1. এগ্ৰিপেডিয়া

কৃষি বিশ্ববিদ্যালয়ে বিকশিত কৰিলে ওটচ, ঘেঁহু, চাউল আৰু নাইজাৰ উন্নত বীজ

KJ Staff
KJ Staff
Jawaharlal Nehru Krishi Vishwavidyalaya, Jabalpur
Jawaharlal Nehru Krishi Vishwavidyalaya, Jabalpur

মধ্য প্ৰদেশৰ জবলপুৰৰ জৱাহৰলাল নেহৰু কৃষি বিশ্ববিদ্যালয় (JNKVV) য়ে ওটছ, ঘেঁহু, চাউল আৰু নাইজাৰৰ নতুন প্ৰকাৰ বিকশিত কৰিছে । কৃষি বিজ্ঞানীসকলে গৱেষণাৰ জৰিয়তে দুবিধ ওটছ, দুবিধ ঘেঁহু, এবিধ চাউল আৰু তিনিদিধ নাইজাৰ প্ৰকাৰ বিকশিত কৰিছে যিটো উন্নত মানদণ্ডৰ । বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য ড০ পি কে বিছেনে প্ৰকাশ কৰা অনুসৰি কেন্দ্ৰ চৰকাৰে ইয়াক উৎপাদনৰ বাবে গ্ৰহণযোগ্য বুলি স্বীকৃতি দিছে ।

বিশ্ববিদ্যালয়ৰ এজন বিষয়াই শনিবাৰে কয় যে এই নতুন প্ৰকাৰৰ ওটচ, ঘেঁহু, চাউল আৰু নাইজাৰ (ই হৈছে এক সৰু তৈলবীজ শস্য যাক মুখ্যতঃ বৰষুণৰ পৰিস্থিতিত খেতি কৰা হয়) শস্যৰ প্ৰকাৰবোৰ খেতিৰ বাবে উপযুক্ত ।

কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ে ৩ জানুৱাৰীত এই সন্দৰ্ভত এখন গেজেট অধিসূচনা প্ৰকাশ কৰিছিল । কৃষকসকলে শীঘ্ৰেই এই নতুন শস্যৰ প্ৰকাৰৰ বাবে বীজ ক্ৰয় কৰিবলৈ সক্ষম হ'ব । ই উচ্চ মানদণ্ডৰ কৃষি উৎপাদন নিশ্চিত কৰিব আৰু ৰাজহ বৃদ্ধি কৰিব", উপাচাৰ্য ড০ পি কে বিছেনে কয় ।

জৱাহৰলাল নেহৰু কৃষি বিশ্ববিদ্যালয়ৰ (JNKVV)  গৱেষণা সেৱাৰ সঞ্চালক ড০ জি কে কৌটুৰ মতে  কেইবাখনো ৰাজ্যৰ নিৰ্দিষ্ট শস্য উৎপাদন ক্ষেত্ৰসমূহত বিভিন্ন কৃষি-জলবায়ু পৰিস্থিতিত তিনি বছৰ ধৰি বীজৰ প্ৰকাৰবোৰ মূল্যায়ন কৰা হৈছিল । তেওঁৰ মতে এই নতুন শস্যবোৰ উচ্চ উৎপাদনক্ষম, উন্নত মানদণ্ডৰ, ৰোগ প্ৰতিৰোধী হোৱাৰ লগতে দ্ৰুত শস্য চপোৱা পেৰিঅ'ৰ দৰে অনুকূল বৈশিষ্টৰ সংমিশ্ৰণ আছে ।

জেঅ' 05-304  প্ৰকাৰ মহাৰাষ্ট্ৰ, গুজৰাট, ছত্তীশগড়, মধ্য প্ৰদেশ আৰু ৰাজস্থানত উৎপাদনৰ বাবে ভাল । আনহাতে জেঅ' 10-506 উৰিষ্যা, বিহাৰ, ঝাৰখণ্ড, উত্তৰ প্ৰদেশৰ পূব অঞ্চল, অসম আৰু মণিপুৰত উৎপাদনৰ বাবে আদৰ্শ ।

নতুন ঘেঁহু M আৰু  MP-1358 প্ৰকাৰৰ লগতে চাউল JR-10 মধ্য প্ৰদেশৰ নিৰ্দিষ্ট অঞ্চলত খেতি কৰিব পাৰি । ড০ কৌটুৱে লগতে কয় যে মধ্য প্ৰদেশ আৰু ছত্তীশগড়ৰ জলসিঞ্চিত আৰু অনা-জলসিঞ্চিত দুয়োটা স্থানৰ বাবে নাইজাৰ (ramtil) প্ৰকাৰ JNS-521, JNS2015-9, আৰু JNS2016-1115 উপযুক্ত। 

লগতে পঢ়কঃ প্ৰতি কিলো ৬০০ টকাত বিক্ৰী হয় এইবিধ বিলাহী

English Summary: MP Agriculture universities developed new variety of seeds

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.