Prawn Farming : ব্যৱসায়িক ভিত্তিত মিছামাছ পালন আৰু ইয়াৰ লাভালাভ বহনক্ষম কৃষি পদ্ধতি! ই কেনেকৈ আমাৰ পৰৱৰ্তী প্ৰজন্মক সুৰক্ষিত কৰিব! Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক
Updated on: 23 January, 2025 4:35 PM IST
King Chilly farming in Dhemaji

কানিবিলৰ পাৰত ৰবিশস্যৰ খেতি ধেমাজিৰ কৃষকৰ

পূৰ্বৰে পৰা ধান খেতি কৰি অহা ধেমাজি জিলাৰ কামচি ৩ আলিৰ এজন কৃষক অৰূপ লালুং। কৃষকগৰাকীয়ে এইবাৰ কানিবিলৰ পাৰত ৮ বিঘা মাটিত আলু, ১৫ বিঘা মাটিত সৰিয়হ, ৪ বিঘা মাটিত ভোট জলকীয়াৰ খেতি কৰিছে। ইয়াৰোপৰি তেওঁ কৃষিপথাৰত আছে কবি, বেঙেনা আদি দৰে দুই এবিধ ৰবিশস্য। কৃষকগৰাকীয়ে পূৰ্বতে বাৰিষা সময়ছোৱাত ধান খেতি কৰিছিল আৰু বাকী সময়ছোৱাত তেওঁৰ নিজৰ অটোখন চলাই নিজৰ ঘৰখন চলাই নিছিল। কিন্তু অটোখন চলাই বৰ বেছি লাভ নোহোৱাজন অনুভৱ কৰি অটো চলোৱাৰ কামটো এৰি সম্পূৰ্ণৰূপে কৃষিক্ষেত্ৰখনৰ লগত জড়িত হৈ পৰে।

কৃষিক্ষেত্ৰখনৰ সম্পূৰ্ণৰূপে জড়িত হৈ এইবাৰ তেওঁ ২০-২৫ বিঘা মাটিত খেতি কৰিছে। আলু আৰু সৰিয়হ তেওঁৰ ওচৰৰ বন্ধুৰ লগত কৰিছে বাকী ৪ বিঘা মাটিত তেওঁ নিজাকৈ বিজ্ঞানসন্মত পদ্ধতিৰে ভোট জলকীয়াৰ খেতি কৰিছে। তলৰ ফটোত আপোনালোকে দেখিবলৈ পাইছে কৃষকগৰাকীৰ ভোট জলকীয়া খেতি। কৃষকগৰাকীয়ে জানিবলৈ দিয়া মতে, ৪ বিঘা মাটিৰ ভোট জলকীয়াৰ খেতিত দুবিঘাত মালচিং পেপাৰ আৰু দুবিঘাত মালচিং পেপাৰ নিদিয়াকৈ খেতি কৰিছে।

কৃষকগৰাকীয়ে কৃষিকৰ্ম আগবঢ়াই নিওতো জিলাখনৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ লগত সম্পৰ্ক ৰক্ষা কৰি আহিছে বুলি জানিবলৈ দিয়ে। শস্যবিলাকৰ যিকোনোধৰণৰ বেমাৰ-আজাৰ হ’লেই  কৃষক অৰূপ লালুঙে কৃষি বিজ্ঞা্ন কেন্দ্ৰৰ লগত যোগাযোগ কৰে বুলি জানিবলৈ দিয়ে। কৃষি বিজ্ঞান কেন্দ্ৰৰ পৰাও ভাল সহাঁৰি লাভ কৰিছে আৰু তেওঁলোকৰ পৰামৰ্শ মতেই কাম কৰিছে বুলি জানিবলৈ দিয়ে।

মালচিং পেপাৰ যে কৃষি পথাৰত ব্যৱহাৰ কৰিব লাগে সেই কথাটো কেনেকৈ জানিলে বুলি সোধা এক প্ৰশ্নৰ উত্তৰত কৃষক অৰূপ লালুঙে কয় যে মঠাদাঙৰ কৃষক দেৱজিত চাংমাইৰ পৰা পুলি আনিবলৈ যাওঁতেই তেওঁ মালচিং পেপাৰৰ বিষয়ে জনায়। তেওঁৰ পৰামৰ্শ মতেই এইবাৰ দুবিঘা মাটিৰ ভোট জলকীয়া খেতিত মালচিং পেপাৰ ব্যৱহাৰ কৰিছো।

খেতি পথাৰত কাম-কাজবোৰ নিজেই কৰে নে কোনো শ্ৰমিক লগায় বুলি সোধা এক প্ৰশ্ন উত্তৰত কৃষকগৰাকীয়ে কয়- বৰ্তমানলৈ কোনো মানুহ লগোৱা নাই। ঘৰৰ মানুহখিনিয়েই কাম কৰো।

তেওঁৰ লগত হোৱা কথা-বতৰাৰ পৰা অনুমান কৰিব পাৰি যে কৃষিকৰ্মৰ লগত জড়িত হৈ তেওঁ সুখী। তেওঁ কয়- পৰৱৰ্তী সময়ত অধিক পৰিমানে আৰু পৰিকল্পিত কামবোৰ কৰিব।

লগতে পঢ়ক- 

Apiculture in Assam : কৃষিকৰ্মৰ লগতে ঘৰৰ বাৰীখনতে কেনেকৈ মৌ-পালন কৰিব !

English Summary: King Chilly farming in Dhemaji
Published on: 23 January 2025, 04:32 IST