1. News

ৰাজ্যৰ পথাৰত ২৪x৭ পানী যোগানৰ বাবে মন্ত্ৰী অশোক সিংহল-অতুল বৰাৰ বৈঠক

RAHUL ALI
RAHUL ALI
Atul bora & Ashok Singhal Meeting in Janata Bhawan
Atul bora & Ashok Singhal Meeting in Janata Bhawan

ৰাজ্যৰ পথাৰত বহিঃৰাজ্যৰ কৃষকে বছৰত তিনিটা খেতি কৰাৰ প্ৰয়াস কৰিবলৈ শুকুৰবাৰে এক বৈঠকত মিলিত হয় কৃষিমন্ত্ৰী অতুল বৰা আৰু জলসিঞ্চন মন্ত্ৰী অশোক সিংহল। কৃষি আৰু জলসিঞ্চন বিভাগৰ মাজত সমন্বয়-সহযোগিতা বৃদ্ধিৰে অব্যৱহৃত হৈ থকা কৃষিভূমিসমূহত বাৰমাহে দুই-তিনিটা শস্যৰ খেতি কৰিব পৰাকৈ ২৪X৭ পানী যোগান নিশ্চিত কৰাৰ লক্ষ্যৰে দুই কেবিনেট মন্ত্ৰী আৰু দুয়োটা বিভাগৰ জ্যেষ্ঠ বিষয়াসকল মিলিত হয় এই বৈঠকত।

এই সন্দৰ্ভত কৃষিমন্ত্ৰী অতুল বৰাই কয়- জলসিঞ্চন বিভাগৰ কাৰ্যক্ষম হৈ থকা প্ৰকল্পসমূহৰ তালিকা লৈ কৃষি বিভাগে প্ৰকল্প থকা অঞ্চলসমূহৰ কৃষকসকলক বছৰত দুটা বা তাতকৈ অধিক শস্যৰ খেতি কৰিবলৈ উৎসাহিত কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিব। দুয়োটা বিভাগে পাৰস্পৰিক বুজাবুজিৰে আন্তঃগাঁথনি আৰু প্ৰযুক্তি ব্যৱহাৰ কৰি উমৈহতীয়া লক্ষ্য থকা বিভিন্ন আঁচনি ৰূপায়ণ কৰিব আৰু কৃষি বিভাগৰ পৰামৰ্শ অনুযায়ী জলসিঞ্চন বিভাগে নিৰ্দিষ্ট অঞ্চলত যাৱতীয় প্ৰকল্প গ্ৰহণ কৰিব।

লগতে পঢ়ক- 

New Farming Methods : বাংলাদেশত কেছকি পদ্ধতিৰে খেতি কৰি লাভান্বিত কৃষক

লগতে তেওঁ কয়- জলসিঞ্চন প্ৰকল্পসমূহৰ সুবিধা গ্ৰহণ কৰি সহজে বিপণন কৰিব পৰা তথা বাণিজ্যিক মূল্য থকা শস্যৰ খেতিৰ বাবে আমাৰ কৃষকসকলক উৎসাহিত কৰা হ'ব। প্ৰতিমাহে জিলা কৃষি বিষয়া, জলসিঞ্চন বিভাগৰ অভিযন্তা, পথাৰ পৰিচালনা সমিতি, কৃষক উৎপাদক সংস্থায়ো আলোচনাত মিলিত হৈ ক্ষেত্ৰভিত্তিক পৰিদৰ্শন কৰি কৃষকৰ সুবিধাৰ্থে এই দিশত যাৱতীয় কাৰ্যব্যৱস্থা গ্ৰহণ কৰিব।

ইফালে, পানী যোগান প্ৰকল্পসমূহৰ স্থিতি পৰ্যালোচনা কৰাৰ বাবে প্ৰতিমাহে দুয়োটা বিভাগৰ সমন্বয়ৰক্ষী সমিতিৰ যৌথ বৈঠক অনুষ্ঠিত কৰা হ'ব জানিবলৈ দি তেওঁ কয়- জলসিঞ্চন মন্ত্ৰী অশোক সিংহল ডাঙৰীয়াৰ সৈতে যুটীয়া ক্ষেত্ৰভিত্তিক পৰিদৰ্শন কৰি কৃষকৰ বাবে পানী যোগান নিশ্চিত কৰি তোলা হ'ব। লগতে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰো যাৱতীয় সহযোগিতা নিশ্চিত কৰা হ'ব।

বৈঠকত দুই কেবিনেট মন্ত্ৰীৰ লগতে কৃষি বিভাগৰ অতিৰিক্ত মুখ্য সচিব তথা কৃষি উৎপাদন আয়ুক্ত ডাঃ আশিস কুমাৰ ভূটানী, জলসিঞ্চন বিভাগৰ অতিৰিক্ত মুখ্য সচিব এছ আব্বাছী, আয়ুক্ত সচিব এম এছ মনিৱন্নন, পঞ্চায়ত-গ্ৰামোন্নয়নৰ বিভাগৰ আয়ুক্ত জয় শিৱানী, কৃষি সঞ্চালক ভাস্কৰ পেগু, জলসিঞ্চন বিভাগৰ সচিব পৱিত্ৰ ৰাম খাউণ্ড প্ৰমুখ্যে বিভাগৰ অন্যান্য জেষ্ঠ বিষয়াসকল বৈঠকত উপস্থিত থাকে।

লগতে পঢ়ক- 

Rabi crops harvest : ৰবি শস্য চপোৱাৰ আগৰ আৰু পিছৰ ব্যৱস্থাসমূহ

English Summary: Atul bora & Ashok Singhal Meeting in Janata Bhawan

Like this article?

Hey! I am RAHUL ALI. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.