মঙলবাৰে পুৱা গুৱাহাটী চাহ নিলাম কেন্দ্ৰত অনুষ্ঠিত নিলামত ডিব্ৰুগড় মনোহৰী চাহ ইষ্টেতত উৎপাদিত মনোহৰী গোল্ড টিয়ে সৰ্বাধিক মূল্যত নিলাম হয় । গুৱাহাটীৰ পাইকাৰী চাহ বিক্ৰেতা সৌৰভ চলিহা নামৰ ব্যৱসায়ীগৰাকীয়ে এই মনোহৰী গোল্ড টি নিলামত প্ৰতি কিলো ৯৯,৯৯৯ টকাত ক্ৰয় কৰি ইতিহাস সৃষ্টি কৰে ।
মনোহৰী গোল্ড টিৰ উৎপাদন ২০১৮ চনত অসমত প্ৰথম আৰম্ভ কৰা হৈছিল । ইয়াৰ পিছতে মনোহৰী গোল্ড টি বিশ্বজুৰি জনপ্ৰিয় হৈ পৰে । সমান্তৰালভাৱে ইয়াৰ চাহিদা বহুগুণে বৃদ্ধি পাই । মনোহৰী চাহ ইষ্টেটৰ গৰাকী ৰাজেন লোহিয়াই কয় যে, "এই বছৰ আমি মনোহৰী গোল্ড টি ২ কিলোগ্ৰামতকৈ অলপ বেছি উৎপাদন কৰিছো । আমি নিলামৰ বাবে মাত্ৰ ১ কিলোগ্ৰাম ৰাখিছিলো কিয়নো আমি আমাৰ বহুতো গ্ৰাহকৰ চাহিদা পূৰণ কৰিব লগা হৈছিল।"
বেছিভাগ চাহৰ বিপৰীতে, মনোহৰী গোল্ড টি পাতৰ পৰা নহয় । এক বিশেষ প্ৰক্ৰিয়াৰ মাজেৰে চাহৰ কলিৰ পৰা ইয়াক তৈয়াৰ কৰা হয় । মনোহৰী গোল্ড টি মে আৰু জুনৰ দ্বিতীয় ফ্লাশ ঋতুত ৰাতিপুৱা কলিবোৰ চিঙা হয় । ২০১৮ চনত ১ কিলোগ্ৰাম মনোহৰী গোল্ড টি ৩৯,০০০ টকাত নিলাম হৈছিল । ২০১৯ গোল্ড টি এক কিলোগ্ৰাম ৫০,০০০ মূল্যত নিলাম হয় । আনহাতে, বিৰ্ষত কিলোগ্ৰাম মনোহৰী গোল্ড টি ৭৫,০০০ টকাত নিলাম হোৱাৰ সমান্তৰালভাৱে এই বছৰ প্ৰতিকিলোত ৯৯,৯৯৯ চকাৰে সৰ্বাধিক মূল্যত নিলাম হয় ।
পাইকাৰী চাহ বিক্ৰেতা সৌৰভ চলিহাৰ মুখ্য কাৰ্যবাহী বিষয়া এম এল মহেশ্বৰীয়ে কয় যে- মনোহৰী গোল্ড টি চাহিদা অধিক আৰু উৎপাদন অতি কম । আমি দীৰ্ঘদিন ধৰি এই চাহ সংগ্ৰহ কৰিবলৈ চেষ্টা কৰি আছিলো । বাগিচাখনৰ গৰাকীয়ে ইয়াক ব্যক্তিগতভাৱে আমাক বিক্ৰী কৰিবলৈ অস্বীকাৰ কৰিছিল আৰু ইয়াক নিলাম কৰাৰ সিদ্ধান্ত লৈছিল।"
“অসমৰ চাহ ইয়াৰ সমৃদ্ধ মানদণ্ডৰ বাবে বিশ্বত বিখ্যাত । আমি মানদণ্ডক গুৰুত্ব দিয়াৰ লগতে গুণগত মানদণ্ডৰ সৈতে আপোচ নকৰোঁ । আমি সুখী কাৰণ আকৌ এবাৰ আমি অসম চাহলৈ গৌৰৱ কঢ়িয়াই আনিছো । কেৱল মানদণ্ডৰ চাহেহে অসমৰ চাহ উদ্যোগক বচাব পাৰে” চাহ উদ্যোগৰ সংকট সন্দৰ্ভত শ্ৰীযুত লোহিয়াই এইদৰে কয় । উল্লেখ্য যে, মনোহৰী চাহ ইষ্টেত ১,০০০ একৰ ভূমিত বিয়পি আছে য'ত প্ৰায় ৬০০ শ্ৰমিক নিযুক্ত হৈ আছে ।
লগতে পঢ়ক ঃ https://asomiya.krishijagran.com/news/harnaz-sandhu-miss-universe-2021/