শেৱালি ফুলৰ বৈজ্ঞানিক নাম "Adansoniya Digitata" । ইয়াক হিন্দি ভাষাত পাৰিজাত বুলি জনা যায় । সেই পাৰিজাত যাক ভগবান শ্ৰীকৃষ্ণই দেৱী ৰুক্মিণীৰ বাবে স্বৰ্গৰ পৰা হৰণ কৰি পৃথিবীলৈ লৈ আনিছিল । আন এক প্ৰবাদ অনুসৰি মহাভাৰতীয় যুগত অৰ্জুনে মাতৃ কুন্তীৰ বাবে এই বৃক্ষবিধ উপহাৰ স্বৰুপে মহাদেবৰ পৰা লাভ কৰিছিল বুলিও জনা যায় । অৰ্জুনে পৃথিৱীলৈ অনা সেই বৃক্ষবিধ ভাৰতবৰ্ষৰ উত্তৰ প্ৰদেশৰ বাৰাবাংকী জিলাৰ "কিন্তুৰ" নামৰ গাঁৱত আজিও জীৱিত হৈ আছে বুলি এক লোকবিশ্বাস প্ৰচলিত হৈ আছে। আয়ুৰ্ৱেদিক শাস্ত্ৰসমূহতো শেৱালি ফুলৰ গছক মহামূল্যবান বৃক্ষ বুলি কোৱা হৈছে । অৰ্থাৎ ই কেৱল এবিধ সুন্দৰ তথা সুগন্ধিত ফুলৰ প্ৰজাতি নহয়,ঔষধ হিচাপেও ইয়াৰ বিশেষ মহত্ব আছে । জানো আহক শেৱালি ফুলৰ কেইটামান বিশেষ ঔষধীয় গুণাগুণৰ বিষয়ে...
শেৱালি ফুল ভাদ মাহৰ পৰা আঘোণ মাহলৈকে ফুলে । ইয়াৰ কুমলীয়া পাতৰ ৰস উলিয়াই মৌজোলৰ লগত সেৱন কৰিলে জ্বৰ-কাহ ভাল হয় ।
* চুলি সৰা,অকালতে চুলি পকা আদি সমস্যাই দেখা দিলে শেৱালি ফুলৰ গুটি ভালকৈ বটি মূৰত লগালে সুফল পোৱা যায় ।
* শেৱালি ফুল কেঁচাকৈ বা শুকুৱাই আঞ্জা কৰি খাব পাৰি । শুকান শেৱালি ফুল দৰিকণা মাছ বা পুঠি মাছৰ লগত থপথপীয়াকৈ ৰন্ধা আঞ্জা খাবলৈ বৰ তৃপ্তিদায়ক । ইয়াৰ দ্বাৰা পাচনশক্তি বৃদ্ধি হয় ।
* শৰৎ কালত শেৱালি ফুলৰ পাতৰ ৰস নিয়মীয়াকৈ সেৱন কৰিলে তেজ পৰিষ্কাৰ হয় ।
* শেৱালি গছৰ ফুল আৰু পাতে বায়ু পৰিষ্কাৰ কৰে । মানুহৰ ঘৰ-বাৰীত শেৱালি ফুল,মহানিমৰ গছ আৰু কলা তুলসীৰ গছ থাকিলে কেতিয়াও বায়ু প্রদূষণ নহয় । লগতে বসন্ত আদি ৰোগ নহয় বুলিও কোৱা হয় ।
* হাড়ৰ বিষত ভুগিলে শেৱালি ফুলৰ পাতবিলাক অত্যাধিক তাপত তেতিয়ালৈকে গৰম কৰিব লাগে, যেতিয়ালৈকে পানীৰ মাত্ৰা আধা হৈ নাযায় । এতিয়া পাত্রত ৰৈ যোৱা পাতবোৰ উলিয়াই বাকী থকা পানীখিনি ঔষধ হিচাপে প্ৰয়োগ কৰিব পাৰি । এই ঔষধ ৰাতিপুৱা এটা সৰু গিলাচত লৈ সেৱন কৰা উচিত। অৱশ্যে এই ক্ষেত্ৰত টেঙা খোৱাৰ পৰা বিৰত থাকিব লাগে । নহলে ঔষধৰ প্ৰভাৱ শূণ্যৰ সমান হৈ পৰে।