Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 3 December, 2020 7:52 PM IST
Mushroom

আমাৰ ওচৰে-পাজৰে বিভিন্ন ধৰণৰ কাঠফুলা দেখা পোৱা যায় ৷ কিন্তু এই বিলাক খোৱাৰ বাবে মুঠেই উপযোগী নহয় ৷ সেই বিলাক খালে মানুহৰ নানান ধৰণৰ ৰোগ হোৱাৰ উপৰিও খাদ্য বিষক্রিয়া হৈ মৃত্যু পর্য্যন্ত হব পাৰে বা হৈছে আমি টিভি, নিউজ আদিত দেখি আহিছো ৷ কিন্তু বর্তমান সময়ত কাঠফুলাৰ কেইটামান বিশেষ প্রজাতিৰ খেতি কৰি বহতো খেতিয়ক লাভান্বিত হোৱা দেখা গৈছে। সম্প্রতি কাঠফুলা এবিধ বিকল্প খাদ্য হিচাপে পৰিগণিত হৈছে। উল্লেনীয় বিষয় যে কম সময়ৰ ভিতৰতে বজাৰো দখল কৰিবলৈ সক্ষম হৈছে। আনকি কাঠফুলাই আন্ত:ৰাষ্ট্রীয় পর্যায়তো বিশেষ সমাদৰ লাভ কৰিছে আৰু লোভনীয় খাদ্য হৈ পৰিছে ৷ সেয়েহে আজি আমি অসমৰ নিবনুৱা যুৱক - যুৱতী সকলে কেনেকৈ ইয়াৰ বৈজ্ঞানিক পদ্ধতিৰে  খেতি কৰি অধিক উৎপাদন কৰিব পাৰি আৰু নিজকে স্বাৱলম্বী কৰি তুলিব পাৰে, তাৰ বিষয়ে আলোচনা কৰিম।

অতি গুৰত্বপূর্ণ কথা এয়ে যে ইয়াত কোনো ধৰণৰ বুজন পৰিমাণৰ ধন খৰচ নকৰাকৈ মাত্র কেই পেকেটমান বীজ কিনি আনি এই  খেতি আৰম্ভ কৰিব পাৰি।

কৃষি পদ্ধতি

কাঠফুলা খেতিৰ বাবে অতি প্রয়োজনীয় বস্তুবিধ হৈছে ধান খেৰ ৷  বর্তমান সময়ত প্রায় ঘৰে ঘৰে পোৱা যায বিশেষকৈ গাঁওলীয়া অঞ্চল সমূহত ৷ প্রথমতে এই ধান খেৰখিনি শুকাই লব লাগে ৷ তাৰ পিছত এই শুকান খেৰ খিনি ভালদৰে পৰিস্কাৰ কৰি ২ ৰ পৰা 3 ইঞ্চি জোখত কাটি লব লাগে ৷ খেৰখিনি পানীত জিকাই থ'ব লাগে, কিন্তু ৭ ঘন্টাতকৈ অধিক সময়  থ'ব নালাগে। জিকা খেৰখিনি পানীৰ পৰা উলিয়াই আনি প্রায় ৩৫-৪৫ মিনিট সময় পানীত সিজাব লাগে, যাতে খেৰখিনি বীজাণুমুক্ত হয়। কেইমিনিটমান খেৰখিনি এঢলীয়াকৈ ৰাখি অথবা ৰদত শুকুৱাই, সিজোৱা খেৰখিনিৰ পৰা অতিৰিক্ত পানীভাগ আঁতৰাই পেলাব লাগে। এতিয়া ২৫ -১৪ ইঞ্চি জোখৰ এটা পলিথিনৰ মােনা ল'ব লাগে।

অতিৰিক্ত পানী নথকা অথচ জিকা  কেইমুঠিমান খেৰ লৈ মােনাখনৰ ভিতৰত ভৰাব লাগে। ভৰােৱা খেৰখিনি হাতেৰে হেঁচি দি ২ ইঞ্চি ডাঠ এটা তৰপ কৰিব লাগে। কাঠফুলাৰ বীজখিনি শুকান পৰিষ্কাৰ থাল এখনত তিনিটা ভাগ কৰিব লাগে। এতিয়া কাঠফুলাৰ বীজখিনি খেৰৰ তৰপটোৰ ওপৰত ছটিয়াই দিব লাগে। কাঠফুলাৰ বীজ খিনি  যাতে খেৰৰ তৰপটোৰ মাজৰ অংশ বাদ দি কাষবােৰত চাৰিওফালে পৰে তাৰ বাবে সাৱধানতা অৱলম্বন কৰিব । এনেদৰে ৪-৫ টা তৰপ তৈয়াৰ কৰিব লাগে। ওপৰৰ তৰপত দিয়া বীজখিনি খেৰেৰে পাতলকৈ আৱৰি দিব লাগে।

মােনাখনৰ মুখখন ৰচিৰে বান্ধি মােনাখনৰ গাটোত ২ ইঞ্চি দূৰত্বত সৰু সৰু বিন্ধা কৰি দিব লাগে। ইয়াৰ পিছত মােনাখন কাঠফুলা উৎপাদন কোঠাত ১৫ৰ পৰা ২০ দিন ৰাখিব লাগে আৰু লক্ষ্য কৰিব লাগে যাতে ৰ'দৰ প্রত্যক্ষ পােহৰ একেবাৰেই নপৰে। যেতিয়া ১৫-২৮ দিন ৰখাৰ পিছত সম্পূর্ণভাৱে বগা সূত্রপুঞ্জ(মাইচেলিয়াম) ওলাব তেতিয়া সাৱধানে খেৰৰ টোপােলাটোৰপৰা প্লাষ্টিকৰ মােনাখন আঁতৰাই আনিব লাগে। লক্ষ্য ৰাখিব লাগে, যাতে খেৰৰ টোপােলাটো কেতিয়াও ভাগি নপৰে। প্লাষ্টিকৰ ৰছীৰ সহায়ত খেৰৰ টোপােলাটো আঁৰি থােৱাৰ ব্যৱস্থা কৰিব লাগে আৰু পিছদিনাৰপৰা পানী ছটিয়াব লাগে।

শুকান বতৰত দুপৰীয়া অতিৰিক্তভাৱে পানী ছটিয়াব লাগে। বৃষ্টিপাতৰ সময়তাে আপেক্ষিক আর্দ্রতাৰ প্রতি লক্ষ্য ৰাখি প্রতিদিনে দুবাৰকৈ পানী ছটিয়াব লাগে। টোপােলাটোৰপৰা প্লাষ্টিকৰ মােনাখন খুলি আঁতৰোৱাৰ পিছত ৫ৰ পৰা ৭ দিন ভিতৰত কাঠফুলাবিলাক ওলাই আহিব আৰু কাঠফুলাবিলাকৰ কাষবিলাক ওপৰফালে ভাজ লাগিবলৈ আৰম্ভ কৰিলেই ছিঙিব পৰা যাব।

ছিঙাৰ সময়ত ঠাৰিডালৰ গুৰিত টানকৈ ধৰি পকাই ছিঙিব যাতে অতিৰিক্ত অংশ ৰৈ নাযায়। কাঠফুলা ওলােৱা মােনাখনৰ আটাইকেইটা কাঠফুলা একে সময়তে ছিঙিব লাগে। কেঁচা কাঠফুলা সৰু সৰু বিন্ধা থকা পলিথিন পেকটত ভৰাই বজাৰলৈ নিব পাৰে।

প্রথমবাৰ কাঠফুলা চপােৱাৰ পিছত পুনৰ স্পেয়াৰৰ জৰিয়তে ৫ৰ পৰা ৭ দিন পানী দি থাকিব লাগে। ৭ ৰ পৰা ১০ দিনৰ পিছত পুনৰ দ্বিতীয়বাৰৰ বাবে কাঠফুলা চপাব (ছিঙিব) পৰা যাব। এনেদৰে একোটা কাঠফুলা টোপােলাৰপৰা ৪-৫ বাৰ পর্যন্ত কাঠফুলা ছিঙিব পৰা যায়। এটা টোপােলাৰ ৪-৫ বাৰ ছিঙাৰ পিছত কাঠফুলাৰ নতুন টোপােলা ৰাখিব লাগে।

English Summary: modern method of mushroom in modern days
Published on: 03 December 2020, 07:52 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now