অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ পাহাৰীয়া ঠাইসমূহত জুম খেতি এক প্ৰচলিত কৃষি প্ৰথা। জুম খেতিয়ে সৃষ্টি কৰা টকলা পাহাৰবোৰ উত্তৰ পূৰ্বাঞ্চলৰ চিনাকি চবি। পাহাৰীয়া জনগোষ্ঠীৰ মাজত এতিয়াও আদিম কৃষি ব্যৱস্থা জুম খেতি প্ৰচলিত হৈ আছে। প্ৰতি বছৰে পাহাৰৰ হাবি-বন কাটি জুই লগাই জুম খেতি পথাৰ মুকলি কৰা হয়। ফলত পাহাৰবোৰ দিনে দিনে টকলা হৈ পৰিছে। সমগ্ৰ পৃথিবী জুৰি প্ৰায় ২৩০ৰ পৰা ৫০০ মিলিয়ন জনসংখ্যাই এতিয়াও জুম খেতি কৰে।
অসমৰ দুই পাহাৰীয়া জিলাত জুম খেতিৰ বাবে বছৰি বহু বনানী ধ্বংস কৰা হয়। কাৰ্বি সকলে প্ৰাচীন কালৰে পৰাই পাহাৰত জুম খেতি কৰি আহিছে। কালক্ৰমত জুম খেতি কাৰ্বি সকলৰ জীৱন প্ৰণালী আৰু সমাজ সংস্কৃতিৰ লগত ওতঃপ্ৰোত ভাবে জড়িত হৈ পৰে। কাৰ্বি সকলৰ মাহৰ গণনাও জুম খেতিৰ পৰ্যায় সমূহক পৰ্যবেক্ষণ কৰিহে কৰা দেখা যায়। কাৰ্বি আংলঙৰ পাহাৰবোৰত গাঁৱৰ মুখিয়াল সকলৰ নিজা নিজা অঞ্চল নিৰ্ধাৰণ কৰা থাকে। একোটা নিৰ্ধাৰিত এলেকাত সেই অঞ্চলৰ গাঁওবাসীয়ে ফেব্ৰুৱাৰী মাহত জুমখেতিৰ মাটিডৰা নিৰ্বাচন কৰি বাঁহৰ কামি মাটিত খুচি চিন দি থৈ আহে আৰু কিছু হাবি মুকলি কৰি ‘ৰিত কেচাম’ সকাম কৰে। তাৰ পিছত গছ-গছনি, হাবি-বন কাটি শুকাবলৈ দিয়া হয়। এপ্ৰিল মাহত সেইবোৰত জুই লগাই দিয়া হয় আৰু শুকান-গছ-গছনি জুইত পুৰি মাটিডৰা ক’লা ছাইৰে আবৃত হয় । ইয়াৰ ফলত মাটিডৰা সাৰুৱা হৈ পৰে।
পাহাৰৰ একোডৰা মাটিত তিনিবছৰমান জুম খেতি কৰাৰ পিছত সেইডৰা মাটি এৰি আকৌ অন্য হাবি-জংঘল কাটি জুম খেতিৰ বাবে মুকলি কৰা হয়। এইদৰে এখন পাহাৰৰ পৰা অন্য এখন পাহাৰলৈ জুম খেতি পথাৰে বিস্তৃতি লাভ কৰে। সেইবাবে জুম খেতিক স্থানান্তৰী খেতি বুলিও কোৱা হয়।
এসময়ত সমগ্ৰ বিশ্বতে জুম খেতি প্ৰথা প্ৰচলিত আছিল। কিন্তু নৱ-প্ৰস্তৰ যুগৰ পৰা আৰম্ভ হোৱা জুম খেতি ইউৰোপ আৰু উত্তৰ আমেৰিকাত যোৱা কিছু শতিকাৰ পূৰ্বে আধুনিক কৃষি পদ্ধতি আৰু কৃষি বজাৰ বিকাশ লাভ কৰাৰ লগে লগে পৰিত্যাগ কৰা হল।। কিন্তু অসম তথা উত্তৰ-পৰ্বাঞ্চলৰ পাহাৰীয়া ৰাজ্য সমূহত জুম খেতি আজিও প্ৰচলিত হৈ থাকিল।
লগতে পঢ়কঃ ধান খেতি – Paddy Cultivation