1. এগ্ৰিপেডিয়া

ধানতকৈ ৫ গুণ বেছি উপাৰ্জন কৰিবলৈ এবিঘা বাম মাটিত কৰক এই খেতি

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Egg Plant Farming benefit
Egg Plant Farming benefit

বাৰিষা কালত ভাল উপাৰ্জন কৰিব বিচৰা কৃষকসকললৈ এটা ভাল খবৰ। বাৰিষা কালত তেওঁলোকে উপাৰ্জন কৰিবৰ বাবে কৰিব পাৰে কণী বেঙেনাৰ খেতি। পাঞ্জাব-হাৰিয়ানাৰ বহু কৃষকে কণী বেঙেনাৰ খেতি কৰি যথেষ্ট লাভান্বিত হৈছে। এই কণী বেঙেনা আন বেঙেনাত খাবলৈ যথেষ্ট ভাল আৰু স্বাস্থ্য উপযোগী। জৈৱিকভাৱে কৰিলে ইয়াৰ দামো বজাৰত যথেষ্ট পৰিমাণে পাব কৃষকজনে। সাধাৰণতে এই বেঙেনাৰ দাম বজাৰত এনেও বেছি।

কৃষকসকলে কণী বেঙেনাৰ খেতি বছৰৰ দুটা সময়ত কৰিব পাৰে। মাৰ্চ-এপ্ৰিল আৰু ছেপ্তেম্বৰ-অক্টোবৰত। এই খেতি কৰোতে খৰচ বৰ বেছি পৰিমাণে নহয়। মাটিখিনি চহাওঁতেই বিঘাই প্ৰতি দুই-তিনি টেক্টৰ শুকান গোৱৰ প্ৰয়োগ কৰিব লাগে। তাৰ পাছতে পুলিখিনি ৰোপনৰ কৰাৰ পাছতে মানে অলপ ডাঙৰ হৈ অহাৰ পাছতে কাষে কাষে শুকান গোৱৰ মিহি কৰি গুৰি গুৰিয়ে প্ৰয়োগ কৰি মাজে মাজে পানী দিলেই হ’ল। কীট-পতংগৰ পৰা বচাবলৈ অৱশ্যে কৃষকজনে কীটনাশক প্ৰয়োগ কৰিব লাগিব। কেনেকুৱাধৰণৰ কীটনাশক প্ৰয়োগ কৰিব লাগে সেই ওচৰৰ কৃষি বিষয়াৰ লগত যোগাযোগ কৰি কথাবোৰ জানি ল’ব।

লগতে পঢ়ক-

black Ridge gourd farming : চলিত বৰ্ষত ৫০ কুইন্টলতকৈ অধিক জিকা বিক্ৰি কৰে শৰত বৰুৱাই

কণী বেঙেনাৰ খেতিৰ বাবে কেনেকুৱা মাটি উপযোগী :

বালীঅহীয়া, সাৰুৱা আৰু পানী জমা নোহোৱা মাটি কণী বেঙেনাৰ বাবে উপযোগী। সাধাৰণতে আমাৰ কৃষকসকলৰ বহু ধান খেতি ভাল নোহোৱা মাটি থাকে। তেনেকুৱা মাটিত ধান খেতিৰ সলনি কৃষকসকলে কণী বেঙেনাৰ খেতি কৰিব পাৰে। আপোনালোকক গেৰান্টি কব পাৰো যে এবিঘা মাটিত বেঙেনা খেতি কৰিলে ধানতকৈ ৫ গুণ অধিক উপাৰ্জন কৰিব পাৰিব কৃষকসকলে।

বীজ ক’ত পাব :

আমাৰ কৃষকসকলক কোনো শস্যৰ খেতি কথা ক’লেই তেওঁলোকে বীজ ক’ত  পায় ধৰণৰ কথাবোৰ প্ৰশ্ন কৰে। কিন্তু এনেবোৰ কথা পাঞ্জাৱ-হাৰিয়ানাৰ কৃষকসকলে নকৰে। তেওঁলোকে জানে বীজ কত পায়। আমাৰ কৃষকসকলৰ প্ৰত্যেকৰে ঘৰতে মবাইল ফোন আছে। মবাইল ফোনটোত সকলো বস্তু আজিকালি সহজলভ্য। ফিলিপকাৰ্ট, এমাজন আদিত কাপোৰ-কানি বা অন্যান্য প্ৰসাধন সামগ্ৰীৰ লগতে শাক-পাচলিৰ বীজো পোৱা যায়। নামটো লিখি দিবলৈ ওলাই পৰে। নিজেই নাজানিলেও কাৰোবাৰ হতুৱাই অৰ্ডাৰ কৰাব পাৰে। কণী বেঙেনাৰ বাবে কৃষকসকলে, ফ্লিপকাৰ্ট বা এমাজনত গৈ Egg Plant লিখি দিলেই ইয়াৰ বীজ আপোনাৰ মবাইলৰ স্কীনত আহি পৰিব। তাতে অৰ্ডাৰ কৰিলেই আপুনি ঘৰতে ইয়াৰ বীজ লাভ কৰিব।

লগতে পঢ়ক- 

Arohi & Bishala : বিশালা-আৰোহীৰ খেতি কৰক বিঘাত ৮-১০ টনকৈ উৎপাদন কৰক

 

English Summary: Egg Plant Farming benefit

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.