1. এগ্ৰিপেডিয়া

New Variety bitter gourd : অধিক উপাৰ্জনৰ বাবে কেৰেলাৰ এই উন্নত জাতটোৰ খেতি কৰক

PANKAJ KHANIKAR
PANKAJ KHANIKAR

কৃষকসকলে অধিক উপাৰ্জনৰ বাবে শস্যৰ উন্নত জাতৰ ওপৰত গুৰুত্ব দিবই লাগিব। শস্যৰ উন্নত জাতৰ খেতি কৰিলে কৃষকসকলে সাধাৰণ জাতৰ শস্যৰ বীজতকৈ অধিক উপাৰ্জন কৰিব পাৰিব। গতিকে কৃষকসকলে সদায় উন্নত জাতৰ বীজৰ ওপৰত গুৰুত্ব দিব লাগে। কিন্তু আমাৰ কৃষকসকলে বীজ ভাণ্ডাৰত যি জাতৰ বীজ পায় তাকে ৰোপন কৰে। ফলত প্ৰযোজন অনুসৰি সাৰ-পানী যোগান ধৰিলেও ভবাৰ ধৰণ খেতি ডৰা ভাল হৈ নুঠে।

কৃষকসকলৰ এই দিশটোৰ প্ৰতি লক্ষ্য ৰাখিয়েই আমি বিভিন্ন সময়ত শস্যৰ উন্নত জাতসমূহৰ বিষয়ে আলোচনা কৰি আহিছো আৰু কৃষকসকলক অৱগত কৰি আহিছো। যাতে আমাৰ কৃষকসকলে কৃষি কৰ্মৰে নিজক আগুৱাই লৈ যাব পাৰে। কৃষি জাগৰণ অসমৰ এই ধাৰাবাহিকতা ৰক্ষা কৰি আজি এই লেখাটোত আমি কেৰেলা্ৰ এটা উন্নত জাতৰ বিষয়ে আলোচনা কৰিম। কেৰেলাৰ এই উন্নত জাতটোৰ নাম BP-19-066।  এই জাতটোৰ কেৰেলা দীঘল প্ৰায় ১৭-১৮ ইঞ্চিমান হয়। এটা ডাঙৰ কেৰেলাৰ ওজন ১২০-১৩০ গ্ৰাম পৰ্যন্ট হয়। এই সঁচটোৰ বীজ কৃষকসকলে ক’ত পাব জানিবলৈ এই নাম্বাৰত ফোন কৰক- 8269229920।

কৃষকসকলে, এই খেতি ফেব্ৰুৱাৰী পৰা আৰম্ভ কৰি এপ্ৰিলৈকে কৰিব পাৰে। কেৰালা খেতি কৰা মাটিখিনি পানী জমা নোহোৱা হ’ব লাগে। কৃষকসকলে পুখুৰীৰ ঢাপতো এইখেতি কৰিব পাৰে। কৃষকসকলক জনাওঁ যে কেৰেলা সাধাৰণতে আমাৰ অসমত কৃষকসকলে মাটিত কৰে। কিন্তু এই জাতটোৰ কেৰেলাৰ খেতি হেণ্ডালি বা জেঙত কৰা হয়। গতিকে কৃষকসকলে পুখুৰীৰ পাৰত পুলি ৰোপন কৰি পুখুৰীৰ পানীত হেণ্ডালি দিযো ইয়াৰ খেতি কৰিব পাৰে।

আমাৰ ৰাজ্যৰ বহু বাম মাটি আছে যিবোৰত ধান ভাল নহয়। আৰু আমাৰ কৃষকসকলে এনে বাম মাটিসমূহত এই উন্নত জাতটোৰ কেৰেলাৰ খেতি কৰিব পাৰে। বৈজ্ঞানিক পদ্ধতিৰে এনেদৰে কেৰেলাৰ খেতি কৰিলে ধানতকৈ ১০ গুণ উপাৰ্জন কৰিব পাৰিব কেৰেলাৰ খেতিৰ পৰা।

লগতে পঢ়ক- 

ভালদৰে কৰিলে এবিঘা মাটিতেই উৎপাদন হ’ব ১২৫-১৩৫ কে:জি:

 

English Summary: New Variety bitter gourd farming benefit

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.