1. এগ্ৰিপেডিয়া

শীতকালক কোনবোৰ পাচলি স্বাস্হ্যৰ বাবে উপকাৰী জানেনে আপুনি?

KJ Staff
KJ Staff
winter Vegetable
winter Vegetable

শীতকালত (Winter Season) বিভিন্ন ধৰণৰ পাচলি খোৱা হয়  যি পুষ্টিৰে সমৃদ্ধ আৰু স্বাস্থ্যৰ বাবেও যথেষ্ট উপকাৰী । আজি আমি আপোনাক ক’ম শীতকালত কোনবোৰ পাচলি (vegetable) খালে আপুনি সু স্বাস্হ্যবান হ’ব লগতে শীতকালৰ এই বিশেষ পাচলিবোৰে আপোনাক কঠোৰ ঠাণ্ডা বতৰ সহ্য কৰাত সহায় কৰিব ।একে সময়তে, ই আপোনাক ভিতৰৰ পৰাও শক্তিশালী কৰিব ।

কোনবোৰ শীতকালীন পাচলি আহাৰত অন্তৰ্ভুক্ত কৰিব

সেউজ সৰিয়হ (Mustard Green)

সৰিয়হৰ সেউজীয়া শাক পুষ্টিকৰ আৰু সোৱাদযুক্ত । পৰম্পৰাগত অসমীয়া ব্যঞ্জনত সৰিয়হৰ সেউজীয়া শাক অন্তৰ্ভুক্ত কৰা হয় । এইটো কেৱল অসমীয়া পৰিয়ালতে নহয় সমগ্ৰ দেশতে জনপ্ৰিয় । ইয়াক সেৱন কৰিলে আপোনাক শীতকালত বিভিন্ন ধৰণৰ ৰোগৰ পৰা সুৰক্ষিত কৰিব ।

বীট (Beat Root)

ই এণ্টিঅক্সিডেণ্ট আৰু ভিটামিন চিৰে সমৃদ্ধ । বীটৰুট কেৱল চালাডতে ব্যৱহাৰ কৰা নহয়, এতিয়া কাবাব, পৰঠা আৰু আনকি বিৰিয়ানীতো ব্যৱহাৰ কৰা হয় । ইয়াৰ গ্ৰহণে শৰীৰৰ ৰক্তহীনতা আঁতৰ কৰিব পাৰে । 

মূলা (Reddish)

শীতকালত, সকলোৱে সাধাৰণতে ৰাতিপুৱাৰ আহাৰত মূলা খাবলৈ ভাল পায় । মূলাত ভিটামিন আৰু খনিজ পদাৰ্থ যেনে জিংক, তাম, ফছফৰাছ, পটাছিয়াম, মেগনেছিয়াম আৰু কেলচিয়াম অধিক থাকে । মূলা খোৱাটোও যথেষ্ট লাভজনক ।

গাজৰ (Carrot)

অৱশেষত গাজৰৰ কথা কৈছো । শীতকালত বেছিভাগ গাজৰৰ হালৱা তৈয়াৰ কৰাত ব্যৱহাৰ কৰা  হয় । ইয়াক চালাড, ৰস, ভাৰতীয় পাচলি, কেকৰ ৰূপতো তৈয়াৰ কৰা হয় । গাজৰৰ অতি পুষ্টিকৰ গুণাগুণ আছে যি আমাৰ স্বাস্থ্যৰ বাবে আশীৰ্বাদতকৈ কম নহয়। 

লগতে পঢ়কঃ কৃষি বিশ্ববিদ্যালয়ে বিকশিত কৰিলে ওটচ, ঘেঁহু, চাউল আৰু নাইজাৰ উন্নত বীজ

English Summary: Beneficial Vegetable in winter Season

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.