বৰো ধানডৰাৰ মাজত সৰু এটা পুখুৰীত ফ্ৰাই আকাৰৰ মীন পোনা ৰখা হয় আৰু চাৰিওফালে পাৰ বন্ধা ধাননিডৰাত খেতি চপোৱাৰ পাছত পানী বঢ়াৰ লগে লগে মাছবোৰ ওলাই আহে। আৰু মুক্ত ধাননিডৰাত মাছপালন কৰা হয়। সাধাৰণতে যিবোৰ পথাৰত শালিধানৰ খেতি কৰা সম্ভৱ নহয় তেনে খেতি পথাৰতহে এনে পদ্ধতিত মীনপালন কৰা হয়। কিন্তু ধানখেতিৰ সমন্বয়ত (ধানখেতি আৰু মাছ পালন) একেলগে কৰা পদ্ধতিত যথেষ্ট গুৰুত্ব আছে। ইয়াৰ গোলকীয় গুৰুত্ব
হ’ল-
জলবায়ু সলনি বন্ধ কৰাঃ ধাননি পথাৰৰ পৰা মিথেন গেছ নিৰ্গত হয় আৰু এই গেছে গোলকীয় উষ্ণতা বৃদ্ধিৰ লগতে জলবায়ু সলনি হোৱাত সহায় কৰে। ধাননি পথাৰত মাছ থাকিলে মাছৰ চলাচলৰ বাবে মিথেন গেছ নিৰ্গত হোৱাৰ হাৰ কমি যায়। ফলস্বৰূপে গোলকীয় উষ্ণতা বৃদ্ধি ৰোধ কৰাত সহায়ক হয়।
পানীৰ উৎপাদিকা শক্তিৰ যথোচিত ব্যৱহাৰ কৰাঃ ধাননি পথাৰত প্ৰায় ০.৫-১.০ মিটাৰতকৈও অধিক পানী থাকে। এই পানীখিনিৰো উৎপাদিকা শক্তি আছে।
ধাননি পথাৰত মাছ দিলে এই উৎপাদিকা শক্তিৰ যথোচিত ব্যৱহাৰ কৰা হয়। মাছ উৎপাদনৰ ফলত কৃষকৰ উপাৰ্জন আৰু পৰিপুষ্টিৰ বাবে প্ৰভূত বৰঙণি আগবঢ়োৱা হয়।
জৈৱিক বৈচিত্ৰ্য ৰক্ষা কৰাঃ মাছ জল পৰিস্থিতিতন্ত্ৰৰ শীৰ্ষ উৎপাদনকাৰী। ধাননি পথাৰত মাছ নাথাকিলে পথাৰত জৈৱিক বৈচিত্ৰ্যৰ সন্তুলন ৰক্ষা নপৰে। ফলত বিভিন্ন পোক-পতংগ আৰু বেমাৰ-আজাৰৰ বাবে ধানৰ উৎপাদন ব্যাহত হয়।
গতিকে শালি খেতি কৰা খেতিয়কসকলে উপযুক্ত স্থানত ৫ প্ৰজাতিৰ মাছ বিঘাই প্ৰতি ১২০০টা (ছিলভাৰ কাৰ্প ২৫০টা, বাহু ১৫০টা, ৰৌ ৩০০টা, মিৰিকা ২০০টা আৰু ভাঙন/কমনকাৰ্প ৩০০টা) মেলিব পাৰে। পোনা মেলাৰ পাছত সম্ভৱস্থলত দৈনিক মাছৰ পৰিপূৰক খাদ্য হিচাপে ভুচি, খলিহৈ আদি যোগান ধৰিলে অধিক উৎপাদন পাব পাৰি। ধান চপোৱাৰ আগত বা পাছত যিকোনো সময়তে পথাৰ, নলা বা পুখুৰীৰ পানী কমি গ’লে গোটেই মাছখিনি উঠাই দিয়া হয়।
উৎসঃ অসমীয়া খবৰ