1. এগ্ৰিপেডিয়া

২৬০০০ হাজাৰ ×২ =৫২০০০হাজাৰ/ যদি জহা হয় ৬০০০০ হাজাৰ টকা

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Benefit of Paddy cultivation in Assam
Benefit of Paddy cultivation in Assam

খেতিৰ প্ৰতি নৱ প্ৰজন্মৰ একাংশৰ আশ্বাস জন্মাৰ সময়তে কৃষিৰ প্ৰতি অনীহা ভাৱ প্ৰকাশ কৰিছে এচাম কৃষি বৃত্তিৰে জড়িত লোকে। খেতি কৰিবলৈ এৰি দিব বিচৰা কৃষকসকলৰ মতে, ধান খেতিৰ A to Z হিচাপ কৰিলে লাভতকৈ লোকচানহে হয় বুলি তেওঁলোকে কয়। কিন্তু তেওঁলোকৰ এই ধাৰণাটো কিমান গ্ৰহণযোগ্য!

খেতিৰ প্ৰতি অনীহা ভাৱ প্ৰকাশ কৰা কৃষকসকলক উদ্দেশ্যি কৃষিযন্ত্ৰ উদ্ভাৱক হীৰেণ চেতিয়াই এক ফেচবুক পোষ্টযোগে খেতিৰ মাজত এখন সম্ভাৱনাৰ দুৱাৰ খুলি কৈছে কৈছে- প্ৰতি বিঘা মাটিত লাহী/শালি ধান ভালকৈ চহাই, উপযুক্ত সাৰ-পানী থাকিলে ১০/১২ কুইণ্টল ধান পোৱা যাই। বছৰত দুটাকৈ খেতি কৰিব পাৰি। প্ৰতি বিঘা মাটিত সামূহিক খৰছ ৩৫০০/টকাৰ ভিতৰত+ধান চপাই মাৰি খৰছ মোটামুটি ১৭০০/১৮০০ ভিতৰত। সৰ্বমুঠ ৫৫০০/ভিতৰত বা অলপ বেছি। ১ কুইণ্টল ধানৰ বিপৰীতে ৬৫ কেজি চাউল। বজাৰত চাউলৰ মূল্য ৪০/টকা।গতিকে বিঘাত প্ৰায় ২৬০০০ হাজাৰ টকা/×২=৫২০০০হাজাৰ/ যদি জহা বা অন্যান্য মহঙা জাতৰ ধান হয় তেন্তে ৬০০০০ হাজাৰ/ মানকৈ উৎপাদনৰ মূল্য পায়।

লগতে পঢ়ক- 

New Farming Methods : বাংলাদেশত কেছকি পদ্ধতিৰে খেতি কৰি লাভান্বিত কৃষক

লগতে তেওঁ কয়- নূন্যতম ৫ বিঘা খেতি কৰিলে যথেষ্ট উপকৃত হ’ব পাৰি। পৰিশ্ৰম ডেৰ মাহ কৈ তিনিমাহ। তাৰ মাজতে খেতিয়কজনে অন্যান্য বহুতো কাম কৰিব পাৰিব। মোৰ বোধেৰে এইয়া বিপ্লৱ নহয়। এইবোৰ আমাৰ প্ৰকৃত কৰ্ম মানসিক উদ্যম। মনোযোগ অবিহনে কোনো সাফল্যই নাহে।

তেওঁ কয়- আধুনিকটাৰ ধামখুমীয়াত নতুন প্ৰজন্মই জটিল আৰু কষ্টকৰ কাম কৰিবলৈ আগবাঢ়ি নহাৰ ফলস্বৰূপে ঠায়ে ঠায়ে (ধানৰ)কৃষি কৰ্ম স্থবিৰ হৈছে। এইক্ষেত্ৰত চৰকাৰেও বহু সুবিধা প্ৰদান কৰে। কিন্তু আগবাঢ়ি অহা মানুহৰ সংখ্যা কমিছে।

লগতে পঢ়ক- 

ৰাজ্যৰ পথাৰত ২৪x৭ পানী যোগানৰ বাবে মন্ত্ৰী অশোক সিংহল-অতুল বৰাৰ বৈঠক

English Summary: Most benefit of Paddy cultivation in Assam

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.