অসমৰ মাটি আৰু জলবায়ুৰ উপযোগী অপৰম্পৰাগত এবিধ তৈলবীজ জাতীয় শস্য হৈছে বাদাম। ২৫ শতাংশ প্ৰ’টিন আৰু ৫০ শতাংশ তেল থকা পুষ্টিকৰ অৰ্থকাৰী খাদ্য শস্য বাদাম খেতিৰ অসমৰ অঞ্চল বিশেষে প্ৰচুৰ সম্ভাৱনা আছে। বিশেষকৈ শোণিতপুৰ, দৰং, নগাঁও, বৰপেটা জিলাৰ চৰ-চাপৰি অঞ্চলসমূহত বাদাম খেতি কৰি যথেষ্ট লাভবান হোৱা দেখা গৈছে। সেয়েহে এই খেতিৰ উন্নত কৃষি প্ৰণালী সংক্ষেপে আলোচনা কৰা হ’ল।
মাটি নিৰ্বাচন আৰু পথাৰ প্ৰস্তুত:
ওখ বালিচহীয়া মাটিয়েই বাদাম খেটিৰ বাবে উপযুক্ত। আঠালতীয়া আৰু পানী জমা হোৱা মাটি এই খেতিৰ বাবে অনুপযোগী। বাদাম যিহেতু মাটিৰ তলত হোৱা শস্য, সেয়েহে বাদাম খেতিৰ বাবে মাটিডৰা ৪-৫ বাৰ হাল বাই মৈ দি গুৰি কৰি কোমল কৰি প্ৰস্তুত কৰিব লাগে। কিয়নো বাদাম গছত মাটিৰ উপৰি ভাগত ফুল ফুলে আৰু সেই ফুলত পুং সংযোগ হোৱাৰ পিছত ফুল সৰি যায় আৰু তাৰপৰা সৃষ্টি হোৱা শলা এডাল লাহে লাহে বাঢ়ি মাটিৰ তলত সোমায়। মাটিৰ তলত তেতিয়া বাদামৰ গোট বান্ধিবলৈ লয়।
জাত নিৰ্বাচন:
১)গ্ৰীষ্মকালীন- জোৱান,কৃষাণ, আই চি জি ৪(এফ ডি আৰ এছ), আই চি জি ১০, গিৰনাৰ-১, আই চি জি এছ-১১।
বগাই যোৱা জাত:
কোপাৰ গাঁও-১, এম-১৩।
প্ৰকাৰ:
জোৱান, কিষাণ, আই চি জি ৪(এফ ডি আৰ এছ) আৰ ১০, গিৰনাৰ ১, অকোলা হোৱাইট।
বীজ সিঁচাৰ সময়:
ক)শেহতীয়া খাৰিফ বা প্ৰাকৰবি- আগষ্ট-ছেপ্টেম্বৰ।
খ)গ্ৰীষ্মকালীন বাদাম- জানুৱাৰীৰ মাজভাগৰ পৰা ফেব্ৰুৱাৰীৰ মাজভাগলৈ।
অসমৰ পাহাৰীয়া অঞ্চল বিশেষকৈ বৃষ্টিচ্ছায়া অঞ্চলৰ বালিচহীয়া মাটিৰ বাবে জুন-জুলাইত বীজ সিঁচাৰ উত্তম সময়।
সাৰ প্ৰয়োগ:
বিঘাই প্ৰতি ১০ কুইন্টল পঁচা গোবৰ বা পচন সাৰ আৰু ৰাসায়নিক সাৰ(ইউৰীয়া ৬ কিলোগ্ৰাম, ছুপাৰ ফছফেট ৫০ কিলোগ্ৰাম, মিউৰিয়েট অব পটাছ ৭ কিলোগ্ৰাম) বীজ সিঁচাৰ দুই-এদিন আগেয়ে খলবোৰত প্ৰয়োগ কৰিব লাগে।
বীজ শোধন:
বাদামৰ বীজৰ বাকলি গুচাই গুটিবোৰ উলিয়াই বাচি লৈ প্ৰতি কিলোগ্ৰাম বীজত ৩ গ্ৰাম ডাইথেন এম-৪৫ বা এক গ্ৰাম বেভিষ্টিন নাইবা ২.৫ গ্ৰাম থিৰাম ঔষধ মিহলাই শুকানে শুকানে বীজবোৰ শোধন কৰিব লাগে।
বীজৰ পৰিমাণ:
বাকলিৰ সৈতে বিঘাই প্ৰতি ২০-২৫ কিলোগ্ৰাম আৰু বাকলি গুছোৱা অৱস্থাত ১৩-১৫ কিলোগ্ৰাম বীজৰ প্ৰয়োজন।
বীজ সিঁচাৰ পদ্ধতি:
নাঙলেৰে শাৰী শাৰীকৈ শিৰলু কৰি বীজ সিঁচিব লাগে। গ্ৰীষ্মকালীন শস্যৰ ক্ষেত্ৰত ৫০ ছেন্টিমিটাৰ*১৫-২০ ছেন্টিমিটাৰ আৰু প্ৰাকৰবিৰ ক্ষেত্ৰত ৩০-৪০ ছেন্টিমিটাৰ*১০-১৫ ছেন্টিমিটাৰ ব্যৱধানত বীজ সিঁচিব লাগে। বীজবোৰ ৫-৭ ছেন্টিমিটাৰ দকৈ সিঁচি মাটি চপাই পাতলকৈ মৈয়াই দিব লাগে।
লগতে পঢ়ক-
Patchouli farming : মাহে মাহে হাতলৈ আহিব ২০ ৰ পৰা ৩০ হাজাৰ টকা
প্ৰতিপালন:
বীজ সিঁচাৰ দুই-তিনি সপ্তাহৰ ভিতৰত আলু খেতি কৰাৰ দৰে শাৰীৰ মাজত কোৰেৰে মাটি চপাই দিব লাগে। এমাহৰ পিছত গুটি ধৰাৰ আগেয়ে সাৱধানে এবাৰ কোৰ মাৰিব লাগে। ঘাঁহ-বন হাতেৰে টানি উভালিব লাগে(কোৰেৰে নহয়)।
জলসিঞ্চন:
ফুল ফুলা, বাদাম লগা শলাবোৰ মাটিত প্ৰৱেশ কৰাৰ সময়ত আৰু গুটিৰ আকাৰ ডাঙৰ হোৱাৰ সময়ত প্ৰয়োজনবোধে পানী যোগান ধৰা উচিত।
শস্য চপোৱা:
প্ৰাকৰবি বতৰত কৰা বাদামৰ গছৰ পাত হালধীয়া হ’লে বাদাম পৈণত হোৱা বুলি ধৰিব পাৰি। গ্ৰীষ্মকালীন বাদামৰ ক্ষেত্ৰত গছবোৰ বাঢ়ি গৈয়ে থাকে। পৈণত হোৱাৰ লক্ষণ ধৰা টান। এই সময়ৰ খেতিত শতকৰা ৫০ ভাগ গছৰ ফুল ফুলাৰপৰা ডেৰ মাহ আৰু মাটিত বগাই যোৱা জাত দুইৰপৰা আঢ়ৈ মাহ পিছত চপাবৰ হয়।
উৎপাদন:
চপোৱাৰ লগে লগে বাদামবোৰ নিছিঙি ২-৪ দিন তেনেকৈ শুকুৱাই ল’ব লাগে। বিঘাই প্ৰতি গ্ৰীষ্মকালীন শস্যৰ ৩ কুইন্টল আৰু প্ৰাকৰবিৰ ২ কুইন্টল উৎপাদন হয়।
লেখক: প্ৰবোধ চন্দ্ৰ শৰ্মা (দৈনিক অসম)
লগতে পঢ়ক-