1. এগ্ৰিপেডিয়া

বছৰৰ যিকোনো সময়তে যিকোনোধৰণৰ খেতি কৰিব পাৰিব কৃষকসকলে

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Hydroponic Farming benefit & its Farming
Hydroponic Farming benefit & its Farming

পৃথিবীত জনসংখ্যা বৃদ্ধিৰ অনুপাতে কিন্তু পৃথিবীখনৰ আকাৰ বাঢ়ি যোৱা নাই। ফলত জনসংখ্যাৰ গড়ে মাটি দিনক দিনে কমি গৈ আছে। আপোনালোকে হয়তো নিজেই দেখিছে ইতিমধ্যে কৃষিপথাৰসমূহত প্ৰতিদিনে মানুহৰ ঘৰ বঢ়াবলৈ আৰম্ভ, চহৰ-নগৰসমূহ দিনে বাঢ়ি আহিছে আৰু কৃষি পথাৰসমূহ দিনে দিনে সংকুচিত হৈ আহিছে। হয়তো এটা সময় এনেকুৱা হ’ব যে খেতি কৰিবলৈ মানুহবোৰৰ ঠাই নাইকীয়া হ’ব, মাটি নাইকীয়া হ’ব। তেতিয়া খাদ্য উতপাদন ক’ৰ পৰা হ’ব।

এই কথাবোৰৰ প্ৰতি লক্ষ্য ৰাখিয়েই গৱেষকসকলে উদ্ভাৱন কৰিছে এটা কৃষি পদ্ধতি। যি কৃষি পদ্ধতিত মাটি নালাগে। মাটি প্ৰয়োজন নোহোৱাকৈ এই নতুন পদ্ধতিৰে উন্নত দেশ যেনে- আমেৰিকা, জাপান, চীন আদি দেশসমূহত ইতিমধ্যে খেতি আৰম্ভ কৰিছে আৰু সফলতা লাভ কৰিছে।  এই নতুন পদ্ধতিক কোৱা হয় হাইড্ৰপনিক পদ্ধতি। হাইড্ৰপনিক পদ্ধতিত মাটিৰ সলনি পানীত খেতি কৰা হয়। এই পদ্ধতিত ধান, শাক-পাচলি খেতি কৰিব পাৰে কৃষকসকলে। বছৰৰ যিকোনো সময়তে যিকোনো খেতি কৰিব পাৰে এই কৃষি পদ্ধতিত।

লগতে পঢ়ক- 

৫০ হাজাৰটেই ডিলাৰ পৰা ঘৰলৈ যাব পাৰিব মহিন্দ্ৰা কোম্পানীৰ টেক্টৰ

এই পদ্ধতিত পানীয়েই প্ৰধান। পানীৰ যোগেদিয়েই উদ্ভিদজোপাক প্ৰয়োজন হোৱা খাদ্য যোগান ধৰা হয়। ফটোত দেখাৰ দৰেই এই খেতি কৰা হয়। এই কৃষি পদ্ধতিত প্ৰথমে অলপ খৰচ বেছি হয়। কিন্তু সেই একেই খৰচেৰে বছৰ বছৰ ধৰি কৃষকজনে খেতি কৰিব পাৰিব।

এই খেতিৰ সুবিধাসমূহ এনেধৰণৰ-

১। মাটিৰ প্ৰয়োজন নাই, ঘৰৰ ভিতৰত, ৱালত, ছাদত আদি বিভিন্ন ঠাইত ইয়াৰ খেতি কৰিব পাৰে।

২। পানীয়েই ইয়াৰ প্ৰধান উপাদান, কিন্তু মাটিত খেতি কৰিলে যিমান পানীৰ প্ৰয়োজন হয় সিমান পানী হাইড্ৰপনিক কৃষি পদ্ধতি প্ৰয়োজন নহয়।

৩। বছৰৰ যিকোনো সময়তেই সকলো ধৰণৰ খেতি কৰিব পাৰিব কৃষকসকলে।

৪। বতাহে, বৰষুণ বা প্ৰাকৃতিক দুৰ্যোগে ক্ষতি কৰিব নোৱাৰে এই পদ্ধতিৰে খেতি কৰা কৃষকজনক।

৫। এবাৰ খৰচ কৰাৰ পাছত সেই খৰচেৰেই বছৰ বছৰ ধৰি খেতি কৰি থাকিব পাৰিব কৃষকসকলে।

লগতে পঢ়ক- 

প্ৰতিখন জিলাৰ কৃষি কাৰ্যালয়ত কৃষকক দি আছে ছ’লাৰ, আজিয়েই যোগাযোগ কৰক

English Summary: Hydroponic Farming benefit & its Farming

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.