈ থাকে বাবে নতুনকৈ ঋণ লবৰ বাবে সক্ষমতাও নাই বা ঋণ লৈ ঘূৰাই দিবলৈ সামৰ্থও নাই। সেয়েহে আমাৰ কৃষকসকলে কৃষিৰ বাবে প্ৰয়োজন বিত্ত কৃষি ঋণৰ দুটা উৎসৰ ওপৰতেই নিৰ্ভৰ কৰে। কৃষি ঋণৰ দুটা উৎস হল (1) আনুষ্ঠানিক উৎস (Institutional sources) আৰু অনানুষ্ঠানিক উৎস (Non-Institutional sources)

আমাৰ দুখীয়া কৃষকসকলে অনানুষ্ঠানিক উৎসৰ পৰা লোৱা ঋণ যেনে মাটিৰ মালিক, কৃষি ঋণদাতা মহাজন আৰু ব্যৱসায়ীসকলৰ পৰা লোৱা ঋণত উচ্চ হাৰত সূত দিবলগীয়া হয়। কেতিয়াবা ঋণৰ মূল অংশখিনি দিব নোৱাৰিলে সুতৰ হাৰ বহু পৰিমাণে ভৰিবলগীয়া হয়। কেতিয়াবা মূল অংশখিনি আৰু সুত দুয়োটা সময়্মতে দিব নোৱাৰিলে কৃষকে থকা ঘৰ-মাটিও মহাজনৰ তাত বন্ধকত থব লগীয়া হয়। আকৌ দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰীৰ মূল্যস্তৰ বৃদ্ধি আৰু কৃষিজাত দ্ৰব্যৰ দৰ বৃদ্ধিৰ বাবে সাধাৰণ কৃষকে ঋণৰ বোজা আগতকৈ বেছিকৈ অনুভৱ কৰে। আনহাতে আত্মীয় স্বজন, বন্ধু-বান্ধবী আৰু ওচৰ চুবুৰীয়াৰ পৰা লোৱা কৃষি ঋণৰ ক্ষেত্ৰত ইমান জটিলতা নাহে যদিও ঋণ লোৱাটোৱেই এটা ভয়ানক লোকচানৰ কথা। কিয়নো হয়টো আত্মীয় স্বজন, বন্ধু-বান্ধবী আৰু ওচৰ চুবুৰীয়াৰ পৰা লোৱা কৃষি ঋণৰ ক্ষেত্ৰত সুতৰ হাৰ তুলনামূলক ভাৱে অইনতকৈ কম যদিও সময়মতে ঋণ ঘুৰাই দিব নোৱাৰিলে দুখীয়া কৃষকসকলে সমস্যাত পৰে।

আনহাতে আনুষ্ঠানিক ঋণৰ উৎস (Institutional sources of credit)ৰ ভিতৰত নাবাৰ্ড (NABARD) অৰ্থাত National Bank for Agriculture and Rural Development, ৰাষ্ট্ৰীয় বানিজ্যিক বেংকসমূহ, সমবায় বেংক আৰু আঞ্চলিক গ্ৰাম্য বেংকসমূহ যেনে Assam Gramin Bikash Bank ইত্যাদি পৰে। আমাৰ কৃষিক্ষেত্ৰত প্ৰয়োজন হোৱা কৃষি ঋণসমূহ কাৰ্য্যকৰী কৰিবৰ বাবে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ (Reserve Bank of India) অধীনত জাতীয় কৃষি ঋণৰ (National Agricultural Credit) দীৰ্ঘকালীন পূঁজি (long term Operation Fund) গঠন কৰা হয়। এই পূঁজিৰ পৰাই ৰিজাৰ্ভ বেংকে ৰাজ্যিক সমবায় বেংকসমূহক প্ৰয়োজনীয় ঋণৰ যোগান ধৰে।

এইদৰে দেখা যায় যে গ্ৰাম্য কৃষকৰ বাবে প্ৰয়োজন হোৱা কৃষি ঋণৰ উৎস পৰ্যাপ্ত পৰিমানেই নাই। অৱশ্যে আনুষ্ঠানিক উৎসৰ পৰা লাভ কৰা ঋণৰ ক্ষেত্ৰত সুতৰ হাৰ অনানুষ্ঠানিক উৎসৰ পৰা লাভ কৰা সুতৰ হাৰতকৈ বহুতো কম। তথাপিতো যিমান পৰা যায় ঋণৰ ওপৰত নিৰ্ভৰ নকৰাটোৱেই মঙ্গলৰ কাম। কিয়নো আমাৰ কৃষকসকলে কৃষি ঋণসমূহ সময়মতে পৰিশোধ কৰিব নোৱাৰাৰ বাবে বংশানুক্ৰমে এই ঋণ বোৰ চলি থাকে। সেয়েহে কোৱা হয় এজন কৃষক ঋণৰ মাজতেই জন্ম হয় আৰু ঋণৰ মাজতেই মৃত্যু হয়। গতিকে এনেকুৱা এটা পৰিস্থিতিত কৃষিৰ উন্নয়নৰ বাবে বিশেষ ব্যৱস্থা হাতত লব নোৱাৰে।

লগতে-আলু আৰু বিলাহীৰ শেহতীয়া ব্লাইট বা লেট ব্লাইট কি?

0 নমিতা দেৱী

সহযোগী অধ্যাপিকা, অৰ্থনীতি বিভাগ

পশ্চিম গুৱাহাটী মহাবিদ্যালয়, ধাৰাপুৰ, গুৱাহাটী-17

English Summary: Problems of Agriculture Loan in Assam

Like this article?

Hey! I am RAHUL ALI. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2022 Krishi Jagran Media Group. All Rights Reserved.