সাধাৰণতে শীতকালত হোৱা কৃষিজাত সামগ্ৰীসমূহকেই ৰবি শস্য বোলে। এই কৃষিজাত সামগ্ৰীসমূহ অক্টোবৰ মাহৰ পৰা মাৰ্চ মাহলৈ দেখিবলৈ পোৱা যায়। এই সময়ছোৱা শীতকালৰ ভিতৰতেই পৰে বাবে ইয়াক শীতকালীন শস্য বোলে। আকৌ শীতকালত বজাৰত এই কৃষিজাত সামগ্ৰীসমূহ যথেষ্ট পৰিমানে দেখা যায়। ইয়াৰে বিভিন্ন ধৰণৰ শাকৰ ভিতৰত লাই শাক, পালেং শাক, চুকা শাক, খুটুৰা শাক, মৰিচা শাক, ধনিয়া শাক ইত্যাদি প্ৰধান। আকৌ বিভিন্ন ধৰণৰ কৃষিজাত সামগ্ৰীৰ ভিতৰত ফুলকবি, বন্ধা কবি, ওল কবি, ৰঙা লাউ, পানী লাউ, ভেণ্ডি, বেঙেনা, মটৰ, গাজৰ, মূলা, বিলাহী ইত্যাদি খেতি এই সময়ছোৱাৰ ভিতৰত দেখিবলৈ পোৱা যায়।
এই ৰবি খেতিৰ ক্ষেত্ৰত শস্য চপোৱাৰ আগৰ আৰু পিছৰ কিছুমান ব্যৱস্থা আমি হাতত লোৱা উচিত। নহ’লে শস্যসমূহ ভালদৰে নোহোৱাৰ উপৰি খেতিয়কসকলে বহু লোকচানৰ সন্মুখীন হ’বলগীয়া হয়।
ৰবি শস্য চপোৱাৰ আগৰ ব্যৱস্থা
প্ৰথমতে, কি খেতি কৰা হব সেইটো নিৰ্বাচন কৰি লব লাগে। অৰ্থাৎ ধান খেতি, ফুল কবি-বন্ধাকবিৰ খেতি নে বিভিন্ন ধৰণৰ ফলমূলৰ খেতি কৰা হব সেইটো সিদ্ধান্ত লোৱা উচিত।
দ্বিতীয়তে, নিৰ্বাচন কৰি লোৱা খেতি বিধৰ বাবে ওখ মাটি নে চাপৰ মাটি ৰ’দ পৰা মাটি নে ৰ’দ নপৰা ভূমি লাগিব সেইটো আগতে ঠিক কৰি লব লাগিব।
তৃতীয়্তে, কৃষিজাত শস্য বিধ নিৰ্বাচন কৰাৰ পিছত কি জাতৰ খেতি কৰা হব ঠিক কৰি সেইমতে পুলি বা বিজ সিচাঁৰ ব্যৱস্থা কৰিব লাগিব।
চতুৰ্থতে, মাটি ডোখৰ ভালদৰে চহাই লৈ কৃষিৰ বাবে উপযোগী কৰি তুলিব লাগিব। অৰ্থাৎ চপৰা মাটি বোৰ ভাঙি গুড়ি কৰাৰ উপৰিও তাত থকা শিলগুটি আৰু ঘাঁহ-বন-জাবৰ বোৰ আঁতৰাই পেলাব লাগে।
পঞ্চমতে, সেই মাটি ডোখৰত প্ৰয়োজন অনুসৰি ৰাসায়নিক ষাৰ আলপ মিহলাই দিব লাগে। অৱশ্যে পৰাপক্ষত ঘৰতে প্ৰস্তুত কৰা জৈৱিক সাৰ দিবৰ বাবে চেষ্টা কৰিব লাগে।
ষষ্ঠতে, সিঁচি দিয়া পুলিবোৰ অলপ ডাঙৰ হলে খেতিৰ বাবে সাজু কৰি থোৱা ভূমি ডোখৰত ফাক ফাককৈ লগাই দিয়াৰ ব্যৱস্থা কৰিব লাগে।
সপ্তমতে, শস্য অনুযায়ী খেতি পথাৰত পানীৰ ব্যৱ্স্থা কৰিব লাগিব। বিস্তৃত এলেকাত খেতি কৰিলে আমি জলসিঞ্চন ব্যৱস্থাৰ ওপৰত নিৰ্ভৰ কৰিব লাগিব।
লগতে পঢ়ক-
Integrated farming : এই পদ্ধতিৰে খেতি কৰক, শিল বৰষুণ আৰু প্ৰাকৃতিক দুৰ্যোগতো লোকচান নহয়
ৰবি শস্য চপোৱাৰ পিছত লবলগীয়া ব্যৱস্থাসমূহ :
প্ৰথমতে, পথাৰত থকা বিভিন্ন ধৰণৰ শস্য যেনে – ধান, মৰাপাট, মাকৈ আৰু দাইল জাতীয় শস্য কম্বাইন হাৰভেস্তাৰ পদ্ধতিৰে অথবা পৰম্পৰাগত মৰণা মাৰি শস্যখিনি ভালকৈ ৰ’দত শুকাই লব লাগে।
দ্বিতীয়তে, ফল-মূল আৰু শাক-পাছলিৰ ক্ষেত্ৰত সেইবোৰ মৰণা মৰাৰ প্ৰশ্ন নুঠে। এনে ধৰণৰ কৃষিজাত সামগ্ৰীসমূহ আনি ধূই ভালকৈ ৰ’দত শুকুৱাই লব লাগে।
তৃতীয়্তে, এই কৃষিজাত সামগ্ৰীবোৰ বহুদিনলৈ ভালে থাকিবৰ বাবে শীত-তাপ নিয়ন্ত্ৰিত ভড়ালত থোৱাৰ ব্যৱ্স্থা কৰিব লাগে।
চতুৰ্থতে, কৃষিজাত সামগ্ৰীসমূহত যাতে পোক-পৰুৱাই আক্ৰমণ কৰিব নোৱাৰে তাৰ বাবে পোক-পৰুৱা নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰিব লাগিব।
পঞ্চমতে, যিহেতু শাক-পাছলি বহুদিনলৈ সংৰক্ষণ কৰিব নোৱাৰি বাবে সেইবোৰ পৰাপক্ষত সোনকালে বজাৰত পঠিয়াই দি বিক্ৰী কৰাৰ ব্যৱ্স্থা কৰিব লাগে। অৱশ্যে বহুদিনলৈ ভালে থকা ৰবি শস্য বোৰ সংৰক্ষণ কৰি শীত-তাপ নিয়ন্ত্ৰিত ভড়ালত থব পাৰি।
ষষ্ঠতে, ফল-মূলবোৰ গছৰ পৰা ছিঙাৰ সময়ত সাবধানতা অবলম্বন কৰিব লাগে। বহু ক্ষেত্ৰত এনে সাৱধানত অবলম্বন নকৰিলে ফলমূল বোৰ মাটিত পৰি নষ্ট হৈ যোৱাৰ সম্ভাৱনা থাকে। এনেদৰে মাটিত পৰি যোৱা ফল মূল বোৰ বহু দিনলৈ ভাল নাথাকে বাবে আমি সংৰক্ষনো কৰিব নোৱাৰো।
কৃষক সকলে শস্য বিক্ৰী কৰি অধিক লাভবান হব লাগিলে কিছুদিন শস্য সমূহ ৰাখি যোৱাৰ ব্যৱস্থা কৰিব লাগিব। যেতিয়া বজাৰত মূল্য বৃদ্ধি পায় তেতিয়ালৈকে বাট চাব পাৰিলে ভাল হয়। এনে ক্ষেত্ৰত আমাৰ চৰকাৰেও শীত তাপ নিয়ন্ত্ৰিত অধিক ভড়ালৰ ব্যৱস্থা কৰিব লাগিব যাতে শস্যসমূহ নষ্ট হৈ নাযায়।
অষ্টমতে, শস্য বা ফলমূলসমূহ বজাৰলৈ নিওতে সাৱধান হব লাগিব যাতে সেই বোৰ খুন্দা খাই বা মাটিত পৰি নষ্ট হৈ নাযায়।
নবমতে, আমাৰ কৃষকসকলে মধ্যস্থ বেপাৰীৰ তাত শস্য বিক্ৰী কৰাটো বন্ধ কৰিব লাগিব। কাৰণ এনে ক্ষেত্ৰত তেওঁলোকে উচিত মূল্য পোৱাৰ পৰা বঞ্চিত হব। কৃষকসকলে চৰকাৰে ঠায়ে ঠায়ে প্ৰতিষ্ঠা কৰা নিয়ন্ত্ৰিত বজাৰৰ যোগেদিহে শস্য বিক্ৰী কৰাৰ ব্যৱ্স্থা কৰিব লাগিব। কাৰণ তেতিয়া তেওঁলোকে শস্য বিক্ৰীৰ ফলত উচিত মুল্য লাভ কৰিব পাৰিব।
এনেদৰে ওপৰৰ আলোচনাৰ পৰা এখা গল যে আমি ৰবি শস্য চপোৱাৰ আগৰ আৰু পিছৰ কিছুমান গুৰুত্বপূৰ্ণ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। এই ব্যৱস্থাসমূহৰ যোগেদি কৃষকৰ আয়-সঞ্চয়, বিনিয়োগ, জীৱনৰ মানদণ্ড বৃদ্ধি কৰাত অৰিহণা যোগাৱ। এই বৃদ্ধিয়ে দেশখনৰ অৰ্থনৈতিক বিকাশত অৰিহণা যোগাব। আকৌ কৃষিপ্ৰধান দেশ হিচাপে কৃষিৰ ওপৰত গুৰুত্ব দিয়াটো প্ৰয়োজন। কাৰণ এই কৃষি ব্যৱ্স্থাৰ যোগেদি আমাৰ ৰাজ্যৰ 65শতাংশ লোকে আত্মনিৰ্ভৰশীল হব পাৰিছে। চৰকাৰৰ ৰাজহ বৃদ্ধি কৰাত ও বৈদেশিক বাণিজ্যৰ বিকাশতো কৃষিখণ্ডৰ অৱদান মনকৰিবলগীয়া। সেয়েহে কৃষিৰ ক্ষেত্ৰত উচিত সময়ত উচিত ব্যৱ্স্থা লোৱাটো অতি প্ৰয়োজন।
লেখক- ড0 নমিতা দেৱী
সহযোগী অধ্যাপিকা, অৰ্থনীতি বিভাগ
পশ্চিম গুৱাহাটী মহাবিদ্যালয়
লগতে পঢ়ক-