যদি আপুনি ইতিহাসলৈ লক্ষ্য কৰে, ভাৰতৰ মাটিত আৰম্ভণিৰে পৰা জৈৱিক কৃষি প্ৰচলিত হৈ আহিছে । ভাৰতৰ ভূমি কৃষি কাৰ্যৰ বাবে অতি উপযুক্ত । কিন্তু সময়ৰ অগ্ৰগতিৰ লগে লগে বৰ্ধিত প্ৰদূষণ আৰু ৰাসায়নিক সাৰৰ ব্যৱহাৰে ভূমিক দূষিত কৰিছে আৰু মানুহৰ মাজত ৰোগৰ আশংকা বৃদ্ধি পাইছে । যাৰ বাবে চৰকাৰে কৃষকসকলক জৈৱিক খেতি কৰিবলৈ উৎসাহিত কৰি আছে ।
জৈৱিক কৃষিৰ বাবে কেন্দ্ৰীয় চৰকাৰে আগন্তুক ১৬ ডিচেম্বৰত গুজৰাটৰ আনন্দত প্ৰাকৃতিক কৃষিৰ ওপৰত ৰাষ্ট্ৰীয় সন্মিলন ( National Conclave) সম্বোধন কৰিব । যাৰ উদ্দেশ্য হ'ব ব্যৱহৃত বিপদজনক ৰাসায়নিক পদাৰ্থৰ (Chemical) পৰা মুক্ত কৰা খেতিৰ ভৱিষ্যতৰ বাবে এক ৰোডমেপ নিৰ্ধাৰণ কৰা।
জৈৱিক কৃষি কি ( What is organic Farming):
জৈৱিক কৃষি হৈছে এনে এক কৃষি প্ৰক্ৰিয়া য’ত মাটিৰ উৰ্বৰতা শক্তিৰ কোনো ক্ষতি নহয় । জৈৱিক কৃষিয়ে মাটিক কম প্ৰদূষিত কৰে । ইয়ে মাটিৰ উৰ্বৰতা বজাই ৰখাৰ লগতে পাৰিপাৰ্শ্বিক ভাৰসাম্য বজাই ৰাখে, আৰু লগতে জৈৱ বৈচিত্ৰ্য সংৰক্ষণ কৰে । জৈৱিক কৃষিত সংশ্লেষিত কীটনাশক আৰু ৰাসায়নিক সাৰ ব্যৱহাৰ কৰা নহয় । অৰ্থাৎ, জৈৱিক কৃষি হৈছে কৃষিৰ আটাইতকৈ সুৰক্ষিত উপায় যি স্বাস্থ্য, পৰিৱেশ তন্ত্ৰ আৰু পৰিৱেশ সুৰক্ষিত কৰে ।
ৰাসায়নিক মুক্ত কৃষিৰ বাবে প্ৰধানমন্ত্ৰী মোডীৰ প্ৰচেষ্টাক দেশৰ কৃষকসকলে সহাৰি জনাইছে । বৰ্তমান, দেশত ৪৪ লাখৰো অধিক কৃষকে জৈৱিক কৃষিত (Organic Farming) যোগদান কৰিছে । ২০০৩-২০০৪ চনত ভাৰতত মাত্ৰ ৭৬,০০০ হেক্টৰত জৈৱিক পদ্ধিতত খেতি কৰা হৈছিল । কিন্ত বৰ্তমান জৈৱিক কৃষিৰ অধীনত ৪.০৯ লাখ হেক্টৰ সামৰি লোৱা হৈছে ।
জৈৱিক কৃষিৰ মুখ্য বিষয়সমূহ (Main features of Organic Farming)
- জৈৱিক কাৰ্যকলাপত উদগনি দিয়া, মাটিৰ মানদণ্ড সুৰক্ষিত কৰিবলৈ জৈৱিক সামগ্ৰী ব্যৱহাৰ গুৰুত্ব দিয়া
- জৈৱিক সাৰ ব্যৱহাৰ কৰি পৰোক্ষভাৱে শস্যৰ পুষ্টি প্ৰদান কৰা
- সেউজীয়া সাৰ আৰু মাহজাতীয় শস্য ব্যৱহাৰ কৰি মাটিত নাইট্ৰজেনৰ স্তৰ উন্নত কৰা
- উৎপাদনৰ সৈতে প্ৰকৃতিকভাৱে কীট, অপতৃণ আৰু ৰোগ নিয়ন্ত্ৰণ কৰা
- পৰ্যাবৰণ, বন্য জীৱন আৰু মানৱ স্বাস্হ্য বিষয়টো গুৰুত্বপূৰ্ণ হিচাপে লোৱা
লগতে পঢ়কঃhttps://asomiya.krishijagran.com/news/iranian-fruit-vegetable-banned-in-many-countries/