বহু দিনলৈ ৰাখি থব পৰা পাচলিৰ ভিতৰত বেঙেনা উল্লেখনীয়। উদ্ভিদবিদ্যাৰ দৃষ্টিৰে ই আলু আৰু বিলাহীৰ সৈতে একেটা জাতিৰ। প্ৰাক্ ঐতিহাসিক কালৰে পৰা পূব আৰু দক্ষিণ এছিয়াত বেঙেনাৰ খেতি কৰি অহা হৈছে। ৫৪৪ খ্ৰীষ্টাব্দত সম্পূর্ণ হোৱা চীনা কৃষি গ্রন্থ “কিমিন য়াউচ’ত লিপিবদ্ধ বেঙেনাৰ লেখাই হ’ল লিখিত ৰূপত পোৱা এই উদ্ভিদৰ প্ৰথম লিখিত তথ্য। সাধাৰণতে বেঙেনাৰ নিজস্ব স্বকীয় বৰণৰ বাবেই ‘বেঙুনীয়া’ ৰঙে অসমীয়া ৰঙৰ তালিকাত এক স্থান পাইছে। বেঙেনাত উপস্থিত এন্থচায়ানিনৰ বাবে ইয়াৰ বৰণ কাৰণ। বিশ্বৰ প্রেক্ষাপটত বেঙেনা উৎপাদনত ভাৰতৰ স্থান দ্বিতীয়। বেঙেনাত কম পৰিমাণে চর্বি, মাংসসাৰ আঁহ আৰু শর্কৰা থাকে। অৱশ্যে মানুহৰ বাবে নিতৌ প্রয়োজনীয় মাত্ৰাত মেংগানিজ থাকে। কিছুমান মানুহক বেঙেনাই এলাৰ্জী সৃষ্টি কৰাৰ তথ্যও পোৱা যায়।
বেঙেনাৰ গুৰুত্বপূর্ণ কীট-পতংগসমূহ -
১) বেঙেনাৰ আগ আৰু ফল বিন্ধোৱা পোক।
২) ফুটুকী পোক।
৩) মোৱা পোক আৰু
৪) শোহনি পোক আদি।
কীট-পতংগসমূহ নিয়ন্ত্রণৰ বাবে কৃষকসকলে তলৰ কথাখিনি মন দিয়া উচিত -
১) শস্যচক্ৰৰ অধীনত একেডৰা মাটিতে বছৰে বছৰে বেঙেনা খেতি কৰা অনুচিত। লগতে এবছৰতকৈ পুৰণি মুঢ়া বেঙেনা ৰাখিব নালাগে।
২) বেঙেনাৰ পুলি ৰোৱাৰ পূর্বে খেতিৰ মাটিডৰা ভালদৰে চহাই মাটি ওচৰে-পাজৰে থকা বনবাত নিৰাই ল’ব লাগে। এনে কৰিলে মাটিৰ তলত লেটা বান্ধি থকা আৰু বন-বাতত আশ্রয় লৈ থকা কীট-পতংগসমূহ আঁতৰি যায়।
৩) কীট-পতংগৰ আক্রমণ প্ৰতিৰোধী উচ্চ উৎপাদনক্ষম জাতসমূহৰ খেতি কৰাত গুৰুত্ব দিব লাগে।
৪) বেঙেনাৰ অনিষ্টকাৰী পতংগই আক্রমণ কৰা উদ্ভিদৰ অংশ বিশেষকৈ গছৰ আগ আৰু ফল যথাসম্ভৱ আঁতৰাই নষ্ট কৰিব লাগে। ইয়াৰ ফলত পতংগৰ বংশ বৃদ্ধি হৈ অধিক অনিষ্ট কৰাৰ সম্ভাৱনা দূৰ হয়।
৫) বেঙেনা খেতিত সঠিক পৰিমাণৰ সা-জাবৰ প্রয়োগৰ প্রয়োজন। মন কৰিব লগা যে শস্যত আৱশ্যকতকৈ অধিক মাত্ৰাত নাইট্ৰজেনযুক্ত সাৰ প্রয়োগ কৰিলে কীট-পতংগৰ বংশবৃদ্ধি হয়।
৬) ডিম্ব পৰজীৱী ‘ট্রাইক’গ্ৰামা কাইল’নিজ’ বিঘাই প্রতি ২০,০০০ কৈ ১০ দিনৰ অন্তৰালত ৩-৪ বাৰ প্রয়োগ কৰিলে বেঙেনাৰ আগ আৰু ফল বিন্ধোৱা পোকৰ আক্রমণ বহুত পৰিমাণে হ্রাস পায়।
৭) বেঙেনাৰ পাতখোৱা ফুটুকী পোকক নিয়ন্ত্রণ কৰিবলৈ বহু সময়ত ফুটছাই ব্যৱহাৰ কৰিও সুফল লাভ কৰিব পাৰি।