1. এগ্ৰিপেডিয়া

অসমৰ বাঁহ উদ্যোগ আৰু নিৱনুৱাসকলৰ বাবে সংস্হাপনৰ সম্ভাৱনীয়তা

RAHUL ALI
RAHUL ALI
বাহেঁৰে আত্মনিৰ্ভৰশীলতা
বাহেঁৰে আত্মনিৰ্ভৰশীলতা

অসম এখন কৃষি প্ৰধান ৰাজ্য হিচাপে আমাৰ অৰ্থনীতিত বাঁহ উদ্যোগৰ ভূমিকা মন কৰিবলগীয়া। আকৌ আমাৰ ৰাজ্যখনত প্ৰচুৰ পৰিমাণে বাঁহ উৎপাদন হোৱালৈ লক্ষ্য কৰি বাঁহেৰে আত্মনিৰ্ভৰশীলতাৰ পথ প্ৰচুৰ বুলি ক’ব পাৰি। বাঁহ এবিধ তৃণজাতীয় উদ্ভিদ। ইয়াৰ স্বাভাৱিক গুণ আৰু সহজ ব্যৱহাৰযোগ্য হোৱাৰ বাবে ই এক প্ৰয়োজনীয় সামগ্ৰী হৈ পৰিছে। বৰ্তমান সময়ত বিভিন্ন কামৰ বাবে বাঁহৰ ব্যৱহাৰ কৰা হয়।

আমাৰ নিবনুৱা যুৱক যুৱতীসকলে বিভিন্ন সংস্হা স্বেচ্ছাসেৱী সংগঠন বা তলত দিয়া বিভিন্ন অনুস্হানৰ লগত যোগাযোগ কৰি আত্মনিৰ্ভৰশীলতাৰ পথ উলিয়াই ল’ব পাৰে।

  • অসমৰ নিবনুৱা যুৱক-যুৱতীসকলে অসম চৰকাৰৰ (Khadi and Village Industries) অফিচৰ লগত যোগাযোগ কৰি বাঁহ উৎপাদনৰ বাবে বিনামূলীয়া প্ৰশিক্ষণ ল’ব পাৰে।

  • আকৌ আমাৰ নিৱনুৱা সকলে District Industry Commission (DIC) অফিচলৈ গৈ (Project Director) ৰ লগত যোগাযোগ কৰি বাঁহৰ বিষয়ে বিভিন্ন প্ৰশিক্ষণ ল’ব পাৰে।

  • অসমৰ বিভিন্ন জিলাৰ স্বেচ্ছাসেৱী সংগঠনসমূহে আত্মসহায়ক গোট বা ব্যক্তিগত খণ্ডত উদ্য়োগ বা উদ্যোগী ব্যক্তিসমূহক বাঁহৰ ব্যৱহাৰিক দিশত প্ৰশিক্ষণৰ ব্যৱস্হা কৰিছে।

  • ভাৰতৰ ভিভিন্ন ৰাজ্যসমূহত থকা Central Government ৰ “Cane and Bamboo Technology Centre” য়ে ৰাজ্যসমূহক বাঁহ ৰোপণ, বাঁহৰ প্ৰজাতি নিৰ্বাচনৰ পৰামৰ্শ বিপনন আৰু ৰপ্তানি আদিৰ বিষয়ে পৰামৰ্শ দিয়াৰ লগতে বাঁহৰ বিষয়ে সজাগতা প্ৰশিক্ষণৰো ব্যৱস্হা কৰিছে।

  • NEDFI অফিচৰ (Women Enterprise Development Scheme) ৰ জৰিয়তে ১৮-৫০ বছৰৰ মহিলাসকলে বাঁহৰ ব্যৱহাৰিক প্ৰশিক্ষণ ও নিম্নতম সূদৰ হাৰত ঋণ গ্ৰহণ কৰিব পাৰে। আনহাতে নিবনুৱা সকলে NEDFI অফিচৰ North East Handloom and Handicraft Scheme ৰ জৰিয়তে বাঁহৰ বিভিন্ন সামগ্ৰী প্ৰস্তুত কৰাৰ বাবে ৬ মাহ আৰু ১ বছৰৰ প্ৰশিক্ষণ ল’ব পাৰে।

  • অসমৰ নিবনুৱা যুৱক যুৱতীসকলে (Agro-Economic Research Centre, Jorhat) ৰ লগত যোগাযোগ কৰি “Research and Extension Centre, Agriculture and Allied Activities industry Bamboo” আচঁনিৰ জৰিয়তে বাঁহ বেতৰ কৃষি পদ্ধতি, বাঁহৰ উৎপাদনৰ প্ৰশিক্ষণ আৰু বাঁহৰ বিভিন্ন দিশত দিহা পৰামৰ্শ লব পাৰে।

  • SIRD (State Institute of Rural Development) অফিচৰ লগত যোগাযোগ কৰি নিৱনুৱা যুৱক যুৱতীসকলে যুটীয়া দায়বদ্ধ গোট (Joint Liability Group) গঠন কৰি গোটৰ নাম, ঠিকনা, গোটৰ সভাপতি আৰু সম্পাদকৰ নাম উল্লেখ কৰি কামৰ তালিকা বনাই SIRD অফিচত জমা দি বেংকৰ লগত যোগাযোগ কৰি ঋণ গ্ৰহণৰ ব্যৱস্হা কৰিব পাৰে। এই ঋণৰ ২৫ শতাংশ (Subsidy) অৰ্থাৎ ২৫ শতাংশ ঋণ ঘূৰাই দিব নালেগে বেংকক।

  • গুৱাহাটীত থকা IIE (Indian Institute of Entrepreneurship) অফিচৰ লগত যোগাযোগ কৰি “Income Generating transing for Bamboo” আচঁনিৰ জৰিয়তে তিনিমহীয়া প্ৰশিক্ষণ লব পাৰে।

  • NABARD (National Bank for Agriculture and Rural Development) ৰ লগতত যোগাযোগ কৰি “Bamboo Mission 3013” আচঁনিৰ জৰিয়তে ঋণ গ্ৰহণ কৰিব পাৰে।

  • NEHSDC (North East Handloom and Handicraft Development Corporation) অফিচৰ লগত যোগাযোগ কৰি নিবনুৱাসকলে বাহঁৰ প্ৰশিক্ষণ ল’ব পাৰে আৰু প্ৰয়োজন অনুসাৰে ঋণো গ্ৰহণ কৰিব পাৰে।

  • Artfed, Ambari, Guwahati ত থকা অসম চৰকাৰৰ এই অফিচলৈ গৈ Training for Handloom and Handicraft Industries- আচঁনিৰ জৰিয়তে বাহঁৰ উৎপাদন, সামগ্ৰী প্ৰস্তুতকৰণৰ প্ৰশিক্ষণ লব পাৰে।

  • ইয়াৰ উপৰিও আমাৰ ৰাজ্যখনত থকা নিবনুৱা যুৱক যুৱতীসকলে বাহঁৰ নাৰ্চাৰী কৰি কাগজ উদ্যগৰ লগত যোগাযোগ কৰি কেচঁ সামগ্ৰী হিচাপে বাহঁ সেই উদ্যোগলৈ পঠোৱাৰ ব্যৱস্হা কৰিব পাৰে।

এইদৰে ওপৰৰ আলোচনাৰ পৰা বুজিব পাৰি যে আমাৰ ৰাজ্যৰ বাহঁ উদ্য়োগৰ সম্ভাৱনা প্ৰচুৰ। যিহেতু ৰাজ্যখনত বৰ্ধিত জনসংখ্য়া অনুপাতে চৰকাৰে সিমানখিনি নিৱনুৱাৰ বাবে কৰ্মসংস্হাপনৰ সৃষ্টি কৰিবলৈ সম্ভৱ নহয়, সেয়েহে আত্মনিৰ্ভৰশীলতাত বাহঁ উদ্য়োগৰ গুৰুত্ব মন কৰিবলগীয়া।

লগতে পঢ়ক-কৃষিজাত দ্ৰব্যৰ বিপনন ব্যৱস্হা

ড০ নমিতা দেৱী

সহযোগী অধ্যাপিকা, অৰ্থনীতি বিভাগ

পশ্চিম গুৱাহাটী মহাবিদ্যালয়

English Summary: Assam Bamboo Industry and Possibilities of Job Perspective

Like this article?

Hey! I am RAHUL ALI. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.