Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 7 September, 2022 11:09 AM IST
Natural Farming

প্ৰাকৃতিক কৃষি হ’ল প্ৰকৃতিৰ লগত সমন্নয় ৰক্ষা কৰি প্ৰাকৃতিক পদ্ধতিত কৰা এটি কৃষি কাৰ্য্য। সৰ্ব প্ৰথমে জাপানৰ এজন দাৰ্শনিক তথা কৃষক মাছানোবু ফুকৌকা (১৯১৩-২০০৮) য়ে প্ৰাকৃতিক কৃষি পদ্ধতিৰ উদ্ভাৱক। প্ৰাকৃতিক কৃষিৰ সৃষ্টিকৰ্তা তথা এই পদ্ধতিত নিজে কৃষি কাৰ্য্য কৰি কৃষি জগতত মহা মূল্যৱান বৰঙণি আগবঢ়ালে। তেওঁৰমতে “Natural Farming is an ecological approach” I প্ৰাকৃতিক কৃষি দৰ্শনৰ মূল উদ্দেশ্য হল প্ৰকৃতিৰ সৈতে কৃষি কাৰ্য্য কৰি স্বাস্থ্যকৰ খাদ্য উদ্পান কৰা, আমি নিজকে সুস্বাস্থ্যৰ অধিকাৰী কৰি ৰাখি, মাটিৰ পৰিবেশকো স্বাস্থ্যকৰ কৰি ৰখা।

প্ৰাকৃতিক কৃষিৰ মূল বৈশিষ্ট সমূহ –

১. প্ৰাকৃতিক কৃষি  হ’ল পৰিবেশ বন্ধু সূলভ আৰু চিৰ কাল উদ্পাদনকাৰী পদ্ধতি।

২. প্ৰাকৃতিক কৃষি  জীৱনায়ুৰ সন্মান সূচক। উন্নত গুণ সম্পন্ন ফচল উদ্পাদন। জীৱৰ জীৱন যাত্ৰাৰ সন্মান সূচক উত্তম উপায় ।

৩. প্ৰাকৃতিক কৃষি  পদ্ধতিত উন্নত মানদণ্ড তথা গুণ সম্পন্ন ফচল উদ্পাদন কৰিবলৈ সক্ষম হয়।

৪. প্ৰাকৃতিক কৃষি  পদ্ধতিত শস্যৰক্ষাৰ বাবে ব্যৱহৃত সমগ্ৰীসমূহ কৃষকে নিজেই প্ৰস্ত্তত কৰে ।

ধনহীন প্ৰাকৃতিক কৃষি (Zero Budget Natural Farming):

পদ্মশ্ৰী সুভাষ পালেকৰৰ মতেঃ  “Zero budget natural ferming is a comprehensive, natural and spiritual farming system” ।

ধনহীন প্ৰাকৃতিক কৃষি  এবিধ বিস্তৃত, প্ৰাকৃতিক, আৰু আতিমানবিক কৃষি পদ্ধতি।

সুভাষ পালেকৰৰ ধনহীন প্ৰাকৃতিক কৃষি  এবিধ অদ্বিতীয় পদ্ধতিৰ কৃষি কাৰ্য্যত প্ৰয়োজনীয় সামগ্ৰীসমূহ কিনিবলৈ ধনৰ প্ৰয়োজন নহয়। কেবল গ্ৰাম্য কৃষি সমাজৰ এটি অন্তৰ অংগ খ্যাত দেশী গোপালন কৰা অত্যান্ত দৰকাৰী বিষয়।

ধনহীন প্ৰাকৃতিক কৃষি  লক্ষ্যনীয় বৈশিষ্ট সমূহ :

১. কৃষিজাত প্ৰয়োজনীয় সামগ্ৰীসমূহ কিনিবলৈ ধনৰ প্ৰয়োজন নহয়।

২. ৰাসায়নিক দ্ৰব্য আৰু সাৰৰ কোনোধৰণৰ প্ৰয়োজন নহয় ।

৩. যিহেতু শস্যৰ অন্তৰ্বৰ্ত্তী কালীন পৰিচৰ্চা খুব কম পৰিমাণৰ প্ৰয়োজন হয়, গতিকে হাজিৰা হিচাবত কৃষি বনুৱাৰ প্ৰয়োজনীয়তাৰ ওপৰত নিৰ্ভৰ্শীলতা কমাই দিয়ে ।

ধনহীন প্ৰাকৃতিক কৃষি  পদ্ধতিয়ে কৃষকক স্বনিৰ্ভৰ্শীলতা আনি দিয়ে ফলত ঋণদাতাৰ কোবলৰ পৰা লগতে বজাৰৰ অধিক মূল্যত কৃষি সামগ্ৰী কিনাৰ পৰা মূক্তি লাভ কৰে ।

প্ৰাকৃতিক কৃষিৰ  মূল তত্ব ৫ বিধ :

১. কৃষি সামগ্ৰী সমূহ স্বাস্থ্যৰ কাৰণে নিৰাপদ আৰু পুষ্টিকৰ হোৱাৰ উপযোগী কৈ উদ্পাদন কৰিব লাগিব ।

২. উভয় উদ্পাদক(প্ৰডিউচাৰ) আৰু খাদ্যৰ ভোক্তা (কন্জুমাৰ)ৰ এটি অৰ্থনৈতিক আৰু ভৌতিক( আধ্যাত্মিক) দিশৰ পৰা বহুত লাভজনক হব লাগিব।

৩. অধিক কাললৈ আৰু সহজ পদ্ধতিত কৰিব পৰাকৈ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব।

৪. পৰিবেশ ৰক্ষা কৰি কৃষি কাৰ্য্য কৰিব লাগিব ।

৫. জনসংখ্যা বৃদ্ধিৰ অনুপাতে উচ্চ গুণ বিশিষ্ট পৰ্যাপ্ত পৰিমাণৰ কৃষিজাত খাদ্য উদ্পাদন কৰিব লাগিব ।

Natural Farming

লিকুইড (তৰল বা জলীয়) জৈৱ সাৰ :

জৈৱ বস্তুৰ (যেনে শস্যৰ অবশিষ্ট অংশ, প্ৰানীৰ গোৱৰ, মূত্ৰ, আৰু অন্যান্য গছ গছনি)পচন ক্ৰিয়াৰ ফলত উদ্পাদিত সাৰ সমূহকে লিকুইড (তৰল, জলীয়) জৈৱ সাৰ  বুলি কোৱা হয়। এই লিকুইড (তৰল, জলীয়) জৈৱ সাৰ  বোৰে গছৰ প্ৰয়োজনীয় পোষক মৌলৰ যোগান ধৰে আৰু শস্যৰ ৰোগ-পোকৰ দমন কৰে । অৰ্থাত্ শস্য বা গছক সাৰ যোগান ধৰাৰ ওপৰিও ৰোগ-পোকৰ দমন কৰি শস্য ৰক্ষা কৰে ।

শস্য বা গছক সাৰ যোগান তথা শস্য ৰক্ষাৰ ক্ষেত্ৰত ব্যৱহৃত লিকুইড  অৰ্গেনিক মেনুউৰ (তৰল, জলীয় জৈৱ সাৰ ) সমূহ :

১) পঞ্চগভ্য,  ২) জীৱামৃত,   ৩) শস্যগভ্য,     ৪) সঞ্জীৱক ,   ৫) বীজামৃত, ৬) অমৃতপানী,      ৭) কুনাপাজালা,  ৮)  ভাৰ্মিওয়াছ,   ৯)  ছী উইড এক্স্ট্ৰেক্ট, আৰু

লিকুইড  অৰ্গেনিক পেষ্টিছাইড  লগতে সাৰৰো যোগান ধৰে ঃ

১০)  ব্ৰক্ষ্মাস্ত্ৰ,  ১১)  আগ্নি অস্ত্ৰ ১২) নিমাস্ত্ৰ আদি।

এইবোৰৰ ভিতৰত পঞ্চগভ্য, জীৱামৃত, বীজামৃত, আগ্নি অস্ত্ৰ প্ৰস্তুতকৰণ  আৰু ব্যৱহাৰৰ বিষয়ে বৰ্ণনা কৰা হল ।

পঞ্চগভ্য

পঞ্চগভ্যৰ প্ৰস্তুতকৰণ : পঞ্চগভ্য প্ৰস্তুত কৰণৰ কাৰণে প্ৰয়োজনীয় উপাদান সমূহ হ’ল-

১) গৰুৰ গোৱৰ – ৭ কিলোগ্ৰাম, ২) গৰুৰ ঘি - ১ কিলোগ্ৰাম, ৩) গোমূত্ৰ - ১০ লিটাৰ, ৪) পানী - ১০ লিটাৰ, ৫) গৰুৰ গাখীৰ – ৩ লিটাৰ, ৬) গৰুৰ দৈ - ২ লিটাৰ, ৭) গুৰ - ৩ কিলোগ্ৰাম, ৮) কল – ১২ টা ।

গৰুৰ গোৱৰ ৭ কিলোগ্ৰাম আৰু গৰুৰ ঘি ১ কিলোগ্ৰাম একেলগে মিহলাই ৩দিন ৰাখিব লাগে। ৩ দিনৰ পিচত গোমূত্ৰ ১০ লিটাৰ আৰু পানী ১০ লিটাৰ মিহলাই ১৫ দিন ৰাখিব লাগিব আৰু প্ৰতিদিনেই ৰাতিপুৱা আৰু গধুলি মিশ্ৰণখিনি ঘুটি দিব লাগিব। ১৫ দিনৰ পিচত গৰুৰ গাখীৰ , গৰুৰ দৈ, গুৰ আৰু কল মিহলাই দিব লাগিব। ড্ৰামৰ মূখখন বন্ধ কৰি ৰাখিব লাগিব । আৰু দিনে দুবাৰ ঘাটি দিব লাগিব। এইদৰেই ৩০ দিনৰ মূৰত পঞ্চগভ্য ব্যৱহাৰৰ উপযোগী হৈ পৰিব।

পঞ্চগভ্যৰ ব্যৱহাৰ :

স্প্ৰে হিচাবে : ৩ শতাংশ পঞ্চগভ্যৰ স্প্ৰে খুব ফলপ্ৰসূ ।

ফ্ল ছিচ্টেম : প্ৰতি হেক্টৰত ৫০ লিটাৰ পঞ্চগভ্যৰ  মিশ্ৰণ জলসিঞ্চনৰ পানীৰ লগত মিহলাই ড্ৰীপ ইৰিগেছন অথবা ফ্ল ইৰিগেছন ছিচ্টেমত প্ৰয়োগ কৰিব পাৰি ।

বীজ শোধন বা কঠীয়া শোধনত ব্যৱহাৰ :

৩ শতাংশ পঞ্চগভ্যৰ মিশ্ৰণত ২০ মিনিট সময় বীজ শোধন কৰি বীজ শোধন কৰি বীজ সিঁচিব পাৰি বা কঠীয়া ৰোৱাৰ আগতে কঠীয়াৰ শিপা শোধন কৰি কঠীয়া ৰুব পাৰি ।

বীজ সংৰক্ষণ:

৩ শতাংশ পঞ্চগভ্যৰ মিশ্ৰণত বীজ দুবাই ৰাখি ৰদত শুকাই ভৰালত সংৰক্ষণ কৰি ৰাখিব পাৰি ।

জীৱামৃত

জীৱামৃত প্ৰয়োগৰ দ্বাৰা শস্যত অত্যাৱশ্যকীয় পোষক মৌলৰ যোগান ধৰাৰ ওপৰিও শস্য ৰক্ষাত তথা জৈৱিক যেনে গছৰ উপকাৰী ব্যাক্টেৰিয়াৰ বংশ বিস্তাৰ কৰে।

জীৱামৃত প্ৰস্তুত কৰণ :   জীৱামৃত প্ৰস্তুত কৰণৰ কাৰণে প্ৰয়োজনীয় উপাদান সমূহ হল : (১ একৰ কৃষি ভূমিৰ কাৰণে)- 

(১) গৰুৰ গোৱৰ – ১০ কিলোগ্ৰাম, ২) গোমূত্ৰ - ১০ লিটাৰ, ৩) গুৰ - ২ কিলোগ্ৰাম, ৪) দাইলৰ গুৰি আটা (বেছন) – ২ কিলোগ্ৰাম, ৫) মাটি - ১ কিলোগ্ৰাম, আৰু ৬) পানী - ২০০ লিটাৰ।

জীৱামৃত প্ৰস্তুত কৰণৰ কাৰণে উপৰৰ প্ৰয়োজনীয় উপাদান সমূহ এটা পাত্ৰত ভালকৈ মিলাই লব লাগে। তাৰ পিচত ৬-৮ দিন ৰাতি পুৱা আৰু গধুলি দিনে দুবাৰকৈ ঘুটি দি মিশ্ৰণখিনিৰ বিক্ৰিয়া ঘটি পচিবলৈ ৰাখিব লাগে। মাটি প্ৰস্তুত কৰাৰ সময়ত তিতা মাটিত প্ৰয়োগ কৰিব। খেতি মাটিত হেক্টৰে প্ৰতি ৫০০ লিটাৰ প্ৰয়োগ কৰিব লাগে । জলসিঞ্চিনৰ পানীৰ সৈতে জীৱামৃত মিহলাই খেতিত প্ৰয়োগ কৰিব পাৰি ।

বীজামৃত

বীজবাহিত (seed borne) আৰু  মাটি বাহিত (soil borne) ৰোগ নিয়ন্ত্ৰণ তথা বীজৰ অংকুৰণ ক্ষমতা বৃদ্ধিৰ বাবে ব্যৱহাৰ কৰা হয়।

বীজামৃত প্ৰস্তুতকৰণ :  বীজামৃত  ৰ প্ৰস্তুত কৰিবলৈ প্ৰয়োজনীয় সামগ্ৰী সমূহ হল :

(১০০ কিলোগ্ৰাম বীজ শোধণ কৰিবলৈ) –

(১) গৰুৰ গোৱৰ – ৫ কেজি, ২) চূণ – ৫০ গ্ৰাম, ৩) গোমূত্ৰ – ৫ লিটাৰ, ৬) সজীৱ মাটি – ৫০ গ্ৰাম, আৰু ৭) পানী- ২০ লিটাৰ।

প্ৰথমতে কটনৰ কাপোৰত ৫ কেজি গৰুৰ গোৱৰ খিনি পাত্ৰ এটাত পানী লৈ ডুবাই ৰাখিব লাগে। তাৰ পিচত ১ লিটাৰ পানীত ৫০ গ্ৰাম চূণ মিহলাই এৰাতি ৰাখিব লাগে। তেনেকৈ ৰখাৰ পিচত গৰুৰ গোৱৰৰ গোটা অংশখিনি ভালকৈ জোকাৰি আতৰাই নিব লাগে। এতিয়া ৫ লিটাৰ গোমূত্ৰ, ১ লিটাৰ চূণৰ পানী, ৫০ গ্ৰাম সজীৱ মাটি আৰু ২০ লিটাৰ পানী গোৱৰৰ আতৰোৱা পানীত মিহলাই ১২-১৬ ঘন্টা ৰাখিব লাগে।

 এনেকৈ বনোৱা মিশ্ৰণ খিনি ভালকৈ ছেকিলৈ বীজ শোধন তথা কঠীয়া ৰুৱাৰ আগতে কঠীয়াৰ শিপা শোধন ৰ বাবে প্ৰয়োগ কৰা হয়।

অগ্নি অস্ত্ৰ

 অগ্নি অস্ত্ৰ শস্যক্ষেত্ৰত বিভিন্ন ধৰণৰ কীট-পোক নিয়ন্ত্ৰণ কৰিবৈ ব্যৱহাৰ কৰা হয়।

অগ্নি অস্ত্ৰ প্ৰস্তুতকৰণ :  অগ্নি অস্ত্ৰ প্ৰস্তুত কৰিবলৈ প্ৰয়োজনীয় সামগ্ৰী সমূহ -

১) পানী – ১০০ লিটাৰ, ২) গোমূত্ৰ – ১০ লিটাৰ, ৩) তামাক – ১ কেজি, ৪) কেঁচা জলকীয়া – ৫০০ গ্ৰাম, আৰু ৫) থলুয়া জাতৰ নহৰু – ৫০০ গ্ৰাম ।

প্ৰথমতে ১০০ লিটাৰ পানীত ১০ লিটাৰ গোমূত্ৰ ভালকৈ মিহলাই লব লাগে। তাৰ পিচত গোমূত্ৰ-পানীৰ মিশ্ৰণত ১ কেজি তামাক, ৫০০ গ্ৰাম কেঁচা জলকীয়া, ৫০০ গ্ৰাম থলুয়া জাতৰ নহৰু দিব লাগে । তাৰ পিচত মিশ্ৰণ খিনি ক্ৰমান্নয়ে পাচ বাৰ উতলাব লাগে । এইদৰে উতলোৱাৰ পিচত কাপোৰ এখনেৰে ভালদৰে ছেকি লৈ ২৪ ঘন্টা ফাৰমেন্টেছনৰ কাৰণে ৰাখি দিব লাগে ।

এইদৰে প্ৰস্তুত কৰা মিশ্ৰণ খিনিৰ নামেই হল অগ্নি অস্ত্ৰ । ওপৰত উল্লেখ কৰা মতে ২৪ ঘন্টা ফাৰমেন্টেছনৰ পিচত পাত মেৰোৱা পোক (লিফ ফোল্ডাৰ), মজা খোৱা পোক (স্টেম বোৰাৰ), ফল ছিদ্ৰকাৰী পোক(ফ্ৰুট বোৰাৰ), ছেঁই ছিদ্ৰকাৰী পোক(পড বোৰাৰ) ইত্যাদি পোক নিয়ন্ত্ৰণ কৰিবলৈ প্ৰয়োগ কৰিব পাৰি। ৩ শতাংশ আগ্নি অস্ত্ৰ অৰ্থাত্ ৬-৮ লিটাৰ আগ্নেস্ত্ৰ ২০০ লিটাৰ পানীত মিহলাই ১ একৰ কৃষি ভূমিত প্ৰয়োগ কৰিব পাৰি।

পঞ্চগৱ্য, বীজামৃত, আৰু জীৱামৃতত পোৱা পোষক মৌলৰ পৰিমাণৰ তালিকা

পোষক মৌল

পঞ্চগৱ্য

বীজামৃত

জীৱামৃত

নাইট্ৰোজেন (পিপিএম)

১০০০

৪০

৭৭০

ফচফৰাচ

১৭৫.৪০

১৫৫.৩০

১৬৬

পটাছিয়াম

১৯৪.১০

২৫২

১২৬

জিংক

১.২৭

২.৯৬

৪.২৯

কপাৰ

০.৩৮

০.৫২

১.৫৮

লো

২৯.৭১

১৫.৩৫

২৮.২০

মেঙ্গানীজ

১.৮৪

৩.৩২

১০.৭

 উত্স : গোৰে এণ্ড শ্ৰীনিভাস (২০১১)                                                           

 প্ৰেৰকঃ নিৰ্ম্মল চন্দ্ৰ ঘোষ, মহকুমা কৃষি বিষয়া, ধুবুৰী

লগতে পঢ়ক-সুষমা: মীন পালকসকলৰ বাবে মাছৰ পৰিপূৰক খাদ্য!

English Summary: Natural Farming
Published on: 07 September 2022, 11:09 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now