1. উদ্য়ানশস্য়

Cinnamon farming : জানো আহঁক কিদৰে কৰিব পাৰি দালচেনীৰ খেতি

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Cinnamon farming
Cinnamon farming

আমাৰ দেশত মছলা হিচাবে দালচেনি অতি পৰিচিত আৰু অপৰিহাৰ্য। দালচেনি এবিধ প্রাচীন মছলা হয়। দালচেনিৰ প্রতিটি অঙ্গ যেনে বাকলি, পাত, কুঁহি, ফুল, ফলৰ ব্যৱহাৰ হয়। দালচেনি “গৰম মছলাৰ” এটি প্ৰধান উপাদান হিচাবে ব্যৱহাৰ হৈ আছে।। ইয়াৰ উপৰিও দালচেনি বিভিন্ন ঔষধি গুণসম্পন্ন।

আপোনালোকে প্ৰায়ে মাছ মাংসৰ ব্যঞ্জন প্ৰস্তুত কৰোতে ইয়াৰ সোৱাদ বঢ়াবলৈ দালচেনি ব্যৱহাৰ কৰে । দালচেনি হ'ল একপ্ৰকাৰৰ উষ্ণ তথা উত্তেজক মছলাযুক্ত খাদ্যসামগ্ৰী যাক প্ৰাকৃতিকভাৱে ইয়াৰ গছৰ ছালৰ পৰা পোৱা যায় । শ্ৰীলংকা তথা দক্ষিণ ভাৰতত দালচেনি প্ৰচুৰ পৰিমাণে উৎপাদন কৰা হয় । সুগন্ধিত আৰু সোৱাদযুক্ত দালচেনিক খাদ্যগুণযুক্ত মছলাসমূহৰ ভিতৰত এক উত্তম স্থান দিয়া হৈছে । খাবলৈ চাহ বা কফি তৈয়াৰ কৰাৰ সময়ত তাত দালচেনি মিহলাই দিলে সোৱাদ দুগুণে বাঢ়ে আৰু জ্বৰ কাহ আদিত ইয়াক সেৱন কৰিলে আৰাম পোৱা যায় । মেক্সিকোত দালচেনি চকলেট তৈয়াৰ কৰা প্ৰণালীত ব্যৱহাৰ কৰা হয় । জানো আহকচোন দালচেনিৰ কেইটামান স্বাস্থ্যসম্বন্ধীয় উপকাৰী দিশৰ বিষয়ে।

Cinnamon
Cinnamon

দালচেনিৰ জাত:

দালচেনিৰ স্থানীয় উন্নত জাত বা নিত্যাছি, নভাছি নামৰ উন্নত সঁচ লগাব লাগে।

দালচেনি কাৰনে প্রয়োজনীয় জলবায়ু ও মাটি:

আমাৰ অসমৰ জলবায়ু আৰু মাটি খুবেই উপযোগী হয় দালচেনি খেতিৰ বাবে।

দালচেনিৰ পুলি বনোৱা পদ্ধতি:

দালচেনিৰ পুলি সাধাৰণতে বীজৰ পৰা হয় আৰু কাটিং বা গুটিকলম কৰিও পুলি বনাব পাৰি।।

দালচেনিৰ বজাৰ :

ভাৰতত আৰু বিদেশত দালচেনিৰ প্ৰচুৰ চাহিদা আছে।। অকল ভাৰততে প্ৰতি বছৰে লাখ লাখ কেজি দালচেনি ভিয়েটনাম পৰা আহি আছে যাৰ মূল্য কেইবা শ কোটি টকা।। দালচেনি অসম তথা উত্তৰ পূৰ্বাঞ্চলত মাটি ত অতি সহজে হব পাৰে যদিও আমাৰ কৃষকসকলে ইয়াক ব্যৱসায়িক ভিত্তিত কৰা নাই।।

Cinnamon farming i
Cinnamon farming i

আমাৰ ক্ষুদ্ৰ চাহ খেতিয়ক সকলে যদি এই দালচেনিৰ খেতি চাহ খেতিৰ লগত মিহলাই কৰে এই উৎপাদনে দেশৰ মুল্যবান বিদেশী মুদ্ৰা বৃদ্ধি লগতে নিজৰ ও উপাৰ্জনৰ বৃদ্ধি কৰিব পাৰে।  যদি চাহ গছৰ মাজে মাজে এই দালচেনি কৰা যায় প্ৰতি হেক্টৰ মাটিৰ পৈণত দালচেনি গছৰ পৰা 300  কেজি শুকান দালচেনিৰ বাকলি পাব পাৰি। যাৰ বজাৰ মূল্য কমেও ১ লাখ টকা। গতিকে ক্ষুদ্ৰ চাহ খেতিয়কে এই টকাখিনি অতিৰিক্ত অতি সহজে ঘটিব পাৰে। দালচেনিৰ পাতৰ তেলৰ মূল্যও কম নহয় প্ৰায় ২০০০-৩০০০ টকা প্ৰতি লিটাৰত। গতিকে দালচেনি পাতৰ তেল নিস্কাশন কৰিলেও অতিৰিক্ত ধন ঘটিব পাৰে।। দালচেনি তেল সুগন্ধি তেল আৰু ঔষধ হিচাপে ব্যৱহাৰ কৰা যায়।

দালচেনি ৰ বিপনন :

যিহেতু দালচেনিৰ প্ৰচুৰ চাহিদা আছে আৰু অধিকাংশ দালচেনি বিদেশৰ পৰা আমদানি হৈ আছে গতিকে অ‌লপ চেষ্টা কৰিলে অতি সহজে দালচেনিৰ বিপনন কৰিব পৰা যাব।

উৎস : অসম বন্ধু ফেচবুক পোষ্ট

 

English Summary: Cinnamon farming in Assam

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.