1. এগ্ৰিপেডিয়া

আলু আৰু বিলাহীৰ শেহতীয়া ব্লাইট বা লেট ব্লাইট কি?

RAHUL ALI
RAHUL ALI
Late Blight Disease of Potato and Tomato
Late Blight Disease of Potato and Tomato

আলুৰ লেইট ব্লাইট :

আলুৰ ব্লাইট বেমাৰ আপাতভাবে প্ৰথম মেক্সিকোত উদ্ভৱ হৈছিল। তাৰ পৰা এন্ডিছ আৰু এন্ডিছৰ পৰা ইউৰোপ আৰু ইউ.এছ.এ লৈ সিঁচৰিত হৈ পৰে। আমাৰ ভাৰতবৰ্ষত ১৮৭০ আৰু ১৮৮০ চনৰ ভিতৰত নীলগিৰি পাহাৰত প্ৰথম বাৰৰ বাবে এই বেমাৰ বিধে দেখা দিয়ে। আৰু অতি কম সময়ৰ ভিতৰতেই দাৰ্জিলিং জিলাখনত এই বেমাৰ আক্ৰমণ কৰাৰ প্ৰতিবেদন পোৱা যায়। প্ৰথম বাৰৰ বাবে ১৯১২ ৰ পৰা ১৯৩৩ চনৰ ভিতৰত অসম, বেঙ্গল আৰু বিহাৰত গুৰুতৰ ভাবে এই বেমাৰৰ আক্ৰমণ পৰিলক্ষিত হয়। উত্তৰ ভাৰতত ১৯৪৩ চনত উত্তৰ প্ৰদেশৰ মিৰাট আৰু দেৰাদুন এই বেমাৰ বিধে জানৱাৰীৰ পৰা মে মাহৰ ভিতৰত কৰা আলুৰ দ্বিতীয় খেতিত আক্ৰমণ কৰা দৃষ্টিগোচৰ হয় কিন্তু অক্টোবৰৰ পৰা জানুৱাৰীৰ ভিতৰত কৰা প্ৰথম খেতিত আক্ৰমণ পৰিলক্ষিত হোৱা নাছিল।

তাৰ পিচৰ পৰাই সমতল আলু খেতি কৰা কৃষি ভুমিত প্ৰতি বছৰেই লেইট ব্লাইট বেমাৰ বিধৰ আক্ৰমণ পৰিলক্ষিত হৈ আছে। আলুৰ উপৰিও বিলাহী আদি ছোলানেছীয়া উদ্ভিদত এই বেমাৰে আক্ৰমণ কৰে।

আক্ৰমণিত শস্যৰ গুণাগুণ আৰু উদ্পাদন কমি যায়। আলুগুটিৰ সংখ্যা কম তথা আকাৰ সৰু হৈ যায়। ফলত আলুৰ বজাৰখনৰ পৰা আৰম্ভ কৰি খোৱা টেবুল লৈকে ইয়াৰ চাহিদা কমি যায়।

লেইট ব্লাইট বেমাৰৰ লক্ষণ :

আলু-বিলাহীৰ প্ৰধান মহামাৰী বেমাৰটোৰ নাম হল লেইট ব্লাইট । এই বেমাৰটোৰ বাবেই কৃষকৰ মন ভাগি পৰে । লেইট ব্লাইট এটা ভেঁকুৰ জাতীয় বেমাৰ । প্ৰথম অৱস্থাত পুৰঠ পাতৰ তলফালে চেকুৰা চেকুৰকৈ একোটা চকলা চকলা দাগ দেখা যায় । অনুকূল বতৰত দুই তিনিদিনৰ ভিতৰত এই দাগ বাঢ়ি সমস্ত পাত, ঠাৰি আৰু গা গছলৈ সম্প্ৰসাৰিত হয়। এই আক্ৰমণৰ ফলত গছজোপাৰ কোষবিলাকৰ মৃত্যু ঘটে অৰ্থাত্ গছ সম্পূৰ্ণৰূপে কলা পৰি ধ্বংসস্তুপত পৰিণত হয় । ডিচেম্বৰ-জানুৱাৰী মাহত বতৰ ডাৱৰীয়া বা বৰষুণ পৰিলেই এই বেমাৰ হোৱাৰ পূৰ্ণ সম্বৱনা ।

লেইট ব্লাইট বেমাৰৰ লক্ষণ মাটিৰ ওপৰত আলুৰ গা গছত দেখা দিয়ে আৰু মাটিৰ তলত শিপা তথা আলু গুটিতো দেখা দিয়ে । গৰম আৰু শুকান বতৰত এই বেমাৰৰ জীৱানুৰ বৃদ্ধি বৰ কম হয়।

এই বেমাৰৰ লক্ষণ সাধাৰণতে আলু গছৰ পাতৰ তলফালে দেখা দিয়ে অৱশ্যে অবিৰত বেছি জলীয় বাষ্পৰ প্ৰভাবত গছৰ পাতৰ ওপৰতো লক্ষণ দেখা দিব পাৰে ।ডাৱৰীয়া বতৰত লেইট ব্লাইট আক্ৰমণিত পাতবোৰ ২-৪ দিনৰ ভিতৰত মৰি যাব পাৰে। আৰু বতৰ যদি শুকান হয় তেতিয়াহলে পাতবোৰ ভাজ হৈ কেকুৰি পৰি যাব । ডাৱৰীয়া বতৰত গছৰ গোটেই ডাল আৰু পাতবোৰ আক্ৰান্ত হয়। গছৰ কাণ্ড আৰু ফুলফুলা অংশবোৰো এই বেমাৰৰ দ্বাৰা আক্ৰান্ত হয়। কাণ্ডত বেছিকৈ আক্ৰান্ত হলে, আক্ৰান্ত হোৱা অংশৰ ওপৰৰ পাতবোৰ আৰু ফুলফুলা অংশবোৰ লেৰেলি পৰি মৰি যায়।

আলুগুটিবোৰ পথাৰত থকা অবস্তাত অথবা পথাৰত গছত লাগি থকা অবস্তাত এই বেমাৰৰ দ্বাৰা আক্ৰমণিত হব পাৰে।

আলুৰ লেইট ব্লাইট বেমাৰ
আলুৰ লেইট ব্লাইট বেমাৰ

“বায়ুৰ উত্তাপ – জলীয় বাষ্প- জীৱাণু” ৰ সম্পৰ্কই আলু আৰু বিলাহীৰ লেইট ব্লাইট বেমাৰৰ প্ৰাদুৰ্ভাৱৰ চাৰিটা খুব দৰকাৰী অৱস্থাৰ নিৰ্ণয়ৰ আগজাননী দৰ্শায় । যেনে-

১. ৰাতিৰ উত্তাপ যদি চাৰি ঘন্টা ধৰি নিয়ৰ বিন্দুৰ তলত  (Below dew  

       point) থাকে ।

২. নিম্ন উত্তাপ ১০ ডিগ্ৰী চেলছিয়াছ অথবা তাৰ উপৰত থাকিলে ।

৩. পিছদিনা যদি আকাশত মেঘ থাকে ।

৪. আৰু পৰবৰ্ত্তী ২৪ ঘন্টা জুৰি কম পক্ষেও যদি ০.১ মিলিমিটাৰ পৰিমাণৰ  

  বৰষুণ দিয়ে ।

যদি অলপো বৰষুণ নিদিয়ে তথাপিও এই বেমাৰৰ আক্ৰমণ দেখা দিয়ে ।

ইয়াৰ উপৰিও অধিক মাত্ৰাত নাইট্ৰজেন প্ৰয়োগৰ ফলত দ্বিগুণ মাত্ৰাত এই বেমাৰৰ দ্বাৰা আক্ৰান্ত হয় ।

বিলাহীৰ লেইট ব্লাইট বেমাৰ
বিলাহীৰ লেইট ব্লাইট বেমাৰ

লেইট ব্লাইট বেমাৰৰ নিয়ন্ত্ৰণ ব্যৱস্থা :

উপযুক্ত ভেকুৰ নাশক (ফাংগীছাইড) প্ৰয়োগ কৰি এই ৰোগৰ নিয়ন্ত্ৰণ কৰিব পাৰি কিন্তু মন কৰিব লগীয়া কথা হল যদি একে সময়তে সেই অঞ্চলৰ আলু খেতি কৰা সকলো কৃষকে একেলগে উপযুক্ত ভেকুৰ নাশক (ফাংগীছাইড)স্প্ৰে নকৰে তেনেহলে সেই নিয়ন্ত্ৰণ ব্যৱস্থা আৰ্থিকভাবে আৰু সময় স্বাপেক্ষে লাভজনক নহব কিয়নো ওচৰৰ খেতি পথাৰৰ পৰা ৰোগৰ জীৱাণু বায়ু বাহীত হৈ পুনৰ আক্ৰমণিত হব ।

তলত নিয়ন্ত্ৰণ ব্যৱস্থাৰ কেইটামান দিশ উল্লেখ কৰা হল :

১) আলু গুটি নিৰ্বাচন :

লেইট ব্লাইট আক্ৰান্ত আলু খেতিৰ পৰা পুনৰ খেতি কৰিবলৈ আলু গুটি কেতিয়াও ৰাখিব নেলাগে । আলু ৰোৱাৰ সময়ত আলু গুটিবোৰ ভালকৈ লক্ষ্য কৰি যদি কোনো ধৰণৰ এই বেমাৰৰ লক্ষণ পৰিলক্ষিত হয় তেনেহলে সেই গুটিবোৰ ৰুব নেলাগে । অকল আলুৰ গটি শোধনেই বেমাৰ নিয়ন্ত্ৰণ নকৰে । আৰু বেমাৰ বিহীন ভাল আলু গুটি ৰুলে অৰ্থনৈতিক লোকচান নহব বুলিও কব নোৱাৰি কিন্তু বেমাৰ আক্ৰমণিত হওঁতে দেৰি হব আৰু ভেকুৰ নাশক স্প্ৰে কৰিলে বেছি লাভ জনক আৰু কাৰ্যকাৰী হব।

২) স্বাস্থব্যৱস্থা (Sanitation):

অপতৃণ আতৰাই শস্য ডৰা ছাফা কৰি ৰাখিব লাগে । এনেকি চাৰিও ফIলৰ বৰ্ডাৰতো অপতৃণ গজিবলৈ দিব নেলাগে। শস্য চপোৱাৰ সময়তো গা গছৰ লগত আলু গুটিৰ সংস্পৰ্শ হব দিব নেলাগে। আলু গুটি তুলিবৰ কেইদিনমান আগেয়ে ডাল পাত আলু গছৰ গুৰিত কাটি পেলাই দিব লাগে । বৰ্জিত আলুগুটি আৰু শস্যাংশ নষ্ট কৰি পেলাব লাগে নহলে ইয়াৰ পৰাই আকৌ ৰোগৰ বিস্তাৰ লাভ হব ।

লগতে পঢ়ক-WILT DISEASE OF PLANTS: গছৰ লেৰেলা বেমাৰ

৩) দেৰিকৈ শস্য চপোৱা :

বেমাৰ আক্ৰান্ত শস্য দেৰিকৈ চপাব লাগে যেতিয়ালৈকে গছবোৰ সম্পূৰ্ণকৈ পূৰঠ নহয় । আলুগুটি তুলাৰ আগেয়ে গা গছ খিনি সম্পূৰ্ণ ভাবে শুকাই যাব দিব লাগে ।

৪) ব্লাইট আক্ৰান্ত আলু গটিৰ পৰা আলু গুটি বাচনি :

ভাল শুকান বতৰৰ দিনত আলু গুটি চপাব লাগে আৰু কেবল বেমাৰ মুক্ত পুৰঠ আলু গটি বোৰ প্ৰথমতে জমা কৰিব লাগে । তাৰ পিচত একেলগ কৰা আলুগুটি বোৰ ভড়ালৰ বিনত ৰাখিব লাগে । ভড়াল ঘৰৰ অতি উত্তম তাপ মাত্ৰা হল ৪-৫ ডিগ্ৰী ছেলছিয়াছ ।

৫) ৰাসায়নিক নিয়্ন্ত্ৰণ ব্যৱস্থা :

(১) লেট ব্লাইট বেমাৰ নিয়ন্ত্ৰণৰ কাৰণে মেংকজেব ঔষধৰ ২.৫ গ্ৰাম প্ৰতি লিটাৰ হিচাপে পানীত মিহলি কৰি ডিচেম্বৰ মাহৰ ১৫ দিনৰ পৰা তলত দিয়া পৰিমাণেৰে স্প্ৰে কৰিব লাগে : ছটিওৱাৰ সময়ত লক্ষ্য কৰিব লাগে যাতে পাতৰ তলফাল ওপৰফাল আৰু ঠাৰি ভালদৰে তিতি যায় ।

ক্ৰঃ নং

স্প্ৰে কৰাৰ সময়

ঔষধৰ মিশ্ৰণৰ পৰিমাণ

(বিঘাই প্ৰতি)

ৰোৱাৰ এমাহৰ পিছত

৮০ লিটাৰ

ৰোৱাৰ দ্বিতীয় মাহৰ পিছত

১০৬ লিটাৰ

ৰোৱাৰ তিনি মাহৰ পিছত

১৩৩ লিটাৰ

 

মেঘাচ্ছন্ন বতৰত বেমাৰৰ আক্ৰমণ আৰম্ভ কৰাৰ আগতে মেংকজেব ঔষধ প্ৰতিলিটাৰ পানীত গ্ৰাম হাৰত মিহলাই ছটিযাব লাগে । বিকল্প স্বৰুপে ডাইথেন জেড-৭৮ ঔষধ প্ৰতি লিটাৰ পানীত ২.৫ গ্ৰাম হাৰত মিহলাই ছটিয়াব লাগে । বেমাৰৰ আক্ৰমণ দেখা পালে ৭-১০ দিন অন্তৰত বতৰৰ ওপৰত নিৰ্ভৰ কৰি ছটিয়াব লাগে।

বেমাৰৰ আক্ৰমণ কৰা পৰিলক্ষিত হলে আলু আৰু বিলাহীত তলত দিয়া ধৰণে দৰৱ প্ৰয়োগ কৰিব লাগিব :

আলু

বিলাহী

প্ৰথম এবাৰ ৰিডোমিল এমজেড ৭২ (৬৪% মেংকজেৱ + ৮ % মেটালাক্সিল)দৰৱ আৰু ১২ দিন অন্তৰত এবাৰ ডাইথেন এম-৪৫ তেনেকৈ -

ৰিডোমিল এমজেড ৭২ দৰৱ ২ গ্ৰাম প্ৰতিলিটাৰ পালী হাৰত তিনিবাৰ আৰু ডাইথেন এম-৪৫ ২.৫ গ্ৰাম প্ৰতি লিটাৰ পানী হাৰত তিনিবাৰ ১২ দিন অন্তৰত ছটিয়াব লাগে । বৰষুণৰ বতৰত প্ৰতি ২ লিটাৰ পানীত ১ মিলি ট্ৰাইটন (ষ্টিকাৰ) মিহলাই ললে ভাল ফল পোৱা যায় ।

 

প্ৰথম এবাৰ মেটালাক্সিল ৮ % ঔষধ আৰু ১২ দিন অন্তৰত এবাৰ মেংকজেৱ ৭৫ ডব্লিউপি তেনেকৈ   মেটালাক্সিল ৮ শতাংশ ঔষধ ২.৫ গ্ৰাম প্ৰতিলিটাৰ হাৰত তিনিবাৰ আৰু মেংকজেৱ ৭৫ ডব্লিউপি ২ গ্ৰাম প্ৰতি লিটাৰ হাৰত তিনিবাৰ ১২ দিন অন্তৰত ছটিয়াব লাগে । বৰষুণৰ বতৰত প্ৰতি ২ লিটাৰ পানীত ১ মিলি ট্ৰাইটন (ষ্টিকাৰ) মিহলাই ললে ভাল ফল পোৱা যায় ।

১ % বৰডো মিশ্ৰণ (১০ গ্ৰাম তুতিয়া + ১০ গ্ৰাম চূণ + ১ লিটাৰ পানী অনুপাতত ) প্ৰয়োগ কৰিও এই বেমাৰ নিয়ন্ত্ৰিত হয় ।

 

শ্ৰী নিৰ্ম্মল চন্দ্ৰ ঘোষ

মহকুমা কৃষি বিষয়া, ধুবুৰী ।

English Summary: Late Blight Disease of Potato

Like this article?

Hey! I am RAHUL ALI. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.