1. এগ্ৰিপেডিয়া

গৃহিনীসকলৰ স্ব-নিয়োজনৰ সহজ পথ

PANKAJ KHANIKAR
PANKAJ KHANIKAR
MUSHROOM CULTIVATION
MUSHROOM CULTIVATION

সম্প্ৰতি অসমত জনপ্ৰিয় হৈ উঠা এবিধ খেতি হ’ল কাঠফুলাৰ খেতি। এই খেতি এতিয়া পুৰুষসকলতকৈ গৃহিনী মহিলাসকলৰ মাজত অধিক জনপ্ৰিয় হৈ উঠিছে। ইয়াৰ মূলতে কাঠফুলাৰ খেতি প্ৰণালী অতি সহজ। ইয়াৰ বাবে কোনো খেতি মাটি নালাগে। সাধাৰণ এটি খেৰীঘৰৰ ভিতৰত ইয়াৰ খেতি কৰিব পাৰি। কিন্তু কাঠফুলাৰ দাম কম নহয়। বজাৰত এক কেজি কাঠফুলাৰ দাম ২০০ টকা। ইয়াৰ বিপৰীতে এক কেজি শুকান কাঠফুলাৰ খুচুৰা মূল্য ১,০০০ টকা। গতিকে কাঠফুলাৰ খেতি কৰি গৃহিনীসকলে নিজকে আত্মনিৰ্ভৰশীল কৰিব পাৰে। ইফালে, বৰ্তমান সময়ত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে কাঠফুলাৰ চাহিদা। কাৰণ কাঠফুলাত অতি উচ্চমানৰ প্ৰ’টিন পোৱা যায়।ইয়াৰ প্ৰ’টিনৰ মান সকলো সেউজীয়া শাক-পাচলিতকৈ উন্নত।কাঠফুলাত নানা ধৰণৰ ভিটামিন বিশেষকৈ ভিটামিন ‘বি কমপ্লেক্স’আৰু প্ৰচুৰ খনিজ পদাৰ্থও থাকে।

বৰ্তমান আমাৰ দেশত তিনিবিধ জাতৰ কাঠফুলাৰ খেতি কৰা হয়-(১)হোৱাইট বুটন মাশ্বৰুম (খেতিৰ সময় নৱেম্বৰ-মাৰ্চ)(২)পেডি ষ্ট্ৰ মাশ্বৰুম (জুন-ছেপ্টেম্বৰ )আৰু (৩)অষ্টাৰ মাশ্বৰুম (ফেব্ৰুৱাৰী –এপ্ৰিল আৰু ছেপ্টেম্বৰ –নৱেম্বৰ)আমাৰ অসমৰ জলবায়ুৰ বাবে অষ্টাৰ জাতৰ কাঠফুলা অধিক উপযোগী।এইবিধ খেতিৰ বাবে প্ৰয়োজনীয় আপেক্ষিক আৰ্দ্ৰতা (৮৫-৯৫ শতাংশ)আৰু উষ্ণতা (২০-৩৫ ডিগ্ৰী চেণ্টিগ্ৰেড)আমাৰ ৰাজ্যত বছৰৰ অধিক সময়ৰ বাবে থাকে।তদুপৰি এইবিধ কাঠফুলা খেতিৰ বাবে প্ৰয়োজনীয় খেৰ, নৰা, কলপাত, কাঠৰ গুড়ি, মাকৈ ধানৰ ঠাৰি, পাচলিৰ অৱশিষ্ট অংশ আদি আমাৰ ইয়াত কম দামত বা বিনামুল্যে পোৱা যায়।

কাঠফুলাৰ খেতি কেনেকৈ কৰিব?

অষ্টাৰ জাতৰ কাঠফুলা খেতিৰ বাবে প্ৰথমে ধান খেৰ বা নৰাবোৰ চুটি চুটিকৈ কাটি ল’ব লাগে।কাটি লোৱা খেৰখিনি পানীত এনিশা তিয়াই থৈ পিছদিনা পানীখিনি নিগৰাই পেলাব লাগে।ভিজা খেৰখিনি আধা ঘণ্টামান উতলা পানীত সিজাব লাগে।সিজোৱা খেৰখিনি ঠাণ্ডা হ’বলৈ পৰিষ্কাৰ মজিয়া বা ঢাৰিৰ ওপৰত মেলি দিব লাগে।আনপিনে ১৪ চেণ্টিমিটাৰ *১৬ চেণ্টিমিটাৰ জোখৰ কিছুমান পলিথিনৰ ডাঠ মোনাত দুই-তিনি ইঞ্চি দুৰত্বত বুটামৰ জোখত সৰু সৰু ফুটা কৰি দিব লাগে।এক কিলোগ্ৰাম খেৰৰ বাবে এটা এনেকুৱা মোনাৰ দৰকাৰ।নিৰ্ভৰযোগ্য প্ৰতিষ্ঠানৰ পৰা ক্ৰয় কৰা বীজখিনি বটলৰ পৰা উলিয়াই জৰজৰীয়া কৰি ল’ব লাগে।পলিথিনৰ মোনাটোত প্ৰথমে ঠাণ্ডা হোৱা খেৰৰ এটা তৰপ দি তাৰ ওপৰত এমুঠি বীজ সিঁচি দিব লাগে।এইদৰে মোনাটোত খেৰ আৰু বীজৰ চাৰি-পাঁচটা তৰপ কৰি মোনাটো মুখখন বান্ধি ছাঁত ১৫ দিনমান ৰাখিব লাগে।পাছত মোনাটো কাটি বা খুলি পেলাব লাগে।প্ৰয়োজন অনুসৰি ইয়াত প্ৰতিদিনে পানী ছটিয়াব লাগে।২০ দিনমান পাছত পৈতাত হোৱা কাঠফুলা প্ৰথমবাৰৰ বাবে চপাব পাৰি।প্ৰতি সাত দিনৰ মুৰে মুৰে দুই বা তিনিবাৰ খেতি চপাব পাৰি।চপোৱা কাঠফুলা কোঠালিৰ উষ্ণতাত এদিনতকৈ বেছি ৰাখিব নালাগে।ফ্ৰীজত তিনি-চাৰি দিন ৰাখিব পাৰি।  

লগতে পঢ়ক-

বড়ো ধানৰ খেতিৰ বাবে এতিয়াৰ পৰাই পৰিকল্পনা কৰক

কেচাঁমাল

  • ‘ধানখেৰৰ কাঠফুলা’ খেতিৰ বাবে ধানখেৰেই ভাল৷ বৰষুণত তিতি থকা ধানখেৰ বা নিম্নমানৰ খেৰ ব্যৱহাৰ কৰিলে খাদ্য অনুপযোগী আন জাতৰ কাঠফুলা গজি সমস্যাৰ সৃষ্টি কৰিব পাৰে৷
  • খেৰ মুঠা বন্ধা
  • খেৰবোৰৰ ৮০ ছেন্টিমিটাৰ দীঘল X ১২ ছেন্টিমিটাৰ ব্যাসৰ মুঠা বান্ধিব লাগে৷ প্ৰ্ৰত্যেকটো মুঠাৰ ওজন ৮০০ গ্ৰামৰ পৰা ১ কিলোগ্ৰাম হোৱাৰ দৰকাৰ৷ এখন পালেং তৈয়াৰ কৰিবলৈ এনেকুৱা ২৪ টা খেৰৰ মুঠাৰ প্ৰয়োজন৷ ২০ কিলোগ্ৰাম শুকান খেৰ এখন পালেংৰ বাবে ব্যৱহাৰ কৰা হয়৷
  • খেৰ কটা
  • খেৰৰ মুঠাবোৰৰ মূৰৰ ফালে কাঠফুলা ওলাবৰ বাবে মুঠাবোৰ দুয়োমূৰে সমানকৈ কাটি দিয়াৰ দৰকাৰ ৷

খেৰৰ মুঠা পানীত তিওৱা পদ্ধতি

  • এক মিটাৰ ওখ আৰু এক মিটাৰ ব্যাসৰ চিমেন্টৰ পাত্ৰ বা তেলৰ ড্ৰামত প্ৰথমে খেৰৰ মুঠাবোৰ ভৰাই ল’ব লাগে ৷ তাৰ পিছত মুঠাবোৰৰ ওপৰলৈ পানী ভৰাব লাগে ৷ মুঠাবোৰ ভাঁহি নাথাকিবৰ বাবে ইয়াৰ ওপৰত ডাঙৰ শিল বা ইটা ৰখা দৰকাৰ এনে মুঠাবোৰৰ ২৪ ৰ পৰা ৪৮ ঘন্টা পানীত দুবাই থব লাগে ৷
  • মুঠা দ’ম কৰা :-
  • মুঠাবোৰ পনীৰ পৰা উঠাই অতিৰিক্ত পানীভাগ নিগৰি যোৱাৰ বাবে পৰিষ্কাৰ চাং এখনৰ ওপৰত ৰাখিব লাগে ৷

বাঁহৰ ফ্ৰেম :-

  • ৯০ ছেন্টিমিটাৰ X ৯০ ছেন্টিমিটাৰ X ১৫ ছেন্টিমিটাৰ ওখ বাঁহৰ ফ্ৰেম এটা সজাই ল’ব লাগে ৷ বাঁহৰ ফ্ৰেম সজাই লোৱাৰ কাৰণ হ’ল – (১) কাঠফুলাৰ পালেং আৰু মজিয়াৰ মাজত পোনপটিয়া সংযোগ বন্ধ কৰা আৰু (২) খেৰৰ মুঠাত থকা অতিৰিক্ত পানী ভাগ ওলাই যোৱাত সুবিধা হয় ৷

কাঠফুলা উৎপাদন কৰা ঘৰ

  • কাঠফুলা উৎপাদন কৰিবলৈ লোৱা ঘৰটোৰ প্ৰস্হ ৩ মিটাৰ, দুয়োফালে উচ্চতা ২.৫ মিটাৰ আৰু দীঘ ৬ মিটাৰ হোৱাৰ দৰকাৰ ৷ ছালখন খেৰৰ তৈয়াৰী হ’ব লাগে ৷ পকী মজিয়াত ৫ চেন্টিমিটাৰ মানৰ বালিৰ তৰপ দিব লাগে ৷ বেৰ চাৰিখন খেৰ আৰু বাঁহৰে তৈয়াৰী কৰি ল’ব লাগে ৷ বেৰ চাৰিখনত প্লাষ্টিক ওলমাই থব লাগে, এনে কৰিলে ধৰখনৰ উষ্ণতাৰ লগতে আৰ্দ্ৰতাও বৃদ্ধি হয় ৷
  • কাঠফুলাৰ বীজ :-
  • বিশুদ্ধ কাঠফুলাৰ বীজ ইটা বৰণীয়া হয় এখন পালেংৰ বাবে ৩০০ গ্ৰাম বীজেই যথেষ্ট ৷ ৩০০ গ্ৰাম বীজক ৭৫ গ্ৰাম, ৭৫ গ্ৰাম আৰু ১৫০ গ্ৰাম এই তিনিভাগত ভগাই ল’ব লাগে ৷ প্ৰতিটো ভাগৰ বীজবোৰক এক চেন্টিমিটাৰ জোখৰ টুকুৰা টুকুৰাকৈ ভাঙি লোৱাৰ দৰকাৰ ।

ছকৰ গুড়ি :-

  • ৫ গ্ৰাম ছকৰ গুড়ি ১ লিটাৰ পানীত মিহলাই কাঠফুলাৰ বীজ দিয়াৰ আগত খেৰৰ দমবোৰত স্প্ৰে কৰি ল’ব লাগে ৷ এনে কৰিলে খেৰৰ আম্লতা বৃদ্ধি হয়৷

লগতে পঢ়ক- 

অক্টোৱৰতে এই দহবিধ ৰবিশস্যৰ খেতি কৰক

English Summary: MUSHROOM CULTIVATION

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.