অধিক দুগ্ধ উৎপাদনৰ প্ৰথম কথাটোৱেই হ’ল গাই গৰুৰ সঠিক বাছনি। যদিহে খীৰতি গাই এজনী কোনো চৰকাৰী বা বেচৰকাৰী প্ৰতিষ্ঠানৰ পৰা ক্ৰয় কৰা হয় তেনেহ’লে গৰুজনীয়ে দিয়া গাখীৰৰ পৰিমাণ, কেইবাৰ পোৱালি দিছে, গাইজনীৰ স্বাস্থ্য সম্পৰ্কীয় খুঁটি-নাটি তথ্য, প্ৰজনন ক্ষমতা আদিৰ বিষয়ে খৰচি মাৰি জানি লোৱা উচিত। যদিহে এই ধৰণৰ তথ্যসমূহ পোৱা নাযায়, তেনেহ’লে গাইজনী ক্ৰয় কৰাৰ আগেয়ে নিম্নোক্ত দিশসমূহৰ ওপৰত আপুনি মন দিয়ক:
প্ৰতিদিনে ৰাতিপুৱা আৰু আবেলি গৰুজনীয়ে কিমান গাখীৰ দিয়ে সেয়া চাইহে গৰুজনী ক্ৰয় কৰা উচিত। আকৰ্ষণীয় শাৰিৰীক গঠন, উজ্জ্বল চকু, সকলো সময়তে সক্ৰিয় কিন্তু শান্ত প্ৰকৃতিৰ, চাৰিল্খন ঠেঙেৰে সমানে মাটিত ভৰ দিব পৰা, কোমল চালৰ লগতে উজ্জ্বল মিহি নোম থকা, পিচৰ ফালটো সন্মুখতকৈ বহল, ওহাৰখন কোমল আৰু পিছ ঠেং দুটাৰ সোঁমাজত পৰা হোৱা উচিত। গাইজনীৰ মাকৰ বা তাইৰ নিজৰে বেছি গাখীৰ দিব পৰাৰ ক্ষমতা থকা, কম বয়সতে প্ৰাপ্তবয়স্ক হোৱা আৰু পোৱালী জন্ম দিয়া, বছৰত কমেও ৩০০ দিন গাখীৰ দিব পৰা, খোৱা খাদ্য সহজতে হজম হ’ব পৰা, নিৰোগী, নিয়মীয়াভাৱে গৰম হোৱা আৰু পোৱালী জন্ম দিয়া চৰিত্ৰবোৰত গুৰুত্ব দিয়া উচিত। পোৱালী জন্ম দিয়াৰ সময়ত গৰুজনীয়ে কোনো অসুবিধা পোৱা হ’ব নালাগে।
গাখিৰতী গাইৰ দৈহিক গঠনৰ ক্ষেত্ৰত নিম্নোক্ত কথাকেইটাত গুৰুত্ব দিয়া উচিত:
- মিহি চালৰ, ধুনীয়া গাঢ়ৰ, অধিক মেদ-মাংস নথকা।
- মূৰৰ অংশ মিহি, নিমজ, বৈ পৰা।
- ডিঙি আৰু দেহৰ জোৰা অংশ পৰিস্ফুট হোৱা।
- আগফালৰ পৰা পিচফাললৈ ক্ৰমে বহল আকৃতিৰ হোৱা।
- ওহাৰৰ আগফাললৈকে বহল। সংকুচিত বুকু আৰু ডাঙৰ পেট।
- তপিনা ডাঙৰ, সুগঠিত, ক্ষীণ কৰঙন।
- প্ৰকট, ডাঙৰ, অকোৱা-পকোৱা আৰু বিস্তাৰিত দুগ্ধ সিৰাযুক্ত।