অসমৰ বাহিৰে সকলো ৰাজ্যতে অমিতাক ফল হিচাপে গণ্য কৰা হয়।কিন্তু ইয়াক ফল হিচাপে গণ্য নকৰি পাচলি হিচাপে গণ্য কৰিলেও ইয়াৰ চাহিদা অসমত কম নহয়। অসমৰ বজাৰসমূহত বিশেষকৈ গুৱাহাটীত এককেজি অমিতাৰ দাম ৪০-৫০ টকাৰ ভিতৰত। অন্যান্য বজাৰসমূহতো অমিতাৰ দাম ৩০-৪০ টকাৰ ভিতৰত। গতিকে অমিতাৰ এখন ভাল বজাৰ লাভ কৰি আহিছে অমিতাৰ খেতিয়কসকলে। ফল আৰু পাচলিৰ অমিতাক অন্য কিছুমান কামতো ব্যৱহাৰ কৰা হয়। কেঁচা অমিতাৰ পৰা ওলোৱা বগা এঠা অৰ্থা পেপেইনক চামৰাৰ উদ্যোগত, চুইংগাম, প্ৰসাধন সামগ্ৰী, ঊল উদ্যোগ, মাংস উদ্যোগ আদিতো ব্যৱহাৰ হয়।
কেনেকৈ কৰিব অমিতাৰ খেতি!
১। অমিতা খেতিৰ বাবে ওখ, পানী জমা নোহোৱা, বালিচহীয়া মাটি উপযুক্ত।অৱশ্যে পলসুৱা মাটিত পানী জমা হ’বলৈ নিদি নলাৰ ব্যৱস্থা কৰিও এই খেতি কৰিব পাৰি।
২। অমিতা এবিধ একলিংগ উদ্ভিদ। গতিকে পৰাগ যোগ হৈ অধিক উৎপাদন পাবলৈ হ’লে প্ৰতি ১০ জোপা স্ত্ৰীপুষ্প গছৰ মাজত এজোপা মতা ফুলৰ গছ ৰুব লাগে।
৩।অমিতা পুলি গুটিৰ পৰাই প্ৰস্তুত কৰা হয়। এবিঘা মাটিত খেতি কৰিবৰ বাবে ৭০ গ্ৰাম বীজৰ প্ৰয়োজন। পকা অমিতাৰ পৰা বীজবোৰ আঁতৰাই পানীত মোহাৰি ধুব লাগে বা বালিত মোহাৰি দিব লাগে যাতে বীজৰ ওপৰত থকা জেলীৰ আৱৰণটো আঁতৰি যায়।কাৰণ বীজৰ ওপৰত আৱৰণটো থাকিলে বীজৰ অংকুৰণ ক্ষমতাত বাধা দিয়ে। বীজবোৰ ধোৱাৰ পাছত বাতৰি কাকতৰ ওপৰত ৰাখি ছাঁত শুকুৱাব লাগে। বীজ সিঁচাৰ উপযুক্ত সময় হৈছে মাঘ, ফাগুন, চ’ত মাহ।
৪। অমিতা ৰুৱৰ বাবে মাটিডোখৰ চহ কৰি ১.৮ মিটাৰ দূৰত্বত পুলিসমূহ ৰোপন কৰাৰ পোষকতা কৰে বিজ্ঞানীসকলে। কিন্তু এয়া চাপৰ অমিতাবোৰৰ বাবেহে। ওখ অমিতা গছৰ বাবে ২.৫ মিটাৰ (৮ ফুট) ব্যৱধানত একোটা গাঁত খান্দি সাৰুৱা মাটি আৰু গোবৰেৰে পূৰাই লৈ গাঁতৰ সোঁমাজত পুলিটো ৰোপণ কৰিব লাগে।
৫। সাধৰণতে ২/৩ মহীয়া পুলি ৰোপন কৰা হয় এই গাঁতবোৰত। পুলি ৰোৱাৰ সময় ব’হাগৰ পৰা আহাৰ মাহ।একেবাৰে পানী জমা নোহোৱা ওখ বালিচহীয়া মাটিত আহাৰ, শাওন মাহতো পুলি ৰুব পাৰে। পুলি ৰোৱাৰ দুমাহৰ পাছত অমিতা গছত সাৰ প্ৰয়োগ কৰিব লাগে।এজোপা অমিতা গছত বছৰেকত ৫০০ গ্ৰাম ইউৰিয়া, ১০০০ গ্ৰাম চুপাৰ ফচফেট আৰু ৮০০ গ্ৰাম মিউৰিট অৱ পটাচ সাৰ প্ৰয়োগ কৰিব লাগে। এই সাৰখিনি সমানে দুভাগ কৰি এভাগ সাৰ ২/৩ পাচি গোবৰৰ লগত মিহলাই পুলি ৰোৱাৰ দুমাহৰ পাছত গছজোপাৰ চাৰিওফালে প্ৰয়োগ কৰিব লাগে। বাকী ভাগ সাৰ গছৰ ফুল ফুলাৰ সময়ত আকৌ আগৰ দৰে গছৰ চাৰিওফালে ঘূৰণীয়াকৈ প্ৰয়োগ কৰিব লাগে। পুলি ৰোৱাৰ এক-ডেৰ মাহৰ ব্যৱধানত গছৰ তলৰ পৰা বন-বাতবোৰ আঁতৰাব লাগে। পাছত গছৰ তলৰ পৰা বন-বাতবোৰ আঁতৰাব লাগে। পাছত গছৰ গুৰিত অলপ অলপকৈ মাটি চপাই দিব লাগে যাতে গুৰিটো মজবুত হৈ থাকে।
৬। খৰাং বতৰত ৮/১০ দিনৰ অন্তৰে অন্তৰে এবাৰকৈ পানী দিব লাগে। বাৰিষা গছৰ গুৰিত পানী জমা নহ’বৰ বাবে দুজোপা গছৰ মাজত একোটা সৰু নলাৰ ব্যৱস্থা কৰিব লাগে। পুলি ডাঙৰ হৈ ফুলৰ কলি ধাৰণ কৰিলে স্ত্ৰীপুষ্প গছজোপা ৰাখি মতা গছজোপা আঁতৰাই দিব লাগে।
৭। গুৰি পচা আৰু শিপা পচা বেমাৰ নিৰাময়ৰ বাবে গছৰ গুৰিত এক শতাংশ শক্তিৰ বৰডে মিশ্ৰণ বা ব্লাইটক্স বা ফাইটলিন দৰৱ ২ গ্ৰাম এক লিটাৰ পানীত মিহলাই গুৰিত প্ৰয়োগ কৰিব লাগে। পাত মুজুৰা পৰা আৰু হালধীয়া মোজেইক বেমাৰৰ বাহক মোৱা পোকবোৰ মাৰিবৰ বাবে পুলি ৰোৱাৰ ডেৰ-দুমাহৰ পৰা ৰগৰ দৰৱ ৩০ টোপাল এক লিটাৰ পানীত মিহলাই ছটিয়াব লাগে।
উল্লেখ্য গছ ৰোৱাৰ ৭/৮ মাহৰ পৰা ফল লাগিবলৈ ধৰে আৰু ৩ বছৰলৈ ফল লাগি থাকে। তৃতীয় বছৰত গছ কাটি নতুনকৈ পুলি ৰোপণ কৰিব লাগে। এজোপা গছৰ পৰা বছৰেকত ২০/৩০ টালৈকে অমিতা (সঁচ অনুযায়ী) ফল লাগে।
মন কৰিবলগীয়া যে এই খেতিসমূহ বৰ বেছি মূলধনৰ প্ৰয়োজন নহয়। প্ৰয়োজন হয় কাম কৰাৰ মানসিকতাৰ এটা মন। অন্য কাম কৰাৰ সমান্তৰালভাৱে গাঁৱৰ যুৱক-যুৱতীসকলে এই খেতি কৰিব পাৰে। কাৰণ এই অমিতা খেতিত ১২ ঘন্টাই আপুনি ব্যস্ত থাকিব নালাগে। পুলি ৰোৱাৰ পাছতে সপ্তাহত এটা দিনকৈ অমিতাৰ বাৰীখনৰ প্ৰতি নজৰ দিলেই হৈ যায়। বিক্ৰিৰ বাবেও আপুনি বজাৰলৈ যোৱাৰ প্ৰয়োজন নাথাকে আজিকালি ঘৰৰ পৰাই শাক-পাচলিসমূহ খুচুৰা বেপাৰীসকলে লৈ যায়। শেষত অসমৰ বহু গ্ৰামাঞ্চলৰ যুৱক-যুৱতীয়ে বহিঃৰাজ্য বিভিন্নধৰণৰ কাম কৰেগৈ। কিন্তু ঘৰতে দেখোন এনে কেতবোৰ কাম কৰি আমি স্বাৱলম্বন হ’ব পাৰোঁ।
লগতে পঢ়ক-আৰম্ভ কৰক গোৱৰৰ এইসমূহ ব্যৱসায়!