সমগ্ৰ বিশ্বৰ ৬০ ভাগতকৈও অধিক লোক দুখীয়া শ্ৰেণাৰ। ভাৰতবৰ্যত ক্ষুদ্ৰ আৰু উপান্ত কৃষকৰ সংখ্যা শতকৰা ৮৫ জন। অসমত এই হাৰ শতকৰা ৮৫ ভাগ। বিশ্বৰ মুঠ জনসংখ্যাৰ সিংহভাগ দুখীয়া আৰু মিলেট হ’ল এই জনসংখ্যাৰ প্ৰধান খাদ্যশস্যৰ অংশ। বিশ্ব খাদ্য আৰু কৃষি সন্থাৰ মতে ২০১৩ন চনত বিশ্বৰ জনসংখ্যা ৭১৬২ নিযুতৰপৰা ২০৫০ চনলৈ ৯৫৫১ নিযুত হ’বগৈ আৰু ইয়াৰ সৰহভাগেই হ’ব সম্পদহীন আৰু দুখীয়া শ্ৰেণীৰ। এছিয়া আৰু আফ্ৰিকাতেই জনসংখ্যা ক্ৰমে ৫১৬৮ নিযুত আৰু ২৩৯৩ নিযুত হ’বগৈ। নিশ্চিতভাৱে এই জনসংখ্যাৰ সৰহভাগেই দুখীয়া শ্ৰেণীৰ হ’বগৈ আৰু মিলেটৰ চাহিদা সেই অনুপাতে বৃদ্ধি পাব।
বিশ্বজুৰি চহৰীকৰণ, নগৰীকৰণ, উদ্যোগীকৰণ, জনসংখ্যা বৃদ্ধিৰ বাবেখেতি মাটিৰ আৱাসীকৰণ আৰু ৰাস্তা-ঘাট আদিৰ উন্নীতকৰণৰ বাবে কৃষি ভূমি আৰু কৃষিৰ বাবে উপলব্ধ পানী সংকুচিত হ’ব। ফলত অনুপযুক্ত আৰু অনুৰ্বৰ ভূমি কৃষি ভূমিলৈ ৰূপান্তৰিত হ’ব য’ত মূল খাদ্য শস্যৰ খেতি লাভজনক নহ’ব। সেইবোৰত কম খাদ্য-পানীৰ প্ৰয়োজন হোৱা মিলেট খেতিৰ গুৰুত্ব বৃদ্ধি পাব।
সমগ্ৰ বিশ্বজুৰি মাটি ক্ষয়ীকৰণে এক সাংঘাতিক সমস্যাৰ ৰূপ ধাৰণ কৰিছে। বিশ্ব খাদ্য আৰু কৃষি সংস্থাৰ মতে পানীৰ দ্বাৰা হোৱা ভূমিৰ ক্ষয়ীকৰণৰ হাৰ প্ৰতিবছৰে ৫০-২০০ গিগাটন (১ গিগাটন= ১ বিলিয়ন টন)। এই ক্ষয়ীকৰণৰ বেছিভাগেই হয় কৃষিভূমিৰ পৰা। আনহাতে বতাহৰ দ্বাৰা ক্ষয়ীকৰণৰ হাৰ প্ৰতিবছৰে ২ গিগাটন। এতেকে এই হাৰত হৈ থকা ক্ষয়ীকৰণে মাটিৰ উৰ্বৰতা শক্তি কমোৱাৰ উপৰি জীপ ৰখা ক্ষমতাও কমাই আনে। ফলত মূল খাদ্যশস্যৰ উৎপাদন সাৰ-পানী প্ৰয়োগ নকৰিলে কমি যায়। এনে ক্ষেত্ৰত ক্ষুদ্ৰ আৰু উপান্ত খেতিয়কে সাৰ-পানীত খৰচ কৰাৰ ক্ষমতা নথকা হেতুকে মিলেট খেতিত বেছি গুৰুত্ব দিব।
ভাৰতবৰ্ষত ক্ৰমাগতভাৱে সমস্যাজৰ্জৰ ভূমি বাঢ়ি গৈ আছে। ইয়াৰ ঘাই কাৰণ হ’ল বতৰৰ দুৰ্যোগ, মাটিত বহু তৰপীয়া খেতিৰ প্ৰচলন, উদ্যোগীকৰণ, বিভিন্ন অপচয়ৰ সদ্ব্যৱহাৰ নোহোৱা আৰু অবৈজ্ঞানিক পদ্ধতিৰ মাটি আৰু পানীৰ ব্যৱহাৰ আদি। এটা হিচাব মতে ২০০৫ চনত সমস্যা জৰ্জৰ ভূমি ২.২ নিযুত হেক্টৰৰ পৰা ২০১০ চনলৈ ২.৪৩ নিযুত হেক্টৰলৈ বৃদ্ধি পায়। বৰ্তমান ভাৰতত ১.৭৯ নিযুত হেক্টৰ মাটি এচিডযুক্ত। অসমত এচিডযুক্ত মাটিৰ পৰিমাণ ১.৯৯৫ নিযুত হেক্টৰ, অৰ্থাৎ দেশৰ ভিতৰতে অসমৰ এচিডযুক্ত মাটিৰ পৰিমাণ অধিক। আনহাতে নিমখীয়া মাটিৰ পৰিমাণ দেশত ২০.৬ নিযুত হেক্টৰ। এনে মাটিত মূল খাদ্য শস্য বা অইন বহুতো শস্যৰ খেতিত আশানুৰূপ উৎপাদন নহয়। যিহেতু মিলেটৰ প্ৰজাতি বোৰে মাটি নাবাছে, অদূৰ ভৱিষ্যতে এনেবোৰ অঞ্চলত মিলেট খেতিৰ সম্ভাৱনা প্ৰচুৰ।
মিলেটৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বিশেষত্ব হ’ল এয়ে যে এইবিধ শস্যই খৰাং অৱস্থা সহ্য কৰিব পাৰে। ভাৰতবৰ্যৰ ২৭ খন ৰাজ্য শুকান বতৰৰ আৰু খৰাং অঞ্চল। মূল খাদ্যশস্য জলসিঞ্চন অবিহনে কৰাটো সম্ভৱ নহয়। আনহাতে খৰাং পীড়িত আৰু শুকান হোৱা বাবে জলসিঞ্চনৰ খৰচো বহুত বেছি হয়। এই দেশৰ ৭৮% জিলাতেই এনে অৱস্থা। গতিকে খাদ্যৰ চাহিদা পূৰণ কৰিবলৈ সৰহ সংখ্যক দুখীয়া কৃষকৰ বাবে মিলেট শস্যই একমাত্ৰ বিকল্প।
অসমত বানপানী এক নিয়মীয়া প্ৰাকৃতিক দুৰ্যোগ। ক্ৰমাগতভাৱে জলবায়ু পৰিৱৰ্তনৰ ফলত বানপানী আৰু ধাৰাসাৰ বৰষুণৰ কোনো সময়সীমা নোহোৱা হৈছে। ২০২২ চনত ৩০ খন জিলাতে বানপানীয়ে শালি খেতি নষ্ট কৰিছে। এনে অৱস্থাত খৰালি মিলেটৰ খেতিয়ে বিকল্প খাদ্যশস্য হৈ উঠিব পাৰে।
মিলেটৰ গুৰুত্ব সাম্প্ৰতিক সময়ত চহৰীয়া জীৱনতো বৃদ্ধি হৈছে। জীৱন ধাৰণৰ প্ৰণালী সলনি হোৱাৰ লগে লগে জীৱন শৈলীযুক্ত ৰোগ, বিশেষকৈ উচ্চ ৰক্তচাপ, মধূমেহ, ইউৰিক এচিড, থাইৰয়ড আদি ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি হৈছে। মিলেট খাদ্যত আঁহৰ পৰিমাণ বেছি আৰু খাদ্য মৌলৰ দ্বাৰা পুষ্টিকৰ হোৱা হেতুকে এই ৰোগবোৰৰ প্ৰতিৰোধী বুলি প্ৰমাণিত হৈছে। মিলেট খাদ্যই হৃদযন্ত্ৰৰ ৰোগ আৰু বৃক্কৰ সমস্যাও প্ৰতিৰোধ কৰিব পাৰে। আনহাতে মিলেট বিভিন্ন ভিটামিন আৰু খনিজ পদাৰ্থৰ চহকী উৎস। মিলেটত প্ৰ’টিন, কেলচিয়াম, মেগনেছিয়াম, লৌহ পদাৰ্থ, জিংক, ভিটামিন B6, নিয়াচিন, ভিটামিন K আদিৰো ভাল উৎস। এইবোৰ গুণ বিশিষ্ট হোৱা বাবে মিলেট বৰ্তমান প্ৰচুৰ পৰিমাণে শিশু খাদ্য প্ৰস্তুতিত ব্যৱহাৰ হৈছে। নগৰীয়া বা চহৰীয়া শিক্ষিত লোকৰ মাজতো খাদ্য হিচাপে মিলেটৰ চাহিদা বাঢ়ি আহিছে।
লেখকঃ ড০ হেমেন্দ্ৰ চন্দ্ৰ ভট্টাচাৰ্য, প্ৰাক্তন সঞ্চালক (এক্সটেনশ্যন এডুকেশ্যন), অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাট
লগতে পঢ়কঃ Crop Diversification: শস্য প্ৰণালীৰ বৈচিত্ৰকৰণ